Logo
image

কৰ্মচাৰীয়ে সময়মতে ফাইল নেৰিলে দৰমহা কৰ্তনঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ আগষ্টঃ ‘নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব ৰাইজৰ কাম৷ পলম হ’লে চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ পৰা প্ৰতিদিনে কটা হ’ব ১০০কৈ টকা৷ একাংশ কৰ্মচাৰীয়ে চৰকাৰী সেৱাক ব্যৱসায়লৈ পৰ্যবসিত কৰিলে৷ সততা, নিয়মানুৱৰ্তিতা আৰু দক্ষতা– এই তিনি গুণেৰে সমৃদ্ধ হ’ব লাগিব চৰকাৰী কৰ্মচাৰী৷’– এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এনেদৰে বক্ৰপথেৰে বাটবুলা একাংশ চৰকাৰী কৰ্মচাৰীসকলক সকীয়নি দিয়ে৷ উল্লেখ্য, ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক পূণ্যতিথিত শ্ৰদ্ধাৰ্ঘ্য নিবেদনৰ বাবে আয়োজিত এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সন্মান জনোৱাৰ অৰ্থে অসম চৰকাৰে আগবঢ়োৱা লোক সেৱা বঁটা আৰু কৰ্মশ্ৰী বঁটাও মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে৷ অনুষ্ঠানত ১০ গৰাকী ৰাজ্যিক পৰ্যায়ৰ আৰু ৬৫ গৰাকী জিলা পৰ্যায়ৰ কৰ্মচাৰীক লোক সেৱা বঁটা আৰু বিভিন্ন ক্ষেত্ৰত দেখুওৱা উৎকৃষ্ট সেৱাৰ বাবে ৬ টা বিষয়াৰ দলক কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি  মুখ্যমন্ত্ৰীয়ে কয় যে আধুনিক অসমৰ নিমাৰ্তা, মহান মুক্তিযুদ্ধা, বিচক্ষণ ৰাজনীতিবিদ ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে জাতিটোৰ প্ৰতি আগবঢ়োৱা অপৰিসীম অৱদানক স্মৰণ কৰাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে দুটা বছৰে ৫ আগষ্টৰ দিনটোক লোক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে৷ তেওঁ কয় যে এখন আধুনিক অসমৰ বুনিয়াদ নিমাৰ্ণৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে তেখেতৰ জীৱনকালত ৰাজ্যখনলৈ অনবদ্য বৰঙণি আগবঢ়াই যায়৷ লোক সেৱাৰ মুল স্তম্ভ হৈছে চৰকাৰৰ বিষয়া, কৰ্মচাৰী বুলি উল্লেখ কৰি তেওঁ কয় যে সেইবাবে লোক কল্যাণ দিৱসত লোক সেৱা বঁটা আৰু কৰ্মশ্ৰী বঁটা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তেওঁ কয় যে আজি সমগ্ৰ ৰাজ্যখনতে ৭৫ গৰাকী কৰ্মচাৰীলৈ লোক সেৱা পুৰস্কাৰ আগবঢ়োৱা হৈছে৷ তেওঁ লগতে কয় যে ৰাজ্যৰ প্ৰতিখন জিলাতে জিলা প্ৰশাসনৰ সহযোগত লোক কল্যাণ দিৱস পালন কৰা হৈছে৷ সুন্দৰ কৰ্ম সংস্কৃতিৰে লোকসেৱাক সমৃদ্ধ কৰা ৬ টা সন্মিলিত শক্তিলৈ কৰ্মশ্ৰী বঁটা আগবঢ়োবা হৈছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই লোকসেৱা বঁটাৰ সৈতে চাকৰিৰ কাৰ্যকাল বৃদ্ধিৰ বিষয়টোও সংলগ্ন হৈ থাকে৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে আজীৱন অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবে যুঁজ দি স্বদেশপ্ৰেমৰ অতুলনীয় নিদৰ্শন দেখুৱাই গ’ল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেবিনেট মিছনৰ গ্ৰুপিং প্ৰস্তাৱৰ বিৰোধিতা কৰি, থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰি আৰু পাহাৰ-ভৈয়ামৰ বসবাস কৰা অসমীয়াৰ মাজত সম্প্ৰীতিৰ এনাজৰি শক্তিশালী কৰি বিশ্বৰ বুকুত অসমীয়া জাতিক সগৌৰৱে ঠিয় হ’বলৈ তেখেতে সাহস আৰু প্ৰেৰণা দিলে৷ তেওঁ কয় যে লোক কল্যাণ দিৱস উদ্‌যাপনে এইগৰাকী মহান জননেতাৰ জীৱন- কৰ্মৰাজী, ৰাজনৈতিক দৰ্শন আৰু তেখেতৰ নেতৃত্বত কম সময়ৰ ভিতৰতে ৰাজ্যখনে প্ৰগতিৰ দিশত যি সবল খোজ পেলাইছিল সেই বিষয়সমূহ নৱ প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ আমাক প্ৰেৰণা যোগায়৷ এই দিৱস উদ্‌যাপনে বৰদলৈ দেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ  ভাৰতবৰ্ষ তথা অসমৰ সেৱাক নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ আমাক উৎসাহ আৰু প্ৰেৰণা দিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে দেশৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰি কাললৈ নিজৰ সুখ্যাতি ৰাখি থৈ গৈছে৷  মহাত্মা গান্ধীৰ আদৰ্শেৰে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি বৰদলৈয়ে সন্মুখৰ পৰা নেতৃত্ব বহন কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেখেতে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল৷ তেওঁ কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত সদায়ে একাত্মভাৱে কাম কৰিছিল৷ তেওঁ লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিজৰ কৰ্মৰাজীৰে তেখেতে এক বৰ্ণিল ইতিহাস গঢ়ি থৈ গৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে চৈয়দ মহম্মদ ছাদুল্লা চৰকাৰৰ পতনৰ পিচত ১৯৩৮ চনৰ ২১ ছেপ্টেম্বৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ গুৰু দায়িত্ব বহন কৰিছিল৷ ছাদুল্লা চৰকাৰৰ সময়ছোৱাত মুছলিম লীগ আৰু ইউৰোপীয় বণিক গোষ্ঠীক অবাধ কৰ্তৃত্ব দেখিবলৈ পোৱা গৈছিল৷ ছাদুল্লাৰ পৃষ্ঠপোষকতা ব্ৰহ্মপুত্ৰ উপত্যকাৰ নতুন নতুন স্থানত মুছলিম লীগ সাংগঠনিক ভাৱে শক্তিশালী হৈ উঠিছিল৷ তেনে সময়তে ছাদুল্লা চৰকাৰৰ পতনৰ পাছত অসমত কংগ্ৰেছ চৰকাৰ গঠনত সক্ৰিয় ভূমিকা পালন কৰিছিল সেইসময়ৰ সৰ্বভাৰতীয় সভাপতি সুভাষ চন্দ্ৰ বসুৱে৷ ৰাজধানী শ্বিলঙত পাঁচ দিন থাকি সুভাষ বসুৱে নিজে কংগ্ৰেছ নেতৃত্বাধীন সন্মিলিত চৰকাৰৰ ৰূপৰেখা প্ৰস্তুত কৰিছিল বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰ গঠনৰ পাছত মুখ্যমন্ত্ৰী বৰদলৈয়ে পমুৱা মুছলমানসকলৰ বে-দখল আৰু অত্যাচাৰৰ পৰা স্থানীয় অধিবাসীসকলক ৰক্ষা কৰা, বহিৰাগতসকলক মাটি বন্দবস্তি দিয়াটো সীমাবদ্ধ কৰা, বেদখল কৰা গ্ৰেজিং আৰু সংৰক্ষিত বনাঞ্চলবিলাক তেওঁলোকৰ কবলৰ পৰা মুক্ত কৰা আদি জনহিতকৰ কাম কৰি থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ মহান কৰ্মযুদ্ধত নিয়োজিত হৈছিল৷ বৰদলৈয়ে লাইন ব্যৱস্থা সক্ৰিয় কৰি ৰখাৰ প্ৰস্তাৱটো বিধানসভাত গৃহীত কৰাবলৈ সক্ষম হৈছিল৷ বৰদলৈৰ এই নীতিৰ আধাৰতে পিছলৈ অসমত জনজাতীয় বেল্ট আৰু ব্লক গঠনৰ পথ মুকলি হয় বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত কংগ্ৰেছ দলে ভাৰতীয়সকলক ব্ৰটিছে প্ৰদান কৰা প্ৰাদেশিক শাসনৰ সুযোগ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল৷ এই সিদ্ধান্তৰ ভিত্তিত গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনেও পদত্যাগ কৰিবলৈ বাধ্য হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰদলৈৰ পদত্যাগে অসমৰ অপুৰণীয় ক্ষতি কৰিছিল৷ বৰদলৈৰ পদত্যাগৰ ফলত ছাদুল্লাই সুৰক্ষাৰ কবচ ভাঙি পেলাইছিল৷ তেওঁ কয় যে সুভাষ চন্দ্ৰ বসু আৰু মহাত্মা গান্ধীয়ে বৰদলৈ চৰকাৰৰ পদত্যাগ বিচৰা নাছিল৷ কেন্দ্ৰীয় কমিটীৰ সভাত অসমৰ বিষয়টো পৃথকভাৱে বিবেচনা কৰিবলৈ সুভাষ বসুৱে আহ৩ান জনাইছিল৷ মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ সিদ্ধান্তক আৰু বৰদলৈৰ পদত্যাগক ঐতিহাসিক ভুল বুলি উল্লেখ কৰিছিল বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰৰ জন কল্যাণকামী পদক্ষেপসমূহ আগুৱাই নিয়াত প্ৰশাসন ব্যৱস্থাটোত জড়িত প্ৰতিগৰাকী বিষয়া- কৰ্মচাৰী দায়িত্ব আৰু কৰ্তব্য যথেষ্ট গধুৰ৷ চৰকাৰ আৰু জনতাৰ মাজত বিষয়া আৰু কৰ্মচাৰীসকল যোগসুত্ৰকাৰী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিষয়া- কৰ্মচাৰী দায়বদ্ধ হলে যিকোনো কল্যাণকামী ৰাষ্ট্ৰত জনসাধাৰণে সহজে চৰকাৰী সেৱা লাভ কৰিবলৈ সমৰ্থ হয়৷  তেওঁ লগতে কয় যে বসুন্ধৰাকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে আগবঢ়োৱা সহযোগিতাৰ বাবে লক্ষ্য নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰাটো সম্ভৱ হৈ উঠিছে৷ আজি ৰাজ্যখনত এক যুগান্তকাৰী পৰিৱৰ্তন সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ বাহিৰত ৰাজ্যবাসীয়ে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে৷ ই অসমৰ বাবে শুভ লক্ষণ বুলিও তেওঁ কয়৷  তেওঁ কয় যে ৰাইজলৈ অধিক দ্ৰুত সেৱা আগবঢ়োৰ বাবে লোকসেৱা অধিকাৰ আয়োগ গঠন কৰা হ’ব৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে আজি প্ৰশাসনীয় সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগে যুগুত কৰা পেঞ্চন হাতপুথি এখন আনুষ্ঠানিকভাৱে মুকলি কৰে৷ আজিৰ এই অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, শ্ৰম কল্যাণ আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নৱগ্ৰহলৈ গৈ গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জ্ঞাপন কৰে৷