Logo
image

অসমত বিশাল পামখেতি ৰামদেৱৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ আগষ্টঃ সকলো বাধা, সকীয়নি আৰু প্ৰতিবাদক আওকান কৰি মঙলবাৰে তিনিচুকীয়া জিলাৰ ধলাৰ ছৈখোৱাঘাটত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু যোগগুৰু ৰামদেৱে যৌথভাৱে ৰোপণ কৰিব পাম অইলৰ পুলি৷ উল্লেখ্য যে ২০২৫-২৬ চনৰ ভিতৰত অসমত ২ লাখ হেক্টৰ ভূমিত পাম খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদে পাম খেতি কৰিবলগীয়া ভূমি ইতিমধ্যে চিনাক্ত কৰি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে৷  ইয়াৰ ভিত্তিত প্ৰথম পৰ্যায়ত দেশৰ চাৰিটা কোম্পানীয়ে অসমৰ ১৮ খন জিলাত আৰম্ভ কৰিব পাম খেতি৷ শীঘ্ৰে ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰো লক্ষ্য লৈছে ডাবল ইঞ্জিনৰ চৰকাৰে৷ বাবা ৰামদেৱৰ পতনঞ্জলি ফুডছ লিমিটেডৰ উপৰিও গডৰেজ এগ্ৰোভেট লিমিটেড, থ্ৰি এফ অইল পাম আৰু কে ই কাল্টিভেছন নামৰ কোম্পানী কেইটাই এই ১৮ খন জিলাত পাম অইলৰ খেতি কৰিব৷ ইয়াৰ বাবে ৰাজ্যখনত ৬টা মণ্ডলত ভাগ কৰা হৈছে৷ প্ৰথম মণ্ডলত ধেমাজি আৰু লখিমপুৰ, দ্বিতীয় মণ্ডলত যোৰহাট, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া, তৃতীয় মণ্ডলত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও, চতুৰ্থ মণ্ডলত কামৰূপ, কামৰূপ মহানগৰ, গোৱালপাৰা আৰু নগাঁও, পঞ্চম মণ্ডলত চিৰাং, ওদালগুৰি আৰু শোণিতপুৰ তথা ষষ্ঠ মণ্ডলত হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ জিলাক অন্তৰ্ভুক্ত কৰা হৈছে৷ ৰাজ্য চৰকাৰে প্ৰাৰম্ভিক পৰ্যায়ত এই ১৮ খন জিলাত ৪টা কোম্পানীক পাম খেতিৰ প্ৰয়োজনীয় অনুমতি প্ৰদান কৰিছে৷ মূলতঃ জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি নৰেন্দ্ৰ মোদী চৰকাৰে অসমক পাম খেতিৰ অন্যতম কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে৷ পাম খেতিৰ বাবে যথেষ্ট পৰিমাণৰ বৰষুণ৷ ঠাণ্ডা বতৰ, খৰাং পৰিৱেশ নথকাটো অতি প্ৰয়োজন৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ৯০:১০ হাৰত সাহায্য প্ৰদান কৰিব৷ লক্ষ্যণীয়ভাৱে ২০২৫-২৬ বৰ্ষৰ ভিতৰত সমগ্ৰ দেশতে ৬.৫ লাখ হেক্টৰ ভূমিত পাম খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ ৩.২৮ লাখ হেক্টৰ উত্তৰ-পূৰ্বাঞ্চলত আৰু দেশৰ অন্য ৰাজ্যত ৩.২২ লাখ হেক্টৰ পাম খেতি কৰা হ’ব৷ উল্লেখ্য যে যোগগুৰু বাবা ৰামদেৱক ৰাজ্যৰ ৭ খন জিলা গতাই দিয়া হৈছে পাম অইলৰ খেতি কৰিবলৈ৷ ইয়াৰে ভিতৰত জৈব-বৈচিত্ৰতাৰে ভৰপূৰ ডিব্ৰু ছৈখোৱা অন্যতম৷ যি চাৰিটা কোম্পানীয়ে প্ৰথম পৰ্যায়ত অসমত পাম অইল খেতিৰ অনুমতি লাভ কৰিছে সেই কোম্পানী কেইটাই অসমত খেতি কৰাৰ উপৰিও ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ধৰনৰ কাৰিকৰী দিশ  চোৱাচিতা কৰিব, পাম গছৰ পুলি ৰোপণ কৰিব, গছসমূহ চোৱাচিতা কৰিব, পাম গুটি সংগ্ৰহ কৰিব আৰু অসমতে এই গুটিৰ পৰা খোৱা তেল উৎপাদন কৰিব বুলি ইতিমধ্যে চৰকাৰৰ সৈতে চুক্তিবদ্ধ হৈছে৷ ইয়াৰ বাবে কোম্পানীকেইটা অসমতে তেল প্ৰস্তুতৰ উদ্যোগ স্থাপন কৰিব লাগিব৷ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পাম অইল খেতিক লৈ যথেষ্ট তৎপৰ আৰু উৎসাহিত হৈ থকাৰ বিপৰীতে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত পাম অইল খেতিৰ বিধবংসী ৰূপ আৰু ইয়াৰ ভয়াৱহ কুফল দেখিবলৈ পোৱা গৈছে৷ শ্ৰীলংকা, ইণ্ডোনেছিয়া আদি দেশত পাম খেতি সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে৷ জৈববৈচিত্ৰতাৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰা পাম অইল খেতিয়ে মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি কৰে৷ কিন্তু ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰে অসমক ‘পাম অইল হাব’ হিচাপে গঢ়ি তুলিব বিচাৰিছে ৰাজ্যখনৰ অনুকুল জলবায়ুৰ বাবে৷ চৰকাৰে পাম তেলৰ দ্বাৰা ১১ হাজাৰ ৪০ কোটি টকাৰ ব্যৱসায় কৰাৰ লক্ষ্য লৈছে৷ সৰ্বনাশী এজোপা পাম গছে দৈনিক তিনিশ লিটাৰ পৰ্যন্ত ভূ-গৰ্ভস্থ পানী শোষণ কৰাৰ লগতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে৷ দেশৰ ১১৭ গৰাকী বিশিষ্ট বিজ্ঞানীয়ে পাম অইল খেতিৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ পাম গছবোৰে কাষৰ মাটিৰ পৰা খনিজাত পদাৰ্থ আৰু সকলো ধৰণৰ পুষ্টিকৰ খাদ্য শোষণ কৰে৷ ফলত কাষৰ অন্যান্য সকলো উদ্ভিদৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হয়৷ যিহেতু মধ্য ভাৰতৰ ৰাজ্যসমূহত পানীৰ অভাব সেয়ে কেন্দ্ৰীয় চৰকাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লগতে আন্দামানত এই খেতি কৰাৰ সিদ্ধান্ত লৈছে৷ পৰিৱেশ আৰু পাৰিপাশ্বিকতা বিপন্ন কৰি তোলাৰ উপৰিও এই খেতিৰ ফলত মাটিৰ উৰ্বৰা শক্তি নাইকীয়া হয়৷ অসমৰ পৰিৱেশ পাম অইল খেতিয়ে ধবংস কৰাৰ আশংকা প্ৰবল হৈ পৰিছে৷ ২০২২ বৰ্ষত অসম চৰকাৰ আৰু বাবা ৰামদেৱৰ মালিকানাধীন পতনঞ্জলিৰ মাজত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি তিনিচুকীয়া, যোৰহাট, গোলাঘাট, নগাঁও, কামৰূপ, গোৱালপাৰা আদি জিলাত পাম অইলৰ খেতি কৰিব পতনঞ্জলিয়ে৷ অসমৰ উপৰিও মিজোৰাম, অৰুণাচল আৰু ত্ৰিপুৰাতো পাম অইলৰ খেতি কৰিব বাবা ৰামদেৱে৷

ধলাত ৰামদেৱৰ খেতি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ ১৭খন জিলাত পাম অইল খেতিৰ বাবে অনুমোদন জনোৱাৰ পাছতে মঙলবাৰে তিনিচুকীয়াত শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বাবা ৰামদেৱৰ উপস্থিতিত তিনিচুকীয়া ধলাৰ ৫০বিঘা ভূমিত পাম অইলৰ খেতি শুভাৰম্ভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে৷ মঙলবাৰে পুৱা ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বাবা ৰামদেৱ৷ বাবা ৰামদেৱে প্ৰায় ৰঘণ্টা ধৰি বিমানবন্দৰত বিশ্ৰাম লৈ মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বিশেষ হেলিকপ্টাৰেৰে ৰাওনা হ’ব তিনিচুকীয়াৰ ধলালৈ৷ উল্লেখ্য, ধলা-শদিয়া দলঙৰ জিৰো পইণ্টৰ লাউপানী গাঁৱত হ’ব পাম অইলৰ খেতি৷ প্ৰথম পৰ্যায়ত দুবিঘা খেতিৰে শুভাৰম্ভ কৰিবলগীয়া এই খেতি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে প্ৰায় ৫০বিঘা ভূমি পাম অইলৰ খেতিৰ পৰিকল্পনা গ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে৷ ইফালে জীৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি নামি আহিব পৰা এই পাম অইল খেতিক বিৰোধিতা কৰিছে ধলাৰ স্থানীয় লোকসকলে৷ জানিব পৰা মতে, বাবা ৰামদেৱৰ তত্ত্বাৱধানতে পৰিচালিত পাম অইলৰ খেতি৷ মঙলবাৰে উদ্বোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব৷