Logo
image

প্ৰতিজন ৰেচন কাৰ্ডধাৰীক ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা

‘আমাৰ অসম’ৰ বোকাখাতৰ প্ৰতিবেদক, ৮ আগষ্টঃ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেছম বিভাগৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত কালি বোকাখাতৰ বৰজুৰিত ‘নৱম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদ্‌যাপন কৰাৰ লগতে সংহত হস্ততাঁত উদ্যান, কাজিৰঙাৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব   শৰ্মাই৷ বোকাখাত ৰাজহুৱা খেল পথাৰত অৱতৰণ কৰি প্ৰথমে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা বোকাখাত পৰিদৰ্শন ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে বোকাখাতৰ সংহত ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ত সম্পূৰ্ণ হোৱা নিৰ্মাণকাৰ্যৰো শুভ উদ্বোধন কৰে৷ এই সংহত ক্ৰীড়া প্ৰকল্পটোৱে অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ ক্ৰীড়া প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্যত প্ৰায় ১০ কোটি টকা ব্যয় কৰা হৈছে বুলি উল্লেখ কৰি পুনৰ ক্ৰীড়া প্ৰকল্পটোৰ বাবে ৪০ কোটি টকা আৱণ্টন দিয়াৰ কথা ঘোষণা কৰে তেওঁ৷ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত তথা সচিব ৰাজ চক্ৰৱৰ্তী, আয়ুক্ত তথা বিশেষ সচিব চন্দন শৰ্মা আদি উপস্থিত থাকে৷ ইয়াৰ পাছত পোনে পোনে বোকাখাতৰ বৰজুৰিত ‘সংহত হস্ততাঁত উদ্যান, কাজিৰঙা’ৰ চৌহদত আয়োজিত ৰাজহুৱা সভাত বোকাখাতৰ কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়– অসমত ১০০ কোটি টকাৰ গামোচা উৎপাদন কৰা হ’ব৷ অসমৰ একমাত্ৰ সৰ্বভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীলৈ ১০ লাখ টকা আগবঢ়োৱাৰ কথাও তেওঁ ঘোষণা কৰে৷ ইতিমধ্যে ১০ কোটি টকাৰে নিৰ্মিত বোকাখাত ষ্টেডিয়াম সম্পূৰ্ণ কৰিবলৈ পুনৰ ৪০ কোটি টকা অনুদান দিয়াৰ কথা  উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ কাজিৰঙাৰ ৩২ কিলোমিটাৰ এলিভেটেড কৰিড’ৰৰ কাম অচিৰেই আৰম্ভ হ’ব বুলি সদৰি কৰি ৪০০ কোটি টকা ব্যয়েৰে কমাৰগাঁও-গহপুৰ সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথৰ ডি পি আৰ সম্পূৰ্ণ হৈছে বুলি কৈ অচিৰেই নিবিদা আহ্বান কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড৷ ৰেচনকাৰ্ড থকা পৰিয়ালৰ সদস্যই ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিব বুলিও কয়৷ ইতিপূৰ্বে ২১ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ২ অক্টোবৰত আৰু ৭ লাখ মহিলাই অৰুণোদয় লাভ কৰিব বুলি ঘোষণা কৰে৷ ২০২৪ চনত আন ৮ লাখ মহিলায়ো এই সুবিধা লাভ কৰিব৷ মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যই একাউণ্টত জমা পাব ১০ হাজাৰকৈ টকা৷ অচিৰেই বিজ্ঞাপন প্ৰকাশ পাব ২২ হাজাৰ চাকৰি৷ ব্যৱসায়ৰ বাবে শিক্ষিত নিবনুৱা যুৱক- যুৱতীয়ে ২ লাখকৈ টকা লাভ কৰিব বুলি  উল্লেখ কৰি শিক্ষা ক্ষেত্ৰলৈ আমুল পৰিৱৰ্তন আনিবৰ বাবে প্ৰতিখন হাইস্কুলক ৫ কোটিকৈ টকাকৈ অনুদান দিয়া হ’ব বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত বিদ্যালয়লৈ যাতে ছাত্ৰ- ছাত্ৰী নাযায়, তাৰ বাবে এই ধনেৰে প্ৰতিখন বিদ্যালয় সজাই তুলিব লাগিব বুলি কয়৷ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰক আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীত কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি নুমলীগড়, দেওপাহাৰ, কাকগোসাঁনী থান, বাবা থান, লখৌগড় আদিয়ে বোকাখাতৰ গৌৰৱময় ঐতিহ্যক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ তদুপৰি এই মহকুমাত পৰ্যটনৰ যথেষ্ট থল আছে বুলি  উল্লেখ কৰি কয় যে এখন জিলাত এটা উৎপাদন পৰিকল্পনাৰ অধীনত গোলাঘাট জিলাত জৈৱিক চাহ উৎপাদনৰ জিলা হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লোৱা হৈছে৷ ইপিনে মুখ্যমন্ত্ৰীয়ে আজি বোকাখাত ভ্ৰমণকালতে গেলেকীত প্ৰস্তাৱিত হেলিপোৰ্টৰ নিৰ্মাণস্থলীও পৰিদৰ্শন কৰে৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ ৰোধৰ সুবিধাৰ্থে ভ্ৰাম্যমাণ পহৰাৰ কামত ব্যৱহাৰৰ বাবে গাৰ্গো টয়েটাই এখন বাহন মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি উদ্যান কতৃৰ্পক্ষক অৰ্পণ কৰে৷ পোহনীয়া আৰু বন্যজন্তুৰ অত্যাধুনিক চিকিৎসাৰ বাবে ৯ কোটি টকা ব্যয় সাপেক্ষে বোকাখাতত এখন চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে মূলতঃ আজি বুটাম টিপি শুভাৰম্ভ কৰে সংহত হস্ততাঁত বস্ত্ৰ শিল্প উদ্যানৰ আধাৰশিলা৷ ৫৬ কোটি টকা ব্যয় সাপেক্ষে বোকাখাতৰ পানবাৰী কৃষিপাম নিগমৰ ২৫ বিঘা মাটিত এই উদ্যান নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে তেওঁ৷ ইফালে গোলাঘাট জিলাৰ বোকাখাত পানবাৰী অঞ্চলত নৱম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ উদযাপনস্থলীত মুখ্যমন্ত্ৰীয়ে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০১ ৰাজ্যিক উদ্বোধন কৰে৷ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বৰজুৰি স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত পানবাৰী অঞ্চলৰ টানিষ কৰ্মকাৰ নামৰ এটি ১৮ মহীয়া শিশুক পলিঅ’ খুৱাই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে৷ মিছন ইন্দ্ৰধনুষ ৫.০ অন্তৰ্গত তিনিটা পৰ্যায়ত টিকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ প্ৰথম পৰ্যায়ত গোলাঘাট জিলাত ০-১ বছৰ বয়সৰ ৬৯১টা শিশু, ১-২ বছৰ বয়সৰ ১৩০৪ টা শিশু, ২-৫ বছৰ বয়সৰ ৯৪০টা আৰু ৬৬৫ গৰ্ভৱতী মহিলা অন্তৰ্ভুক্ত হ’ব৷ জিলাখনত মুঠ ২৬১টা টিকাকৰণ চাইটৰ নক্সা তৈয়াৰ কৰা হৈছে আৰু ২৫টা ভ্ৰাম্যমাণ টিকাকৰণ গোট গঠন কৰা হৈছে৷ মিছন ইন্দ্ৰধনুষ ৫.০ সম্পূৰ্ণ টিকাকৰণ অভিযানৰ জৰিয়তে শিশুসকলৰ আধৰুৱা টিকাকৰণ সম্পূৰ্ণ কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে৷ ৫ বছৰ বয়স পৰ্যন্ত প্ৰতিটো শিশুৰ টিকাকৰণ আৰু গৰ্ভৱতী মহিলাৰ টিকাকৰণ সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ আঁচনি৷ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য বিভাগৰ সঞ্চালক কমলজিৎ তালুকদাৰ, জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সবিতা দাস, জ্যেষ্ঠ চিকিৎসা বিষয়া ৰফিকুল হোছেইন, অতিৰিক্ত জিলা উপায়ুক্ত চৈয়দ ৱাচবীৰ সুভানী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, গোলাঘাট, ডা: অনুৰাধা বৰুৱা, অতিৰিক্ত মুখ্য চিকিৎসক আৰু স্বাস্থ্য বিষয়া ডাঃ জেছমিন বেগম, জিলা প্ৰতিষেধক বিষয়া ডাঃ কবিতা উজিৰ, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া  অজিৎ কাকতিকে আদি কৰি এনএইছ এমৰ জিলা আৰু ব্লকৰ বিষয়া-কৰ্মচাৰী, আশাকৰ্মী আদি উপস্থিত থাকে৷ বৰজুৰিত অনুষ্ঠিত ৰাজহুৱা সভাৰ আদৰণি ভাষণ আগবঢ়াই হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেছম বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই৷ সভাত সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্ম, মন্ত্ৰী অতুল বৰাই বক্তব্য আগবঢ়ায়৷ সভাত স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিত্তমন্ত্ৰী অজন্তা তালুকদাৰ, কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন, ভৱেন ভৰালী উপস্থিত থাকে৷ ইফালে মুখ্যমন্ত্ৰী শৰ্মাই কাজিৰঙাৰ সমীপত প্ৰস্তাৱিত প্ৰাকৃতিক সংগ্ৰহালয় আৰু একুৱাৰিয়াম প্ৰকল্পৰো বুজ লয়৷ এই প্ৰকল্পত সংগ্ৰহালয় আৰু একুৱাৰিয়ামৰ উপৰি অতিথিশালা, মুকলি মঞ্চ [এমপি থিয়েটাৰ] আৰু পঁজাঘৰ আদিকে ধৰি বিভিন্ন সুবিধা সংলগ্ন হৈ থাকিব৷ কাজিৰঙা দৰ্শনৰ বাবে অহা পৰ্যটকৰ বাবেও এই প্ৰকল্প আকৰ্ষণস্থলী হিচাপে বিবেচিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে৷