Logo
image

‘ইণ্ডিয়া’ত স্থান নাই আজমলৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ আগষ্টঃ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফক কোনো কাৰণতে ‘ইণ্ডিয়া’ৰ অংশীদাৰ কৰা নহ’ব৷ আজমলে বিজেপিৰ এজেণ্টৰ দৰে কাম কৰিছে৷ সেয়ে এআইইউডিএফৰ লগত ‘ইণ্ডিয়া’ই কোনো ধৰণৰ মহাজোঁট নকৰে৷ এই স্পষ্ট ঘোষণা এআইচিচিৰ সাধাৰণ সম্পাদক তথা   অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ৷ উল্লেখ্য, কংগ্ৰেছ হাইকমাণ্ডে ইতিমধ্যে অসমত আজমলৰে কোনো কাৰণতে মিত্ৰতা নহয় বুলি ঘোষণা কৰি থৈছে৷ এই ঘোষণা পুনৰবাৰ দোহাৰি জিতেন্দ্ৰ সিঙে কয়– আজমলে ‘ইণ্ডিয়া’ৰ লগত সংযুক্ত হোৱাৰ কথাটো সপোনতে ভাবি থাকক৷ আজমলবাহিনীয়ে প্ৰয়োজন হ’লে বিজেপিৰ লগত চামিল হওক৷ আজমল জ্যেষ্ঠ নেতা যদিও বিৰোধী ঐক্যত তেওঁৰ কোনো প্ৰয়োজন নাই৷ ইয়াৰ বিপৰীতে অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ লগত ইতিমধ্যে কংগ্ৰেছে বিৰোধী ঐক্য গঠন কৰিছে৷ কংগ্ৰেছে ৰাজ্যৰ আন বিৰোধী দলসমূহৰ লগতো একত্ৰিতভাৱে কাম কৰিব৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসমৰ ১২টা বিৰোধী দলৰে গঠন কৰা বিৰোধী ঐক্যমঞ্চক লৈয়ে ‘ইণ্ডিয়া’ৰ কাম-কাজ পৰিচালনা কৰিব৷ অজিত কুমাৰ ভূঞা, অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ আঞ্চলিক দলকেইটাক ‘ইণ্ডিয়া’ত অংশীদাৰ কৰা হ’ব৷ কিন্তু আজমল বা তেওঁৰ দল কোনো কাৰণতে ‘ইণ্ডিয়া’ বা বিৰোধী ঐক্যমঞ্চত নাথাকিব৷’ লক্ষণীয়ভাৱে কংগ্ৰেছৰ দ্বাৰা প্ৰত্যাশিত হোৱাৰ পাছতে আজমলবাহিনী ‘ইণ্ডিয়া’ত অন্তৰ্ভুক্ত হোৱাৰ আৰ্জিৰে নীতিশ কুমাৰ, শাৰদ পাৱাৰ আদিৰ দৰে নেতাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল যদিও এইপৰ্যন্ত ‘ইণ্ডিয়া’ৰ কোনো এখন বৈঠকলৈয়ে আজমলক আমন্ত্ৰণ জনোৱা নহ’ল৷ কংগ্ৰেছৰে পোনপটীয়াকৈ মিত্ৰতা নহ’লেও পিছদুৱাৰেদি ‘ইণ্ডিয়া’ত সোমাই অসমত কংগ্ৰেছৰ ওপৰত হেঁচা সৃষ্টিৰ কৌশল ৰচনা কৰিছিল আজমলে৷ কিন্তু তেওঁৰ এই কৌশল আৰম্ভণিতে ব্যৰ্থ হয়৷ যাৰ ফলত আজিৰ তাৰিখত অসমৰ ৰাজনীতিত অকলশৰীয়া হৈ পৰিছে আজমল আৰু তেওঁৰ দল৷ এফালে বিৰোধী ঐক্যত প্ৰৱেশ নিষিদ্ধ আৰু ভোটৰ অংকৰ বাবে মুকলিভাৱে বিজেপিৰ কাষচাপিব নোৱাৰে আজমল৷ তাতে সন্মুখত লোকসভাৰ নিৰ্বাচন৷ যাৰ ফলত অধিক বিপদত পৰিছে সংগীহীন আজমল আৰু এআইইউডিএফ দল৷ সততে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বন্দনাত মুকৰিত হৈ থকা আজমল পৰিয়াল লোকসভাৰ আগন্তুক নিৰ্বাচনত যে তীব্ৰ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া নিশ্চিত হৈ পৰিছে৷