Logo
image

দিল্লী বিধেয়ক গৃহীত কেজৰিৱাল প্ৰায় ক্ষমতাহীন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ আগষ্টঃ ১৩১-১০২ ভোটৰ ব্যৱধানত দিল্লীৰ আমোলা নিয়োগ আৰু বদলি সংক্ৰান্তীয় ‘ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী [সংশোধনী] বিধেয়ক-২০২৩’ ৰাজ্যসভাত গৃহীত হৈছে৷ দিনৰ ২ বজাৰ পৰা হোৱা বিতৰ্কৰ অন্তত নিশা ৯ বজাৰ পাছত বিধেয়কখন গৃহীত কৰিবলৈ ৰাজ্যসভাৰ সাংসদৰ মাজত ভোটগ্ৰহণ কৰা হয়৷ ভোটত চৰকাৰী পক্ষই ১৩১টা ভোট বিধেয়কখনৰ সপক্ষে লাভ কৰে আৰু বিপক্ষে ভোট দিয়ে ১০২জন সাংসদে৷ যোৱা সপ্তাহত বিধেয়কখন লোকসভাত বিৰোধী দলে সদন ত্যাগ কৰাৰ পাছত গৃহীত হৈছিল৷ সোমবাৰে ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হোৱাত অৰবিন্দ কেজৰিৱাল প্ৰায় ক্ষমতাহীন হৈ পৰিল৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীৰ আমোলা নিয়োগ আৰু বদলি সংক্ৰান্তীয় ‘ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী[সংশোধনী] বিধেয়ক, ২০২৩ ৰাজ্যসভাত বিয়লি ২ বজাত উত্থাপন কৰে৷ উল্লেখ্য, আঢ়ৈ মাহ পূৰ্বেই নৰেন্দ্ৰ মোদী চৰকাৰে উচ্ছতম ন্যায়ালয় নিৰ্দেশ গণ্য নকৰাকৈ দিল্লীৰ প্ৰশাসনিক ক্ষমতা হাতত ৰখাৰ অভিপ্ৰায়েৰে যি অধ্যাদেশ জাৰি কৰিছিল, সেই অধ্যাদেশক সম্পূৰ্ণ আইনত পৰিণত কৰাৰ বাবেই ‘দিল্লী সেৱা বিধেয়ক’ সদনত উত্থাপন কৰিছিল, যি আছিল মোদী চৰকাৰৰ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অস্ত্ৰ৷ লোকসভাত এই বিধেয়ক প্ৰায় বিনাযুদ্ধে গৃহীত কৰাইছিল মোদী চৰকাৰে শাসকীয় পক্ষৰ সাংসদৰ সংখ্যাৰ জোৰত৷ ৰাজ্যসভাত বিৰোধী পক্ষই বিনাযুদ্ধে ভূমি এৰিবলৈ অনিচ্ছুক আছিল৷ কিন্তু বিজেপিৰ শীৰ্ষনেতৃত্বই বিজু পট্টনায়কৰ বিজেডি আৰু অন্ধ্ৰপ্ৰদেশৰ জগনমোহন ৰেড্ডীৰ ৱাইএছআৰ কংগ্ৰেছৰ সমৰ্থন আদায় কৰি পাৰ্থক্য গঢ়ি তোলে৷ কিয়নো এই দুয়োটা দলৰ প্ৰত্যেকৰে ৯জনকৈ সাংসদৰ মুঠতে ১৮জন সাংসদৰ সমৰ্থন লাভ কৰে শাসক পক্ষই৷ ৰাজ্যসভাত মুঠ সাংসদৰ সংখ্যা সম্প্ৰতি ২৩৭ জন৷ বিধেয়কখন গৃহীত কৰাৰ বাবে শাসক পক্ষক ১১৯জন সাংসদৰ প্ৰয়োজন আছিল৷ অথবা বিজেপি আৰু তেওঁলোকৰ সহযোগী দলৰ সাংসদৰ সংখ্যা আছিল মাত্ৰ ১০৭ জন৷ কিন্তু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ফোনত সেও মানি নবীন পট্টনায়ক আৰু জগনমোহন ৰেড্ডীয়ে দিল্লী সেৱা বিধেয়কৰ ক্ষেত্ৰত চৰকাৰক সমৰ্থন কৰিব বুলি অংগীকাৰ কৰাত পৰিস্থিতি সলনি হয়৷ বিতৰ্কৰ সময়ত এতিয়াৰ ৰাজ্যসভাৰ সদস্য তথা পূৰ্বৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই বিধেয়কখন উত্থাপন কৰাত ভুল নথকা বুলি কয়৷ ৰঞ্জন গগৈৰ মতে এই বিষয়টো আদালতৰ বিচাৰাধীন নহয়৷ কিয়নো উচ্ছতম ন্যায়ালয়ে অধ্যাদেশখনৰ বৈধতা বিচাৰ কৰি আছে, আনহাতে ৰাজ্যসভাত দিল্লী সেৱা বিধেয়কৰ সন্দৰ্ভত বিতৰ্ক-আলোচনা হৈছে৷ 

প্ৰসংগতঃ যোৱা ১১ মে’ত উচ্ছতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশত কৈছিল যে, দিল্লীৰ আমোলাৰ ৰদবদল আৰু নিয়োগৰ ক্ষেত্ৰত প্ৰশাসনীয় সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে দিল্লীৰ নিৰ্বাচিত চৰকাৰৰ৷ কিন্তু হঠাৎ ১৯ মে’ৰ নিশা মোদী চৰকাৰে ১০  পৃষ্ঠাৰ গেজেট বিজ্ঞপ্তি প্ৰকাশ কৰি এখন অধ্যাদেশ জাৰি কৰে৷ তাত কোৱা হয়, ৰাষ্ট্ৰীয় ৰাজধানী চিভিল ছাৰ্ভিচেজ গঠন কৰা হৈছে আৰু আমোলা সংক্ৰান্তীয় সিদ্ধান্ত তেওঁলোকেই ল’ব৷ দিল্লীৰ মুখ্যমন্ত্ৰী ইয়াৰ অধ্যক্ষ হ’ব আৰু মুখ্যসচিব তথা প্ৰধান গৃহসচিব সদস্য হ’ব৷ তেওঁলোকৰ মতৰ অমিল হ’লে দিল্লীৰ উপ ৰাজ্যপালে ভোটদান কৰি সিদ্ধান্ত চূড়ান্ত কৰিব৷ কোৱা বাহুল্য মাথোঁ, মুখ্যসচিব, প্ৰধান গৃহসচিব আৰু ৰাজ্যপালক নিযুক্তি দিছে মোদী চৰকাৰে৷ ফলত আমোলাকেন্দ্ৰিক ক্ষমতা থাকি গ’ল মোদী চৰকাৰৰ হাতত৷