Logo
image

কলিয়াবৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে কলিয়াবৰত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে জীৱন দায়িনী ঔষধকে ধৰি পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ 

কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ নেতৃত্বত দুই শতাতিক লোকে ৰাজপথেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ' বেক ধ্বনিৰে উত্তাল কৰি তোলে। আন একাংশই হাতত লেম্প আৰু কান্ধত ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ মটৰ চাইকেল ঠেলি প্ৰতিবাদী সমদলত অংশ লয়। উল্লেখ্য যে কুৱঁৰীটোলৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ২ কিলোমিটাৰ পথ পদযাত্ৰা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে।