Logo
image

কাজিৰঙাত আকৌ গঁড়ৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ উদ্ধাৰ হৈছে গড়ঁৰ মৃতদেহ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনত মিহিমুখ খণ্ড বন কাৰ্যালয়ৰ শলমৰা টঙি এলেকাত মৰি ডিফলুৰ পাৰত সোমবাৰে এজনী প্ৰাপ্তবয়স্ক মাইকী মৃত গঁড় কৰ্তব্যৰত বনকৰ্মীয়ে উদ্ধাৰ কৰি বনাঞ্চলিক বিষয়াক অবগত কৰে। ইয়াৰ পিছতে বনাঞ্চলিক বিষয়াই পশু চিকিৎসকৰ দ্বাৰা গড়ঁজনীৰ মৰণোত্তৰ পৰীক্ষা কৰায়। উল্লেখ্য যে কোনো দুষ্কৃতিকাৰীয়ে মৃত গঁড়ৰ খড়্গটো নিয়াৰ পূৰ্বেই বন বিভাগৰ লোকে খড়্গটো সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বন বিষয়া বিভূতি ৰঞ্জন গগৈয়ে জানিবলৈ দিয়া মতে গড়ঁৰজনীৰ মৃত্যুৰ কাৰণ স্বাভাৱিক। উল্লেখ্য যে চলিত বৰ্ষত এনেদৰে স্বাভাৱিক কাৰণত ৰাষ্ট্ৰীয় উদ্যানখনত কেইবাটাও গড়ঁৰ মৃত্যু হৈছে৷