Logo
image

‘কা’ৰ বিধি প্ৰণয়নৰ বাবে অষ্টমবাৰলৈ সময় বিচাৰিলে মোদী চৰকাৰে

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৯ আগষ্টঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে পুনৰ প্ৰাসংগিক কৰি তুলিব বিচাৰিছে জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনখনক৷ আইনখনৰ বিধিনিয়ম প্ৰস্তুত কৰাৰ বাবে পুনৰ তিনিমাহৰ সময় বিচৰা হৈছে৷ সংসদৰ অনুমোদন লাভ কৰাৰ প্ৰায় চাৰিবছৰ পাৰ হৈ যোৱাৰ পাছত অধীনস্থ আইন সংক্ৰান্ত সংসদীয় কমিটীৰ [পাৰ্লিয়ামেণ্ট কমিটী অন চাব’ৰ্ডিনেট লেজিচলেচন] ওচৰত অষ্টমবাৰৰ বাবে গৃহ বিভাগে আইনখনৰ বিধিনিয়ম প্ৰস্তুত কৰিবলৈ সময়সীমা বৃদ্ধিৰ আবেদন জনাইছে৷  লক্ষ্যণীয়ভাৱে ইমানদিনে কেন্দ্ৰীয় গৃহ বিভাগে ছমাহকৈ সময়সীমা বৃদ্ধি কৰাৰ বাবে আবেদন জনাই আহিছিল যদিও এইবাৰ বিভাগটোৱে অধীনস্থ আইন সংক্ৰান্ত সংসদীয় কমিটীৰ ওচৰত তিনিমাহৰ বাবেহে আবেদন জনাইছে৷ যিটো অতি লক্ষ্যণীয় বিষয় হৈ পৰিছে৷ উল্লেখ্য, সংসদীয় কাম-কাজৰ নীতি-নিয়ম অনুসৰি সংসদত এখন আইন অনুমোদন লাভ কৰাৰ পাছত ছমাহৰ ভিতৰত আইনৰ বিধিনিয়ম প্ৰস্তুত কৰিব নোৱাৰিলে সংশ্লিষ্ট মন্ত্ৰণালয়ক অধীনস্থ আইন সংক্ৰান্ত সংসদীয় কমিটীৰ ওচৰত উপযুক্ত কাৰণ দৰ্শাই সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনাব লাগে৷ মন কৰিবলগীয়া যে চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে সপ্তমবাৰৰ বাবে বৃদ্ধি কৰা সময়সীমাৰ ম্যাদ উকলি যোৱাৰ পাছত জুলাই মাহৰ পৰা তিনিমাহৰ বাবে অৰ্থাৎ ৩০ছেপ্টেম্বৰলৈকে নাগৰিকত্ব সংশোধনী আইনৰ বিধিনিয়ম প্ৰস্তুত কৰাৰ বাবে সময়সীমা বিচৰা হৈছে৷ উল্লেখ্য, ২০১৪চনৰ ডিচেম্বৰ মাহলৈকে কোনো বৈধ নথি-পত্ৰ অবিহনে ভাৰতলৈ অহা চুবৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ অ-মুছলমান মূলত হিন্দু, শিখ, পাৰ্চি, খ্ৰীষ্টান, বৌদ্ধ আৰু জৈনসকলক পোনপটিয়াকৈ নাগৰিকত্ব প্ৰদানৰ বাবে ২০১৯চনৰ ১১ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনখন সংসদৰ অনুমোদন লাভ কৰিছিল তথা পিছদিনা অৰ্থাৎ ১২ডিচেম্বৰত আইনখন দেশৰ ৰাষ্ট্ৰপতিৰো অনুমোদন লাভ কৰিছিল৷ ইয়াৰ পাছত ২০২০চনৰ ১০জানুৱাৰীত আইনখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজপত্ৰিত অধিসূচনাৰ জৰিয়তে সমগ্ৰ দেশত বলবৎ কৰিছিল যদিও পৰৱৰ্তী সময়ত আইনখনৰ অধিনিয়ম প্ৰস্তুত নকৰা হেতু নাগৰিকত্ব সংশোধনী আইনখন কাৰ্যতঃ কাগজৰ পাততে সীমাবদ্ধ হৈ থাকিল৷ লক্ষ্যণীয়ভাৱে যোৱা প্ৰায় চাৰিবছৰ ধৰি কেন্দ্ৰীয় গৃহ বিভাগে ক’ভিড অতিমাৰীৰ দোহাই দি আইনখনৰ অধিনিয়ম প্ৰস্তুত কৰাৰ পৰা আঁতৰি আছিল৷ যোৱা বছৰ আগষ্ট আৰু নৱেম্বৰ মাহত দুবাৰকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ খোদ ক’ভিড অতিমাৰীৰ বাবে নিয়ম প্ৰস্তুত কৰাত বিলম্ব হৈ থকাৰ কথা অৱগত কৰিছিল তথা দেশজুৰি ক’ভিড টিকাকৰণ অভিযান সমাপ্ত হোৱা মাত্ৰই নিয়মাৱলী প্ৰস্তুত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ এতিয়া ২০২৪চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰে জাতিধবংসী আইনখনৰ বিধিনিয়ম প্ৰস্তুত কৰি নাগৰিকত্ব সংশোধনী আইনখন কাৰ্যকৰী কৰে নে নকৰে সেয়া লক্ষ্যণীয় হ’ব৷