Logo
image

মৌন মোদী, মুখৰ গৌৰৱ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ আগষ্টঃ অসমৰ কলিয়াবৰৰ সাংসদ তথা কংগ্ৰেছৰ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়ে মঙলবাৰে লোকসভাত বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ হৈ অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ সূচনা কৰি শাসক দলক মূলতঃ তিনিটা প্ৰশ্ন কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে মৌনব্ৰত ৰখাৰ বাবেই বিৰোধী ‘ইণ্ডিয়া’ই চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিবলৈ  বাধ্য হ’ল, যি এতিয়াও মণিপুৰৰ পৰিস্থিতিক লৈ সদনত মুখ খোলা নাই৷ গৌৰৱ গগৈয়ে কয়– তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি তিনিটা প্ৰশ্ন আছে– ১] তেওঁ আজিলৈকে মণিপুৰলৈ কিয় যোৱা নাই? ২] প্ৰায় ৮০ দিন ধৰি তেওঁ কিয় মণিপুৰৰ জ্বলন্ত পৰিস্থিতিক লৈ মাত মতা নাছিল আৰু যিদিনা সদনৰ বাহিৰত তেওঁ মণিপুৰৰ নাম উল্লেখ কৰিছিল, সেইদিনা কিয় ৩০ ছেকেণ্ডহে অগ্নিগৰ্ভ ৰাজ্যখনৰ বিষয়ে কৈছিল? ৩] মণিপুৰৰ মুখ্যমন্ত্ৰীক তেওঁ এতিয়াও অপসাৰণ কিয় কৰা নাই? এই তিনিটা প্ৰশ্ন উত্থাপন কৰা গৌৰৱ গগৈয়ে চৰকাৰী পক্ষক আক্ৰমণ কৰি কয়– ‘মণিপুৰে ন্যায় বিচাৰিছে৷ মাৰ্টিন লুথাৰ কিঙে কৈছিল– ন্যায় থকা সকলোতে অন্যায় হৈছে এক ভাবুকি৷ যদি মণিপুৰ জ্বলিছে তেন্তে সমগ্ৰ ভাৰত জ্বলিছে৷ যদি মণিপুৰ খণ্ডিত হৈছে তেন্তে ভাৰতো খণ্ডিত হৈছে৷ আমাৰ দাবী, প্ৰধানমন্ত্ৰী সংসদলৈ আহক আৰু মণিপুৰৰ বিষয়ে বক্তব্য ৰাখক৷’

উল্লেখ্য, বিৰোধী জোঁট ‘ইণ্ডিয়া’ই উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ ক্ষেত্ৰত শাসক দল বিজেপিৰ বাবে জ্জ ঘণ্টা, কংগ্ৰেছৰ বাবে ১ ঘণ্টা ১৫ মিনিট আৰু ৱাইএছআৰচিপি, শিৱসেনা, জেডি[ইউ], বিজেডি, বিএছপি, বিআৰএছ, এলজেপিৰ বাবে মুঠতে ২ ঘণ্টা সময় দিয়া হৈছে৷ সামগ্ৰিকভাৱে বিতৰ্ক হ’ব ১২ ঘণ্টাৰ৷ আজি প্ৰথম দিনটোত ঘাইকৈ বিৰোধী পক্ষই বক্তব্য ৰাখে৷ চৰকাৰী পক্ষৰ হৈ নিশিকান্ত ডুবে আৰু কিৰেন ৰিজিজুৱে বিতৰ্কত ভাগ লয়৷ বিৰোধী পক্ষৰ আৰএছপি, চিপিআই[এম], তৃণমূল কংগ্ৰেছৰ সাংসদে ভাগ লয়৷ চিপিআই[এম]ৰ মহম্মদ আৰিফে কয় যে মোদীৰ যদি সামান্য লজ্জা থাকিলহেঁতেন, তেন্তে তেওঁ কেতিয়াবাই পদত্যাগ কৰিলেহেঁতেন৷ কিয়নো মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি এতিয়া দেশৰ উচ্ছতম ন্যায়ালয়ে চম্ভালি আছে, ব্যৰ্থ চৰকাৰক চম্ভালিবলৈ দিয়া নাই৷