Logo
image

ডুবাইত সোণ বুটলিলে ৬৫ বছৰীয়া শশী খাউণ্ডে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেছন আৰু ইণ্ডোশ্ৰী সংস্থাই ডুবাইত অনুষ্ঠিত কৰা এছ বি কে এফ অষ্টম আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৩ প্ৰতিযোগিতাত লখিমপুৰ নগৰৰ ৬৫ বছৰীয়া মহিলা খেলুৱৈ শশী খাউণ্ডে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি তিনিটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷ ১ আগষ্টৰ পৰা ৬আগষ্টলৈ অনুষ্ঠিত এই ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ হৈ সদৌ অসম মহিলা ক্ৰীড়া সংগঠনৰ সম্পাদিকা শশী খাউণ্ডসহ মুঠ ১২জেন অসমৰ পৰা আৰু ভাৰতৰ হৈ মুঠ ২৩৬গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল৷ উল্লেখ্য, উক্ত প্ৰতিযোগিতাত নাইজেৰিয়া, পাকিস্তান, শ্ৰীলংকা, নেপাল, ভাৰত, থাইলেণ্ড, ফিলিপাইনসহ মুঠ ৯ খন দেশক লৈ ডুবাইত অনুষ্ঠিত কৰা লং জাম্প, ট্ৰিপল জাম্প আৰু ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰ্ষীয়ান শশী খাউণ্ডে সোণৰ পদক লাভ কৰি অসমৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ উল্লেখ্য, শশী খাউণ্ডে ১০০মিটাৰ দৌৰ ১৯ ছেকেণ্ডত সমাপ্ত কৰি সোণৰ পদক অৰ্জন কৰে৷ বৰ্ষীয়ান মহিলাগৰাকীৰ এনে সাফল্যত বিভিন্ন দল-সংগঠনৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে৷