Logo
image

লক্ষ্মীনাথ বেজবৰুৱা পথ হ’লগৈ ‘খাও গলি’! নিশাই বহিল শাসক-ঘনিষ্ঠৰ দোকান-পোহাৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১০ আগষ্টঃ গুৱাহাটীৰ পদপথত খাদ্যৰ জুতি লৈ ফুৰা সকলৰ বাবে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ দীঘলীপুখুৰীপাৰ, পাণবজাৰৰ ফুডভিলাৰ সন্মুখভাগৰ লগতে দহটা স্থানক ‘খাও গলি’ হিচাপে নিৰ্বাচন কৰিছে৷ এই সন্দৰ্ভত যাবতীয় নীতি-নিয়মসমূহ সন্নিবিষ্ট কৰি নিগম কতৃৰ্পক্ষই অতি শীঘ্ৰে জাননী জাৰি কৰিব৷ গুৱাহাটীৰ লক্ষ্মীনাথ বেজবৰুৱা পথ ‘খাও গলি’ৰ বাবে নিৰ্বাচিত হোৱাৰ তথ্য লাভ পাছত ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে কটন বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ এই কাৰ্যৰ বিৰোধিতা কৰি বিশ্ববিদ্যালয় কতৃৰ্পক্ষই বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন  শৰণীয়াক স্মাৰক পত্ৰ প্ৰদান কৰি লক্ষ্মীনাথ বেজবৰুৱা পথ ‘খাও গলি’ৰ বাবে নিৰ্বাচিত নকৰিবলৈ আহ৩ান জনায়৷ লগতে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট নকৰিবলৈও আহ্বান জনায়৷ মনকৰিবলগীয়া যে মঙলবাৰে নিশাৰ ভাগত ২০খন গাড়ীৰে দোকান খুলিবলৈ অহা দুই শতাধিক বিজেপিকৰ্মী-সমৰ্থক কটন বিশ্ববিদ্যালয়খনৰ প্ৰতিবাদী ছাত্ৰসকলৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়৷ কটনৰ ছাত্ৰ সমাজে স্পষ্ট কৰি দিয়ে যে কোনো কাৰণতে ঐতিহ্যমণ্ডিত পথৰ নাম ‘খাও গলি’ কৰিবলৈ দিয়া নহ’ব৷ কাৰ্যতঃ কটনিয়ানৰ প্ৰতিবাদত নিশাৰ ভাগতো উত্তাল হৈ পৰে কটন চৌহদ৷ ক্ষুব্ধ কটনিয়ানে এই প্ৰসংগত ৰাজপথলৈ ওলাই অহাৰো হুংকাৰ দিয়ে৷ বিশ্ববিদ্যালয়খনৰ হোষ্টেলসমূহত থকা ছাত্ৰ সমাজ একত্ৰিত হৈ বিজেপি কৰ্মীসকলে উক্ত পথত ব্যবসায় কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰে৷ অৱশেষত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আৰক্ষীৰ সহায় লোৱাত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ হয়৷ এই সন্দৰ্ভত বুধবাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ত্ৰিদীপ ভাগৱতীয়ে কয়– লক্ষ্মীনাথ বেজবৰুৱা পথ গুৱাহাটী পৌৰ নিগমে খাও গলিত পৰিনত কৰিব বিচৰা কাৰ্যৰ আমি বিৰোধিতা কৰিছোঁ৷ এই পথত এম এন ডি পি, আৰ কে বি কে ধৰি প্ৰায়কেইটা পুৰণি ছাত্ৰাবাস, কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ আছে৷ কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ সৈতে বাণিজ্যক একাকাৰ নকৰিবলৈ আমি গুৱাহাটী পৌৰ নিগম কতৃৰ্পক্ষক দাবী জনালোঁ৷ আমি এই পথটো আমাৰ শৈক্ষিক দিশত কোনো প্ৰভাৱ নেপেলাবৰ বাবে বন্ধ কৰিববলৈ বিচাৰি আছোঁ৷ আমি এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিম৷ আমাৰ দাবী পূৰণ নকৰিলে আমি পৰৱৰ্তী সময়ত ৰাজপথত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিম৷’ শাসক গোষ্ঠীৰ ‘ঘনিষ্ঠ’ই নিশাৰ ভাগতে উক্ত পথত দোকান-পোহাৰ বহাব বিচৰা কাৰ্যক ছাত্ৰ সমাজে কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ তাৰ বাবে ৰাজপথলৈ ওলাই অনাৰ হুংকাৰ দিয়ে কটনৰ প্ৰতিবাদী ছাত্ৰ সমাজে৷