Logo
image

ভাৰত হিন্দুৰাষ্ট্ৰ ! হিমন্তৰ ঘোষণা, ওৱেইছিৰ প্ৰত্যুত্তৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ আগষ্টঃ ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰা প্ৰসংগত সমুখ সমৰত লিপ্ত হৈছে আছাদুদ্দিন ওৱেইছি আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বিজেপিয়ে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিবলৈ দাবী জনোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ভাৰতত সদায় হিন্দু সভ্যতা আছিল, আছে আৰু থাকিব৷ চন্দ্ৰ-সূৰ্য থকালৈকে এয়াই সত্য৷ ভাৰতৰ সভ্যতাৰ ইতিহাস অতি স্পষ্ট৷ এই সন্দৰ্ভত কোনো বুদ্ধিজীৱীয়ে বিতৰ্ক কৰিব বুলি মই নাভাবো৷ অসমত মুছলমান সকলো ক্ষেত্ৰত আগবাঢ়িছে৷ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ য’লৈকে যায় তাত দেখিব মুছলমান ছাত্ৰ-ছাত্ৰী৷ এতিয়া মুছলমানসকলেই বেছিকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয় তথা আন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ সুবিধা লাভ কৰিছে৷ কংগ্ৰেছৰ শাসনকালতকৈ মুছলমানসকলে বিজেপিৰ শাসনকালত অধিক সা-সুবিধা লাভ কৰিছে৷ বিজেপিয়ে মুছলমানক কেৱল ভোটবেংক হিচাপে গণ্য নকৰে৷ উল্লেখ্য, অল ইণ্ডিয়া মুছলিজ ই ইট্টেহাডুল মুছলিমীনৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে ভাৰতক হিন্দুৰাষ্ট্ৰ ঘোষণা কৰিবলৈ বিজেপিয়ে লোৱা উদ্যোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা টুইটত  কয়– ভাৰত কেতিয়াও হিন্দুৰাষ্ট্ৰ নাছিল আৰু আগলৈয়ো হিন্দুৰাষ্ট্ৰ নহয়, হ’ব নোৱাৰে৷ ভাৰত হিন্দুৰাষ্ট্ৰ হোৱাৰ সম্ভাৱনা কম৷ টুইটটোত তেওঁ আৰু কয়– বিজেপিয়ে বিয়পোৱা হিংসা বিজেপি পৰাজিত হ’লেও হ্ৰাস নাপায়৷ এটা সম্প্ৰদায়ৰ বাবে কেৱল ভাৰত নহয়৷ ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ৷ সকলোৰে বাবে ভাৰতবৰ্ষ৷ ওৱেইছিৰ এনে বিস্ফোৰক মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই ভাৰতক হিন্দুৰাষ্ট্ৰ ঘোষণা কৰা সন্দৰ্ভত উক্ত বক্তব্য আগবঢ়ায়৷