Logo
image

লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ খাৰিজঃ প্ৰধানমন্ত্ৰীৰ ভাষণৰ মাজতে বিৰোধীৰ ৱাকআউট

ডিজিটেল সংবাদঃ লোকসভাত বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱক লৈ একেৰাহে তিনিদিন আলোচনাৰ পাছত বৃহস্পতিবাৰে বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰায় ২ ঘণ্টা ১২ মিনিট দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে বিৰোধীক কঠোৰ সমালোচনা কৰে৷ মণিপুৰ প্ৰসংগতো মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ জনতাক আশ্বাস দি কয় যে মণিপুৰত শীঘ্ৰ শান্তিৰ সূৰ্য উদয় হ'ব৷ আনহাতে প্ৰধানমন্ত্ৰীৰ ভাষণৰ মাজতে সদন ত্যাগ কৰে বিৰোধীয়ে৷

ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিৰোধীৰ ঐক্য 'ইণ্ডিয়া'ক তীব্ৰ সমালোচনা কৰে৷ তেওঁ কয় যে  ইউপিএয়ে ভাবিছে যে দেশৰ নাম ব্যৱহাৰ কৰি তেওঁলোকে দেশবাসীৰ বিশ্বাস জিনিব পাৰিব৷ এইটো 'ইণ্ডিয়া'ৰ মিত্ৰতা নহয়। এয়া অহংকাৰীৰ মিত্ৰতাহে। সকলোৱে প্ৰধানমন্ত্ৰী হ'বলৈ বিচাৰে৷

প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ পিছত লোকসভাত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদান হয়। ধ্বনি ভোটৰ দ্বাৰা অনাস্থা প্ৰস্তাৱৰ ওপৰত সিদ্ধান্ত লোৱা হয়। অনাস্থা প্ৰস্তাৱৰ সাপেক্ষে ধ্বনি কম হোৱাৰ বাবে লোকসভাৰ অধ্যক্ষই খাৰিজ কৰে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ৷ ইয়াৰ পিছত সংসদ কাইলৈ অৰ্থাৎ শুকুৰবাৰৰ ১১ বজালৈ স্থগিত ৰখা হয়। শুক্ৰবাৰে লোকসভাত মণিপুৰৰ বিষয়ে আলোচনা কৰা হ'ব। উল্লেখ্য যে শুক্ৰবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ অন্তিম দিন।