Logo
image

পাম খেতিৰ কথা

ব্ৰিটিছ শাসকসকলে ধানখেতিৰ পৰিৱৰ্তে নীল খেতি কৰাৰ নিৰ্দেশ দিছিল৷ উদ্দেশ্য আছিল ব্যৱসায়িক লাভ, অধিক ৰাজহ সংগ্ৰহ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত পাম খেতি কৰাৰ পোষকতা কৰিছে৷ উদ্দেশ্য হৈছে পাম তেল আমদানিৰ নামত বছৰি দেশৰ পৰা ওলাই যোৱা প্ৰায় ডেৰ লাখ কোটি টকা দেশতেই ৰাখি থ’ব পৰাৰ ব্যৱস্থা কৰা৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেৱল ‘কথাই’ নকয়, কামেৰেও কৰি দেখুৱায়৷ গতিকে, বিশেষ বিলম্ব নকৰি দেশৰ বৈদেশিক মুদ্ৰা ৰাহি কৰাৰ স্বাৰ্থত, অসমৰ কৃষকৰ ‘আৰ্থিক উন্নয়ন’ আৰু ‘উপাৰ্জন’ বৃদ্ধিৰ স্বাৰ্থত, ‘সৰিয়হতকৈ পাঁচ গুণ অধিক লাভ কৰাৰ স্বাৰ্থত ৰাজ্যত বিস্তৃতভাৱে পাম খেতি কৰাৰ সিদ্ধান্ত লৈছে৷ আনকি, মঙলবাৰে যোগগুৰু ৰামদেৱৰ সৈতে তেওঁৰ ‘পতঞ্জলি ফুড্‌ছ’ৰ হৈ তিনিচুকীয়া জিলাৰ ছৈখোৱাঘাটত পাম খেতিৰ পুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ ৰাজ্যত পাম বিপ্লৱৰ সূচনা কৰিলে৷ বিৰোধীয়ে প্ৰতিবাদ কৰিলে; পৰিৱেশ বিজ্ঞানীসকলে প্ৰধানমন্ত্ৰীৰ ওচৰত পাম খেতিৰ অপকাৰিতাৰ বিষয়ে সকীয়াই পত্ৰ প্ৰেৰণ কৰাৰ কথাও মনত পেলাই দিলে৷ ইণ্ডোনেছিয়া, মালয়েছিয়া, আনকি চুবুৰীয়া মিজোৰাম-নাগালেণ্ডেও উপলব্ধি কৰা পাম খেতিৰ বিষম ফলৰ কথাও উল্লেখ কৰিলে৷ এই বিৰোধিতাৰ উত্তৰ দিলে কৃষিমন্ত্ৰী অতুল বৰাই৷ তেওঁ ক’লে, ‘কিছুমান সাধাৰণ লোকে’ বিৰোধিতা কৰিলেও পাম খেতিৰ সুফল  বহুত; ধান খেতিতকৈ কম পানী লাগে আৰু বাণিজ্যিকভাৱে অধিক লাভ হয় (ব্ৰিটিছৰ নীল খেতিৰ দৰে)৷ সি যি নহওক, তথ্যানুসৰি প্ৰস্তাৱিত উত্তৰ-পূব সাংস্কৃতিক সমন্বয় ক্ষেত্ৰৰ ১০০ বিঘা মাটি হেনো পাম খেতিৰ বাবে ‘পতঞ্জলি’ক দিয়া হৈছে৷ ভাৰত চৰকাৰৰ পৰিকল্পনা অনুসৰি অসমত ৩.৭৫ লাখ হেক্টৰ ভূমিত পাম খেতি কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে ১৮খন জিলাক ৬টা মণ্ডলত ভাগ কৰি বিস্তৃতভাৱে পাম খেতি কৰাৰ পৰিকল্পনাৰ কথাও সদৰী কৰিছে৷
প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পাম খেতিৰে বিপ্লৱ অনা নীতিৰ বিপৰীতে সমগ্ৰ বিশ্বই, বিশেষকৈ পৰিৱেশ সচেতকসকলে পাম খেতিৰ প্ৰতিকূলতা সম্পৰ্কে সকলোকে সচেতন কৰিছে৷ খাদ্যত ব্যৱহাৰ কৰাৰ উপৰি বিভিন্ন প্ৰকাৰৰ উদ্যোগত (প্ৰসাধন, ঔষধ, জৈৱ-ইন্ধন ইত্যাদি) ব্যৱহৃত হয় বাবে পাম তেলৰ চাহিদা অধিক যদিও ই পৰিৱেশ হানিকাৰক৷ এনে কেতবোৰ তথ্যমতে, পাম খেতিসমৃদ্ধ বিশ্বৰ অন্যতম দেশ মালয়েছিয়াত প্ৰতিদিনে প্ৰতি মিনিটত ত্ৰিছখন ফুটবল ফিল্ডৰ সমান পৰিমাণৰ বন ধবংস হয় পাম গছবোৰৰ বাবে৷ এইটো ২০১৮ চনৰ তথ্য৷ এই খেতিয়ে ভূমি তলৰ জল-প্ৰদূষণৰ সৃষ্টি কৰে৷ পাম গছবোৰে বিষাক্ত মিথেন গেছ নিৰ্গত কৰে আৰু বায়ু-প্ৰদূষণৰ কাৰক হৈ পৰে৷ তদুপৰি, কাৰ্বন নিৰ্গত কৰি গ্ল’বেল-ৱাৰ্মিঙৰ গতি বৃদ্ধিত সহায়ক হয়৷ পাম খেতিৰ বাবে ইতিমধ্যে থকা প্ৰাকৃতিক গছ-লতা ধবংস কৰি পেলোৱা হয় বাবে ই ভূমিস্খলনৰো কাৰক হৈ পৰে৷ লগতে ধবংস হয় জীৱ-বৈচিত্ৰ্য৷ এক তথ্য মতে, ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত পাম খেতিৰ বিনিময়ত ডেৰটা দশকত প্ৰতি বছৰে এহাজাৰৰ পৰা পাঁচ হাজাৰপৰ্যন্ত ওৰাংগুটানে প্ৰাণ দিবলগীয়া হয়৷ কেৱল ওৰাংগুটানেই নহয়, এছিয়াৰ দেশসমূহত বাঘ, গঁড়, হাতীকে ধৰি বিভিন্ন বন্যপ্ৰাণীৰ বাসস্থান পাম খেতিৰ বুকুত জাহ যাবলগীয়া হৈছে৷ অতি লাভজনক বাবেই বিস্তৃত অঞ্চলত পাম খেতি কৰি জীৱ-জন্তু, প্ৰকৃতি আৰু মানুহলৈও বিপদ মাতি অনা কথাটো প্ৰমাণিত হোৱাৰ পাছত সেই দেশবোৰ এতিয়া সচেতন হৈছে৷ এতিয়া কথা হ’ল, ব্ৰিটিছ শাসকৰ নীতি সাৰোগত কৰি আমাৰ নেতাসকলে লাভৰ মুখলৈ চাব নে পাম খেতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰৰ সত্যতা নিৰূপণ কৰি জনকল্যাণৰ হিতাৰ্থে সিদ্ধান্ত ল’ব বা প্ৰয়োজন সাপেক্ষে সিদ্ধান্ত সলনি কৰিব? সেউজ অৰণ্যৰে ওপচাই পেলাবলৈ অথবা বাণিজ্যিক ভিত্তিত উদ্যান-শস্য বা বাগিচা শস্যৰ বিস্তাৰিত খেতি কৰিবলৈ অসমৰ মাটিৰ উপযোগী প্ৰাকৃতিক-পৰম্পৰাগত অলেখ গছ-বন-তৰু-লতা আছে, তাৰ বাবে ‘বিদেশী শত্ৰু’ পাম খেতিক আদৰাৰ কি দৰকাৰ?