Logo
image

ইন্দিৰাৰ ভূমিকাত কংগনা

আমাৰ অসম, ৩০ জানুৱাৰীঃ বিতৰ্কৰ অন্য নাম কংগনা ৰাণাৱট৷  বিভিন্ন ৰাজনৈতিক আৰু সামাজিক বিষয়ত কৰা মন্তব্যৰ বাবে সততে বিতৰ্কৰ আৱৰ্তত থাকে জনপ্ৰিয় অভিনেত্ৰীগৰাকী৷ অৱশ্যে বিতৰ্কৰ সমান্তৰালভাৱে কংগনাৰ অভিনয় দক্ষতাও চৰ্চাৰ বিষয়৷ কংগনা অভিনীত কেইবাখনো চিনেমাই বক্স অফিচ তোলপাৰ লগাইছে৷ শেহতীয়াকৈ এখন চিনেমাৰ শ্বুটিঙত ব্যস্ত কংগনা ৰাণাৱট৷ তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এই চিনেমাখনৰ নাম ‘থালাইভি’৷ ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ জয়াললিতাৰ চৰিত্ৰত অভিনয় কৰিছে কংগনাই৷ চিনেমাখনৰ দৃশ্যগ্ৰহণ অন্তিম পৰ্যায়ত উপনীত হৈছে৷ ‘ধাকড়’ নামৰ আন এখন ছবিৰ শ্বুটিঙতো ব্যস্ত আছে কংগনা৷ ছবিখনৰ শ্বুটিং চলিছে ভূপালত৷ ‘ধাকড়’ আৰু ‘থালাইভি’ৰ শ্বুটিঙৰ সময়তে কংগনাৰ পৰৱৰ্তী ছবিৰ বিষয়ে খবৰ ওলাইছে৷ জানিব পৰা মতে, এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব কংগনাই৷ কথাটো কংগনায়ো স্বীকাৰ কৰিছে৷ সাংবাদিকক কংগনাই কয় যে ছবিখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰাৰ কাম শেষ পৰ্যায়ত আছে৷ ছবিখনত দেশৰ সামাজিক আৰু ৰাজনৈতিক ছবি আৰুপৰিস্থিতি অংকন কৰা হৈছে– যাতে নৱপ্ৰজন্মই এই বিষয়ে জানিব-বুজিব পাৰে৷ ভাৰতৰ ৰাজনৈতিক ইতিহাসত ইন্দিৰা গান্ধীৰ বিশেষ ভূমিকা আছে৷ সেইবাবেই ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে আগ্ৰহেৰে বাট চাই থকা বুলিও কংগনাই প্ৰকাশ কৰে৷ ছবিখন প্ৰযোজনা কৰিছে স্বয়ং কংগনা ৰাণাৱটে৷ ছবিখনৰ বেনাৰ কংগনাৰ মণিকৰ্ণিকা ফিল্মছৰ৷ কাহিনী আৰু পৰিচালনা সাই কবীৰৰ৷ ছবিখনত ইন্দিৰা গান্ধীৰ উপৰি ৰাজীৱ গান্ধী, সঞ্জয় গান্ধী, মোৰাৰজী দেশাই আৰু লালবাহাদুৰ শাস্ত্ৰীৰ চৰিত্ৰও থাকিব৷ ছবিখন কিন্তু ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা ছবি নহয়৷ ছবিখনত ইন্দিৰা গান্ধী এটা চৰিত্ৰহে৷ যিটো চৰিত্ৰত ৰূপদান কৰিব কংগনাই৷ ছবিখনত আন কেইবাগৰাকী নামী-দামী শিল্পীয়ে অভিনয় কৰিব৷ দৃশ্যগ্ৰহণ আৰম্ভ নৌহওঁতেই এই ছবিখন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ইয়াৰ কাৰণ দুটা৷ এটা হৈছে– ইন্দিৰা গান্ধীৰ বিশাল আৰু বৰ্ণময় জীৱন আৰু আনটো হৈছে– জনপ্ৰিয়তা আৰু বিতৰ্কই সমান্তৰালভাৱে খেদি ফুৰা কংগনা ৰাণাৱট৷ শেহতীয়াকৈ বিজেপিৰ অতি ঘনিষ্ঠ হৈ পৰিছে কংগনা ৰাণাৱট৷ সেই সূত্ৰে শিৱসেনা দল আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে হোৱা কংগনাৰ সংঘাত সৰ্বজনবিদিত৷ কংগ্ৰেছ দলকো সততে সমালোচনাৰে থকা-সৰকা কৰে, তুচ্ছ-তাচ্চিল্য কৰে কংগনাই৷ এই প্ৰেক্ষাপটত কংগ্ৰেছৰ মহান নেত্ৰী ইন্দিৰা গান্ধীৰ জীৱনভিত্তিক চিনেমাৰ কেন্দ্ৰীয় চৰিত্ৰত কংগনা ৰাণাৱটে কৰা অভিনয় কেনে হয় আৰু সেয়া ৰাইজে কেনেকৈ গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ’ব৷