Logo
image

নতুন সীমাৰে ১২৬টা সমষ্টি ঘোষণা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ আগষ্টঃ অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে ৫২ দিন পূৰ্বে ৰাজহুৱা কৰা খচৰাত শুকুৰবাৰে চূড়ান্ত চীল-মোহৰ মাৰিলে দেশৰ নিৰ্বাচন আয়োগে৷ ২০ জুনত আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ৰাজহুৱা কৰাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠন৷ কেৱল দল-সংগঠনে নহয়, শাসকীয় দল বিজেপি আৰু ইয়াৰ মিত্ৰ দল অগপৰ একাংশ বিধায়ক আৰু সাংসদেও এই খচৰাৰ বিৰুদ্ধে ৰাজপথত নামি পৰে৷ অব্যাহত থাকে অবিৰত প্ৰতিবাদ৷ বিৰোধী পক্ষও এই খচৰাৰ মুকলি বিৰোধীতা কৰি সমষ্টিয়ে সমষ্টিয়ে নিজৰ প্ৰতিবাদ অব্যাহত ৰাখে ইয়াৰ মাজতে শুকুৰবাৰে দেশৰ নিৰ্বাচন আয়োগে চূড়ান্ত কৰে এই খচৰা৷ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে গুৱাহাটীত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় ৰাজহুৱা শুনানী৷ এই শুনানীত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তসহ অন্য দুই আয়ুক্ত উপস্থিত থাকে৷ ১২২২খন আবেদন আয়োগে লাভ কৰে শুনানীৰ বাবে৷ আয়োগে দাবী কৰা অনুসৰি এই ১২২২খন  আপত্তি আৰু পৰামৰ্শৰ সম্বলিত আবেদনৰ ৪৫ শতাংশই চূড়ান্ত তালিকা প্ৰস্তুতৰ সময়ত মানি লোৱা হৈছে৷ প্ৰায় পাঁচ শতাংশ পৰামৰ্শ আৰু আপত্তি সংবিধানৰ বাহিৰত যিবোৰ মানি লোৱাটো সম্ভৱ নহয়৷ ২০০১ চনৰ লোকপ্ৰিয়লৰ ভিত্তিত প্ৰস্তুত কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই চূড়ান্ত তালিকাত নটা বিধানসভা সমষ্টি আৰু এটা লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে৷ ১৯টা বিধানসভা সমষ্টি আৰু দুটা লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থাকিব৷ চূড়ান্ত তালিকাত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিৰ সংখ্যা আঠটাৰ পৰা নটালৈ বৃদ্ধি পায়৷ ঠিক তেনেদৰে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি ১৬টাৰ পৰা ১৯টালৈ বৃদ্ধি পায়৷ পশ্চিম কাৰ্বি আংলং জিলাত এটা বিধানসভা সমষ্টি বৃদ্ধি পাইছে৷ বড়োলেণ্ডত বিধানসভা সমষ্টিৰ সংখ্যা ১১টাৰ পৰা ১৫টালৈ এতিয়া বৃদ্ধি পাব৷ কোক্‌ৰাঝাৰ আৰু ডিফু লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থাকিব৷ লক্ষীমপুৰ লোকসভা সমষ্টি অসংৰক্ষিত হৈ থাকিব৷ ধেমাজি জিলাৰ এটা বিধানসভা সমষ্টি অসংৰক্ষিত হ’ব৷ ডিফু লোকসভা সমষ্টি অনুসূচিত জনগোষ্ঠীৰ বাবে সংৰক্ষিত থাকিব আৰু ইয়াৰ অধীনত ছয়টা বিধানসভা আৰু তিনিখন স্বায়ত্বশাসিত জিলা থাকিব৷ বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক সামৰি দুটা সংসদীয় সমষ্টি হ’ব৷ মানাহ নামেৰে এটা বিধানসভা আৰু কাজিৰঙা নামেৰে এটা নতুন লোকসভা সমষ্টি হ’ব৷ ৰাইজৰ দাবীত বহুকেইটা সমষ্টিৰ নাম যৌথ কৰা হয়৷ ১৯টা বিধানসভা আৰু এটা লোকসভা সমষ্টিৰ নামাকৰণ নতুনকৈ কৰা হয়৷ উল্লেখ্য, ১৯, ২০ আৰু ২১ জুলাইত গুৱাহাটীত অনুষ্ঠিত ৰাজহুৱা শুনানীত বিশটা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল৷ লক্ষণীয়ভাৱে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি চূড়ান্ত তালিকা ৰাজহুৱা কৰিলে সেই তালিকা খচৰাৰ পৰা সামান্যহে সলনি হৈছে৷ আয়োগে চূড়ান্ত তালিকাত অধিক সাল-সলনি নকৰিলে বিভিন্ন পক্ষৰ দাবীৰ পিছতো৷ দল-সংগঠনৰ আপত্তি আৰু প্ৰতিবাদ আয়োগৰ সন্মুখত নৰজিল আৰু আজি নতুন সীমাৰ ১২৬টা সমষ্টি ঘোষণা কৰে৷