Logo
image

নিতৌ চালগোম খোৱাটো অতি প্ৰয়োজন কিয়

আমাৰ অসম বিশেষঃ শীতকালৰ পাচলি বুলিলেই মনলৈ আহে ওলকবি, বন্ধাকবি, ফুলকবি, ব্ৰকলিৰ উপৰি চালগোমৰ নাম৷ আমাৰ বহুতে বিভিন্ন কবি, ব্ৰকলিৰ খেতি কৰে যদিও অতি কমকৈ খেতি কৰা দেখা যায় চালগোমৰ৷ হয়তো চালগোমত পোৱা পুষ্টি সন্দৰ্ভত আমাৰ বিশেষ জ্ঞানৰ অভাৱ৷ প্ৰায় সকলো শ্ৰেণীৰ মাটিতে হোৱা চালগোম অতি পুষ্টিকাৰক পাচলি৷ চালগোমত থাকে প্ৰচুৰ ভিটামিন এ, চি আৰু কে৷ তদুপৰি চালগোমত থাকে কেলছিয়াম, মেগনেছিয়াম, ফছফৰাচ, পটাছিয়াম আৰু ফোলায়েষ্টা৷ চালগোমত কেলৰিৰ পৰিমাণ খুব কম থাকে৷ সেই বাবে নিয়মিতভাৱে চালগোম খোৱাটো দেহৰ বাবে অতি উপকাৰী৷ চালগোমে কেনেকৈ আমাৰ উপকাৰ সাধন কৰে জানেনে?

চালগোমত থকা কেলছিয়ামে হাড় আৰু দাঁত মজবুত কৰি ৰখাত সহায় কৰে৷ প্ৰতিটো চালগোমত দৈনিক চাহিদাৰ ১৫ শতাংশ কেলছিয়াম থাকে৷ ই দন্ত্য ক্ষয়, অষ্টিঅ পোৰোছিছ আৰু অষ্টিঅ’আৰ্থাৰাইটিছ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷

চালগোমৰ পঞ্চাশ শতাংশ আঁহ জাতীয় পাচলি৷ নিতৌ চালগোম খালে হজম শক্তি বৃদ্ধি পায়৷ তদুপৰি চালগোমত কাৰ্বহাইড্ৰেট প্ৰচুৰ পৰিমাণে থকা বাবে দীৰ্ঘ সময় ধৰি পেটভৰি থকা যেন অনুভৱ হয়৷

চালগোমত প্ৰচুৰ ভিটামিন এ আৰু লুটেই থাকে৷ ই চকু ভালে ৰখাত সহায় কৰে৷ ই চকুত ছানি পৰা, গ্লুকোমা, ম্যাকুলাৰ অৱক্ষয় আদিৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷

চালগোমত প্ৰচুৰ পৰিমাণে ভিটামিন কে থকা বাবে ই হৃদযন্ত্ৰ আৰু তেজ ভালে ৰখাত সহায় কৰে৷ নিতৌ দুটি চালগোম খালে শৰীৰত লোহিত ৰক্ত কণিকা, হিমোগ্লবিনৰ মাত্ৰা সুস্থিৰ হৈ ৰখাত যাদুকৰি ফল পোৱা যায়৷