Logo
image

ক’ভিড নিগেটিভ বাইডেনে ৮ ছেপ্টেম্বৰত লগ কৰিব প্ৰধানমন্ত্ৰী মোদীক

ৱাশ্বিংটন, ৮ ছেপ্টেম্বৰঃ দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শিখৰ সন্মিলনত ভাগ ল’বলৈ বৃহস্পতিবাৰে অৰ্থাৎ ৭ ছেপ্টেম্বৰত ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন৷ ভাৰত ভ্ৰমণৰ আগে আগে বাইডেনৰ পত্নী জিল বাইডেন ক’ভিডত আক্ৰান্ত হয়৷ অৱশ্যে ৰাষ্ট্ৰপতি বাইডেনৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহে৷ একেৰাহে দুদিন হোৱা পৰীক্ষাত তেওঁৰ ফলাফল নিগেটিভ আহাৰ পাছতে তেওঁ ভাৰতলৈ অহাটো নিশ্চিত হয়৷ বৃহস্পতিবাৰে ভাৰতলৈ আহিবলগীয়া বাইডেনে শুকুৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব৷ আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে বুধবাৰে হোৱাইট হাউছত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হ’বলগীয়া দ্বিপাক্ষিক আলোচনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন উৎসাহী হৈ আছে৷ তাৰ পাছতে শনি আৰু দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে জি-২০ শিখৰ সন্মিলনৰ আনুষ্ঠানিক বৈঠকত মিলিত হ’ব৷ ভাৰত ভ্ৰমণৰ সময়ত মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে ক’ভিড সম্পৰ্কীয় সকলো নীতি-নিয়ম মানি চলিব৷