Logo
image

পত্নীৰ বাবেই অভিধানত সোমাই পৰিল ‘ছেকেণ্ড জেণ্টলমেন’, ডগ্‌লাছ আনন্দিত

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ কীৰ্তিতে তেওঁৰ স্বামী ডগ্‌লাছ এমহফৰ বাবে বিখ্যাত মেৰিয়াম ওৱেবষ্টাৰ অভিধানত অন্তৰ্ভুক্ত হ’ল ‘ছেকেণ্ড জেণ্টলমেন’ নামৰ শব্দটো৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমবাৰ এগৰাকী মহিলা হিচাপে কমলা হেৰিছ উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছে৷ কমলা হেৰিছ উপ-ৰাষ্ট্ৰপতি হোৱাৰ পাছত দেশ বিদেশৰ অনেক সংবাদ মাধ্যমে কমলা হেৰিছৰ স্বামীক ‘ছেকেণ্ড জেণ্টলমেন’ বুলি সম্বোধন কৰিছিল৷ কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত যিহেতু কমলা হেৰিছৰ পূৰ্বে কোনো মহিলা দেশখনৰ উপ-ৰাষ্ট্ৰপতি পদত বহা নাছিল গতিকে ‘ছেকেণ্ড জেণ্টলমেন’ নামৰ কোনো আনুষ্ঠানিক শব্দ অভিধানত নাছিল৷ ‘ফাষ্টৰ্ লেডী’ বা ‘ছেকেণ্ড লেডী’ এই শব্দ দুটাহে মাৰ্কিন ৰাজনীতিত প্ৰচলিত আছিল৷ এক কথাত ক’বলৈ গ’লে আমেৰিকাৰ সমাজ ব্যৱস্থাটো ‘ছেকেণ্ড জেণ্টলমেন’ শব্দটো অপৰিচিত আছিল৷ কিন্তু কমলা হেৰিছ উপ-ৰাষ্ট্ৰপতি হোৱাৰ পাছত দেশে বিদেশে তেওঁৰ স্বামী ডগ্‌লাছ এমহক আমেৰিকাৰ ‘ছেকেণ্ড জেণ্টেলমেন’ বুলি চৰ্চা হোৱাৰ পাছতে আমেৰিকাৰ বিখ্যাত ‘মেৰিয়াম ওৱেবষ্টাৰ’ অভিধানে এইবাৰ প্ৰথমবাৰৰ বাবে ‘ছেকেণ্ড জেণ্টলমেন’ শব্দটো আনুষ্ঠানিকভাৱে শব্দকোষত অন্তৰ্ভুক্ত কৰিলে৷ আমেৰিকাৰ ৰাজনীতিত ডগ্‌লাছ এমহফৰৰ ভূমিকা বুজাবৰ বাবেই মেৰিয়াজ ওয়েবষ্টাৰ অভিধানে ‘ছেকেণ্ড জেণ্টলমেন’ শব্দটো অভিধানত ব্যৱহাৰ কৰিবলগীয়া হ’ল বুলি চৰ্চা হৈছে৷ অভিধানত ‘ছেকেণ্ড জেণ্টলমেন’ শব্দটো অন্তৰ্ভুক্ত হোৱাৰ কথা টুইটাৰত নিজেই প্ৰকাশ কৰিছে ডগ্‌লাছ এমহফৰে৷ ৰসিক মন্তব্যৰে তেওঁ টুইটাৰত লিখিছে–‘ওয়েল, নাও অফিচিয়েল৷’ অৰ্থাৎ নতুন পদত এইবাৰ আনুষ্ঠানিক চীলমোহৰ লাগিল৷ ইয়াৰ লগে লগে আমেৰিকাৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা হ’ল৷ উল্লেখ্য যে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত কমলা হেৰিছে মন্তব্য কৰিছে যে তেওঁ প্ৰথম মহিলা উপ-ৰাষ্ট্ৰপতি হ’লেও শেষৰজন নহয়৷ মেৰিয়াম ওয়েবষ্টাৰ অভিধানৰ এই নতুন পদক্ষেপে কমলা হেৰিছৰ এই ভৰষাক অধিক স্থায়ী কৰিলে বুলিও চৰ্চা হৈছে৷