Logo
image

২০২১ চনত বিশ্বত হ’ব দুৰ্ভিক্ষ, ভূমিকম্প মহামাৰী!

নষ্ট্ৰাদামুৰ ভৱিষ্যৎবাণী

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ নষ্ট্ৰাদামু হৈছে ১৬০০ শতিকাৰ এগৰাকী জ্যোতিৰ্বিদৰ নাম৷ আচাৰ্যজনক ভৱিষ্যৎবাণীৰ বাবে তেওঁ আজিও সকলোৰে মাজত আলোচনাৰ বিষয়৷ নষ্ট্ৰাদামুৰ ‘দি প্ৰফেচিছ’ অত লিখা বহু ভৱিষ্যৎবাণী ইতিমধ্যে আচৰিত ধৰণে মিলি গৈছে৷ উক্ত গ্ৰন্থত ১৯৩০ চনত জাৰ্মানীত এজন নেতাৰ উত্থানৰ কথা উল্লেখ কৰা হৈছিল৷ যিজন নেতা পৰৱৰ্তী সময়ত হিটলাৰ নামে ‘বিখ্যাত’ হ’ল৷ আনকি নষ্ট্ৰাদামুৱে বিশ্ব অৰ্থনীতি ভাগি যোৱাৰ বাবে, ভয়ংকৰ যুদ্ধৰ কথাও উল্লেখ কৰিছিল৷ ২০২১ বৰ্ষৰ আশে পাশে কেনে ধৰণৰ ঘটনা ঘটিব পাৰে সেই বিষয়েও উল্লেখ কৰিছিল নষ্ট্ৰাদামুৱে৷ নষ্ট্ৰাদামুৰ ভৱিষ্যৎবাণী মতে মানুহ ৰাক্ষাস হৈ উঠিব৷ এইদৰে মানুহৰ প্ৰজাতি ধবংস হৈ যাব৷ এজন ৰাছীয়ান বিজ্ঞানীয়ে জৈৱিক অস্ত্ৰ অথবা ভাইৰাছ সৃষ্টি কৰিব যিয়ে মানুহক ৰাক্ষস সৃষ্টি কৰিব৷ এই ভাইৰাছক কৰ’না ভাইৰাচৰ সৈতে তুলনা কৰিব পাৰি৷ নষ্ট্ৰাদামুৰ মতে ২০২১ চনত বিশ্বত দুৰ্ভিক্ষ, ভূমিকম্প, বিভিন্ন ৰোগ, মহামাৰী দেখা দিব৷  এই বৰ্ষত এনে দুৰ্ভিক্ষ আহিব যে বিশ্ববাসীয়ে পূৰ্বে কেতিয়াও এনে অৱস্থাৰ সন্মুখীন হোৱা নাই৷ বিশ্বৰ জনসংখ্যাৰ এটা ডাঙৰ অংশ এই ধবংসযজ্ঞৰ পৰা পুনৰুদ্ধাৰ কৰিব পৰা নাযাব৷ সম্পদৰ বাবে বিশ্বত যুদ্ধ হ’ব৷ ২০২১ চনত কৰ’নাই কি খেল দেখুৱাব তাক লৈ সকলোৰে মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ২০২১ চনক লৈ কৰা ভৱিষ্যৎবাণী বা পূৰ্বানুমান উপেক্ষা কৰিব নোৱাৰি৷