Logo
image

প্ৰবাসী খালিস্তানী-গেংষ্টাৰক লৈ কানাডাৰে যুযুধান ভাৰত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ ছেপ্টেম্বৰঃ এজন খালিস্তানপন্থী আন্দোলনকাৰীৰ হত্যাক লৈ আমেৰিকাৰ বন্ধু আৰু প্ৰতিবেশী দেশ কানাডাৰ সৈতে প্ৰচণ্ড কূটনৈতিক সংঘাতত লিপ্ত হৈছে ভাৰত৷ সোমবাৰে সেই সংঘাতে চৰম সীমা স্পৰ্শ কৰে আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে খালিস্তানপন্থী আন্দোলনকাৰী হৰদ্বীপ সিং নিজ্জৰক হত্যাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰত্যক্ষ হাত থকা বুলি সংসদত অভিযোগ তোলে আৰু কানাডাস্থিত এজন ভাৰতীয় কূটনীতিবিদক কানাডাৰ পৰা বহিষ্কাৰ কৰে৷ এই ঘটনাৰ প্ৰত্যুত্তৰত ভাৰতে কানাডাই উত্থাপন কৰা সমস্ত অভিযোগ অস্বীকাৰ কৰে আৰু নতুন দিল্লীয়েও মঙলবাৰে ভাৰতৰ পৰা এজন জ্যেষ্ঠ কূটনীতিবিদক বহিষ্কাৰ কৰে৷ বিগত কেইবামাহো ধৰি ভাৰত আৰু কানাডাৰ মাজত খালিস্তান আন্দোলনক লৈ কূটনৈতিক সম্পৰ্ক বিঘ্নিত হৈছিল৷ সেই ঘটনাই সোমবাৰৰ পৰা চৰম সীমা স্পৰ্শ কৰিছে৷ সম্প্ৰতি দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ চৰম অৱনতি ঘটিছে৷  যোৱা জুনত কানাডাত আশ্ৰয় লৈ থকা খালিস্থানপন্থী আন্দোলনকাৰী তথা ‘খালিস্তান টাইগাৰ ফ’ৰ্চ’ৰ মুৰব্বী হৰদ্বীপ সিঙক দুই অজ্ঞাত পৰিচয় ব্যক্তিয়ে গুলীয়াই হত্যা কৰিছিল৷ কানাডাৰ আৰক্ষী আৰু তদন্তকাৰীয়ে সেই হত্যাৰ তদন্ত কৰি হৰদ্বীপক হত্যাৰ আঁৰত ভাৰতৰ চোৰাংচোৱা সংস্থা ৰ’ৰ হাত থকা বুলি নিশ্চিত হয়৷ সোমবাৰে কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জলীয়ে সংসদৰ জৰুৰী অধিৱেশনত কয় যে, এই হত্যাৰ আঁৰত ভাৰতৰ প্ৰত্যক্ষ হাত আছে৷ আনকি এজন ৰ’ৰ বিষয়া জড়িত থকা বুলিও মেলানি জলীয়ে সদনত মন্তব্য কৰে৷ তেওঁ অৱশ্যে কানাডাত এসময়ত আশ্ৰয় লৈ থকা ৰ’ৰ শীৰ্ষ বিষয়াজনৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে৷ সদনত প্ৰধানমন্ত্ৰী ট্ৰুডোৱে দাবী কৰে,  ভাৰতে কানাডাত থকা নাগৰিকক হত্যা কৰি দেশখনৰ সাৰ্বভৌমত্বত আঘাত কৰিছে৷ তেওঁ প্ৰকাশ কৰে যে, এই বিষয়টো তেওঁ জি-২০ৰ সন্মিলনৰ বাবে কৰা শেহতীয়া ভাৰত ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীৰ আগতো উল্লেখ কৰিছিল৷ পিছে নতুন দিল্লীয়ে তেওঁৰ কথাত গুৰুত্ব নিদিলে৷ যিহেতু তদন্তকাৰীয়ে সেই হত্যাৰ আঁৰত ভাৰতৰ হাত থকাৰ নিশ্চিত প্ৰমাণ পাইছে সেয়েহে তেওঁলোকে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে৷ উল্লেখ্য, কানাডাৰ ট্ৰুডো প্ৰশাসনে দেশখনত আশ্ৰয় লৈ থকা খালিস্তান আন্দোলনকাৰীক প্ৰশ্ৰয় দিয়া বুলি দীৰ্ঘদিনৰ পৰা ভাৰতে অভিযোগ কৰি আহিছে৷ অৱশ্যে পশ্চিমীয়া সকলো দেশেই প্ৰতিবাদকাৰীৰ প্ৰতিবাদত গণতান্ত্ৰিক প্ৰতিবাদ হিচাপে গ্ৰহণ কৰাৰ প্ৰৱণতা আছে আৰু কোনো সময়তে তেনে প্ৰতিবাদ মষিমূৰ কৰা দেখা নাযায়৷ কানাডায়ো খালিস্তানী আন্দোলনকাৰীৰ প্ৰতিবাদক মষিমূৰ কৰা নাই৷ অৱশ্যে ভাৰতে কানাডাৰ সকলো অভিযোগ সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি প্ৰতিশোধকল্পে শীৰ্ষস্থানীয়  কানাডাৰ কূটনীতিবদক মঙলবাৰে বহিষ্কাৰ কৰি পাঁচদিনৰ ভিতৰত দেশ এৰিবলৈ নিৰ্দেশ দিছে৷ সন্দেহ নাই, এই কূটনৈতিক সংঘাতে অনাগত দিনত ভয়াৱহ ৰূপ ধাৰণ কৰিব৷