Logo
image

বাইডেনতকৈ ১০ পইণ্টৰ অগ্ৰগতি ট্ৰাম্পৰ

ৱাশ্বিংটন, ২৬ ছেপ্টেম্বৰঃ আমেৰিকাত ২০২৪ চনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন৷ শাসকীয় ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হ’ব বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেন৷ আনহাতে, বিৰোধী ৰিপাব্লিকান দলৰ প্ৰাৰ্থী হিচাপে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প হোৱাটো প্ৰায় নিশ্চিত হৈছে৷ কাৰণ তেওঁক প্ৰত্যাহ্বান জনাব পৰা প্ৰাৰ্থী দলটোত নাই৷ গতিকে আমেৰিকাৰ সংবাদ মাধ্যমবোৰে ধৰি লৈছে যে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন জ’ বাইডেন আৰু ট্ৰাম্পৰ মাজতে অনুষ্ঠিত হ’ব৷ গতিকে এবিচি নিউজ আৰু ৱাশ্বিংটন পোষ্টে চলোৱা শেহতীয়া প্ৰাক্‌-নিৰ্বাচনী সমীক্ষা অনুসৰি ড’নাল্ড ট্ৰাম্প বাইডেনতকৈ বহুখিনি আগবাঢ়ি আছে৷ অৰ্থাৎ আমেৰিকাৰ জনতাই পুনৰ ড’নাল্ড ট্ৰাম্পকে ৰাষ্ট্ৰপতি হিচাপে বিচাৰিছে৷ ইয়াৰ আগৰ প্ৰাক্‌-নিৰ্বাচনী সমীক্ষাত ৰাষ্ট্ৰপতি জ’ বাইডেনে যিমান পইণ্ট লাভ কৰিছিল, সেয়া এইবাৰৰ সমীক্ষাত ১৯ শতাংশ হ্ৰাস পায়৷ আমেৰিকাৰ অৰ্থনীতি আৰু প্ৰব্ৰজন সমস্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো তেওঁ লাভ কৰা জনতাৰ পইণ্ট হ্ৰাস পাইছে৷ নতুন প্ৰাক্‌-নিৰ্বাচনী সমীক্ষাত ৪৪ শতাংশ লোকে দাবী কৰে যে ৰাষ্ট্ৰপতি বাইডেনৰ শাসনত আমেৰিকাৰ অৰ্থনীতি অতি বেয়া হৈ পৰিছে৷ ইয়াৰ বিপৰীতে ৩০ শতাংশইহে তেওঁক সমৰ্থন কৰে৷ নতুন সমীক্ষাত তেওঁৰ কাম-কাজত দেশৰ ৫৬ শতাংশ লোক অসন্তুষ্ট৷ মাত্ৰ ৩৭ শতাংশ লোকহে সন্তুষ্ট৷ আনহাতে, দেশখনৰ ৭৪ শতাংশ লোকে মত প্ৰকাশ কৰে যে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ বয়স অতি বেছি৷ গতিকে তেওঁক পুনৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁলোকে নিবিচাৰে৷ ইপিনে, দেশৰ জনতাই প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকহে বাইডেনতকৈ দক্ষ আছিল বুলি স্বীকাৰ কৰে৷ বৰ্তমান দেশৰ ৪৮ শতাংশই স্বীকাৰ কৰে যে বাইডেনতকৈ ট্ৰাম্পৰ শাসন কালত আমেৰিকাৰ অৱস্থা বেছি ভাল আছিল৷ গতিকে এয়া বাইডেনৰ বাবে বেয়া খবৰ৷