Logo
image

টনছিলাইটিছত আক্ৰান্ত হ’লে এইখিনি কৰক

টনছিলাইটিছত আক্ৰান্ত হ’লে ডিঙিত বিষ অনুভৱ হয়৷ কেতিয়াবা ইয়াৰ ফলত জ্বৰতো আক্ৰান্ত হ’ব পাৰে৷ ডিঙিৰ লগতে কেতিয়াবা টনছিলাইটিছৰ বাবে কাণৰ বিষতো আক্ৰান্ত হ’ব পাৰে৷ সাধাৰণতে  ঠাণ্ডা লাগিলে টনছিলাইটিছৰ সৃষ্টি হয়৷ গৰম দিনত ঠাণ্ডা পানীয়, আইচক্ৰিম আদি সঘনাই খালে এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ সাধাৰণতে গ্ৰীষ্মকালতকৈ শীতৰ সময়ছোৱাতহে টনছিলাইটিছৰ সমস্যা বেছিকৈ হয়৷

⬛ টনছিলাইটিছত আক্ৰান্ত হ’লে কুহুমীয়া নিমখ পানী বা মাউথ ৱাশ্বেৰে কুল-কুলি কৰিব৷ টনছিলাইটিছত আক্ৰান্ত হ’লে ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব লাগে৷ ঠাণ্ডা দিনত ডিঙিটো গৰম কাপোৰেৰে মেৰিয়াই ৰাখিব লাগে৷

⬛বছৰত কেইবাবাৰো এনে সমস্যাৰ সৃষ্টি হ’লে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ টনছিল অপাৰেশ্বনৰ জৰিয়তে সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি৷ 

⬛ টনছিলাইটিছত আক্ৰান্ত হ’লে শৰীৰ চৰ্চাৰ জৰিয়তেও উপশম পাব পাৰি৷ এই ক্ষেত্ৰত বৃষাসন, মৎস্যাসন, বগ্ৰাসন আদি কৰিলে সোনকালেই উপশম লাভ কৰিব পাৰি৷ 

⬛ টনছিলত আক্ৰান্ত হ’লে আন ব্যক্তিৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিব লাগে৷

⬛ টনছিলত আক্ৰান্ত হ’লে পৰ্যাপ্ত জিৰণি ল’ব লাগে৷ 

⬛ গোটা আহাৰ খোৱাৰ পৰিৱৰ্তে এই সময়ছোৱাত জুলীয়া খাদ্য গ্ৰহণ কৰিব লাগে৷ তদুপৰি কুহুমীয়া পানীহে খাব লাগে৷  

⬛ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ফলমূলৰ ৰস বেছিকৈ খাব লাগে৷ 

⬛ পৰিষ্কাৰ-পৰিচ্ছন্নতা এইক্ষেত্ৰত খুবেই প্ৰয়োজন৷ যিকোনো আহাৰ গ্ৰহণৰ পূৰ্বে ভালকৈ হাত-মুখ ধুই ল’ব লাগে৷

⬛ পিন্ধা কাপোৰৰ লগতে ব্যৱহাৰ কৰা কাপোৰ আৰু বিছনাৰ কাপোৰ আদি সঘনাই ধুইহে ব্যৱহাৰ কৰিব লাগে৷ 

⬛ টনছিলাইটিছত আক্ৰান্ত হোৱাৰ সময়ছোৱাত শীত-তাপ নিয়ন্ত্ৰিত অথবা¸ বন্ধ কোঠাত সোমাই থাকিব নালাগে৷ 

⬛ এই সময়ছোৱাত ঠাণ্ডা পানীৰ লগতে ফ্ৰীজত ৰখা কোনো খাদ্য গ্ৰহণ কৰিব নালাগে৷ 

⬛ টুথ ব্ৰাছ ব্যৱহাৰৰ ক্ষেত্ৰতো সতৰ্ক হ’ব লাগে৷  টনছিলাইটিছত আক্ৰান্ত হ’লে এইখিনি নিময় মানি চলিলে কম সময়ৰ ভিতৰতে সুফল পাব৷