Logo
image

সন্ত্ৰাসবাদীৰ স্বৰ্গলৈ ৰূপান্তৰিত কানাডা

কলম্বো, ২৭ ছেপ্টেম্বৰঃ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী তথা খালিস্তানী আন্দোলনৰ অগ্ৰণী হৰদীপ সিং নিজ্জাৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ মাজৰ সংঘাত তুংগত উঠিছে৷ ভাৰতৰ পৰা অবৈধভাৱে কানাডালৈ গৈ পিছলৈ দেশখনৰ নাগৰিকত্ব লাভ কৰি ‘খালিস্তান টাইগাৰ্ছ ফ’ৰ্চ’ৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধেই যুদ্ধ ঘোষণা কৰিছিল নিজ্জাৰে৷ তেওঁৰ বিৰুদ্ধে ভাৰতত বহুকেইটা গোচৰ ৰুজু হয়৷ কিন্তু চলিত বৰ্ষৰ জুন মাহত তেওঁক কানাডাত দুজন লোকে গুলীয়াই হত্যা কৰে৷ এই হত্যাত ভাৰতীয় এজেণ্টৰ হাত থকা বুলি কানাডাৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰাৰ পাছতে এতিয়া ভাৰত আৰু  কানাডাৰ মাজত সংঘাত অব্যাহত আছে৷ তেনে সময়তে শ্ৰীলংকাই কানাডাক কৰে কঠোৰ সমালোচনা৷ শ্ৰীলংকাৰ বিদেশমন্ত্ৰী আলী ছাব্ৰিয়ে কানাডাৰ প্ৰধানমন্ত্ৰীক কঠোৰ সমালোচনা কৰি কয় যে কানাডাই কোনোধৰণৰ প্ৰমাণ নোহোৱাকৈয়ে  আনৰ বিৰুদ্ধে অভিযোগ আনিছে৷ তেওঁৰ মতে কানাডা বৰ্তমান সন্ত্ৰাসবাদীৰ সুৰক্ষিত স্বৰ্গ হৈ পৰিছে৷ কানাডাই সন্ত্ৰাসবাদী, গেংষ্টাৰক আশ্ৰয় দি প্ৰথমেই আন্তঃৰাষ্ট্ৰীয় নীতি ভংগ কৰিছে৷ কানাডাৰ ভুলৰ বাবেই এতিয়া ভাৰত আৰু কানাডাৰ মাজৰ কূটনৈতিক সম্পৰ্ক অতি বেয়া হৈছে৷ গতিকে শ্ৰীলংকাৰ বিদেশমন্ত্ৰীয়ে কানাডাক আহ্বান জনায় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ৷ কানাডাই শ্ৰীলংকাৰ বিৰুদ্ধেও পূৰ্বে বিতৰ্কিত মন্তব্য কৰিছিল৷ শ্ৰীলংকাত নৰসংহাৰ হোৱা বুলি কানাডাই মিছা প্ৰচাৰ চলোৱা বুলিও বিদেশমন্ত্ৰী আলী ছাব্ৰিয়ে অভিযোগ আনে৷