Logo
image

হ’লীডে’ পেকেজ, বিলাসী গাড়ীৰ অফাৰৰ পৰা সাৱধান

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৯ ছেপ্টেম্বৰঃ হ’লীডে’ পেকেজ আৰু বিলাসী গাড়ীৰ অফাৰৰ পৰা সাৱধান হওক৷ বহি: ৰাজ্যৰ প্ৰবঞ্চকৰ দল গুৱাহাটীত বাঁহৰ পাতি প্ৰবঞ্চনাৰ জাল মিলিছে৷ এই প্ৰবঞ্চনাৰ জালত পৰিলে আপুনি সৰ্বস্বান্ত হৈ যাব পাৰে৷ ইতিমধ্যে বহু লোকে এই প্ৰবঞ্চনাৰ জালত পৰি সৰ্বস্বান্ত হব লগা হৈছে৷ মূলত: প্ৰৱঞ্চকৰ হটস্পটলৈ পৰিণত হৈছে  ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰী৷ ভুৱা কলচেণ্টাৰৰ পাছত এইবাৰ গুৱাহাটী আৰক্ষীয়ে উৎখাত কৰিলে ‘Holiday’ কুপন আৰু বিলাসী গাড়ীৰ নামত প্ৰৱঞ্চনা কৰা এটা বৃহৎ চক্ৰ৷ বুধবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে আটক কৰিলে ইয়াৰ সৈতে জড়িত ১৯টা প্ৰৱঞ্চকক৷ উল্লেখ্য যে Ritz Cartton আৰু Club Vistana Vacation নামৰ দুটা কোম্পানীৰ নামত কৰা হৈছিল এই প্ৰৱঞ্চনা৷ প্ৰৱঞ্চকৰ দলটোৱে বিভিন্ন লোকক ফোন কৰি ভ্ৰমণৰ নামত Complimentary Luxury Holiday Offer Discount আছে বুলি প্ৰলোভন দিয়ে৷ ইয়াৰ পাচতেই গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশি লুট কৰি এক সন্ত্ৰাস চলাই আহিছিল৷ গুৱাহাটী মহানগৰীৰ আগশাৰীৰ চিকিৎসালয় মেট্ৰো হাস্পতালৰ এজন চিকিৎসকৰ অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে এই প্ৰৱঞ্চকৰ দলটোৰ বিৰুদ্ধে এই অভিযান চলায়৷ এই সন্দৰ্ভত সৱিশেষ সংবাদমেলযোগে সদৰী কৰে পূৱ গুৱাহাটী জিলাৰ ডিচিপি গৌতম বৰাই৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমেলত জনোৱা অনুসৰি চিকিৎসকগৰাকীৰ অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে হোটেল ‘গ্ৰীণ উড’ত এক অভিযান চলায়৷ এই অভিযানৰ সময়ত আৰক্ষীয়ে ৭টা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই ৭ প্ৰৱঞ্চকক সোধা-পোচা কৰাৰ পাছত পুনৰ আৰক্ষীয়ে পল্টন বজাৰৰ ‘হোটেল মা কামাখ্যা’ত অভিযান চলায়৷ এই অভিযানত আৰক্ষীয়ে আন ১২টা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ ভিতৰত আছে এগৰাকী মহিলাও৷ লগতে অভিযানকালত জব্দ কৰা হয় ২৩ টাকৈ ম’বাইল ফোন, ৪ টাকৈ চুইপ মেচিন, দুটা লেপটপ, পৰিচয় পত্ৰৰ লগতে বিভিন্ন নথি পত্ৰ আৰু এখন ফোন বুক৷ ফোন বুকখনত সৰহ সংখ্যক নম্বৰ আছিল চিকিৎসকৰ৷ অসমৰ প্ৰায় ১০ গৰাকী লোকক ইতিমধ্যে লুণ্ঠন চলাইছে প্ৰৱঞ্চকৰ দলটোৱে৷ জানিব পৰা মতে এগৰাকী গ্ৰাহকৰ পৰা প্ৰায় ২০ হাজাৰ টকা পৰ্যন্ত ধন লৈছিল এই প্ৰৱঞ্চকৰ দলটোৱে৷ জানিব পৰা মতে এগৰাকী গ্ৰাহকৰ পৰা প্ৰায় ৩০ হাজাৰ টকা পৰ্যন্ত ধন লৈছিল প্ৰৱঞ্চক দলটোৱে৷ অৱশ্যে সেই ৰাশি এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি আটাইকেইটা প্ৰৱঞ্চকক বহিঃৰাজ্যৰ৷ অধিকাংশ প্ৰৱঞ্চকৰ ঘৰ দিল্লী, ঝাৰখণ্ড, বিহাৰ আৰু পাটনাৰ বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ আটকাধীন প্ৰৱঞ্চক কেইটা ক্ৰমে চন্দন সিং, সজল কুমাৰ, চন্দন কুমাৰ, প্ৰদীপ কুমাৰ, মঃ চাব্বাজ আলম, চবিৰ আলী সাৰ্থক, নিৰ্মল কুমাৰ মিশ্ৰ, ফিৰোজ মালিক, প্ৰহ্লাদ কুমাৰ সিং, পংকজ গান্ধী, অনিকেত প্ৰসাদ, সঞ্জয় সিংহ ৰয়, এজাজ আলী, চাহিল আহমেদ, শিভম, নিৰজ, মৰ্ভিন মেছি, অপৰ্ণা৷ আৰক্ষীয়ে কালি ১৯জন প্ৰবঞ্চকক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক শুনি ১৫ জনক ন্যায়িক জিম্মা লৈ প্ৰেৰণ কৰে আৰু ভুৱা কোম্পানীটোৰ চাৰিজন সঞ্চালকক পাছ দিনৰ বাবে আৰক্ষীৰ জিম্মা লৈ প্ৰেৰণ কৰে৷ আৰক্ষীৰ জিম্মাত থকা ভুৱা কোম্পানীটোৰ চাৰিজন সঞ্চালক হৈছে ক্ৰমে প্ৰহ্লাদ কুমাৰ সিং, চন্দন সিং, শ্বাবাজ আলম আৰু মৰভিন মেছি৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব আৰু অধিক তথ্য৷ উল্লেখ্য যে মাত্ৰ কিছুদিন পূৰ্বে গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই ৮টা ভুৱা কল চেণ্টাৰ উৎখাত কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছিল শতাধিক প্ৰৱঞ্চকক৷