Logo
image

‘নাছা’ৰ দায়িত্ব চমজাই দিয়া হ’ল ভব্যা লালক

আমাৰ অসম, ৩ ফেব্ৰুৱাৰীঃ দেশবাসীৰ বাবে আৰু এটা আনন্দৰ খবৰ৷ ভাৰতীয় মূলৰ মাৰ্কিন বিজ্ঞানী ভব্যা লালক ‘নাছা’ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে৷ জো বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ‘নাছা’ৰ মুৰব্বীৰূপে হোৱাইট হাউছৰ বাছনিত উঠিল ইণ্ডো-মাৰ্কিন বিজ্ঞানী ভব্যা লালৰ নাম৷ লক্ষণীয়ভাৱে জো বাইডেনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰু পৰ্যালোচনা গোটৰো অন্যতম সদস্য আছিল ভব্যা লাল৷ তেওঁ ‘নাছা’ৰ পৰিৱৰ্তন সম্বন্ধীয় সমীক্ষা গোটৰ জ্যেষ্ঠ সদস্যৰূপে ইতিমধ্যে বিশেষ সুখ্যাতি অৰ্জন কৰিছে৷ ‘নাছা’ৰ ভাৰপ্ৰাপ্ত মুৰব্বীৰূপে ‘নাছা’ৰ নিয়মীয়া কাম-কাজ পৰিচালনা কৰাৰ উপৰি বাজেট আৰু বিত্তীয় কাম-কাজৰ ক্ষেত্ৰতো বিশেষ পৰামৰ্শ আগবঢ়াব ভব্যা লালে৷ ভব্যা লালৰ লগতে এলিচিয়া ব্ৰাউন আৰু ৰিগন হাণ্টাৰকো ‘নাছা’ৰ গুৰুত্বপূৰ্ণ পদবীত নিযুক্তি দিয়া হৈছে৷ ২০০৫ চনৰ পৰা ২০২০ চনপৰ্যন্ত আমেৰিকাৰ ‘ইন্‌ষ্টিটিউট ফৰ ডিফেন্স এনালাইছিছ এণ্ড টেক্‌ন’লজী পলিচী’ৰ গৱেষকৰূপে কৰ্মৰত আছিল ভব্যা লাল৷ জো বাইডেনৰ সৈতে থকা সম্পৰ্ক আৰু বিশেষ দক্ষতা-অৰ্হতাৰ বাবেই ভাৰতীয় বংশোদ্ভৱ ভব্যা লালৰ হাতত চমজাই দিয়া হ’ল ‘নাছা’ৰ দায়িত্ব৷