Logo
image

বদহজমৰ পৰা সকাহ পোৱাৰ উপায়

হজম ক্ষমতা ভালে থাকিলে বিভিন্ন ৰোগৰ আশংকা কমে৷ ভাল হজমৰ ফলত শৰীৰে সঠিক পুষ্টি লাভ কৰে৷ কিন্তু বদহজম আৰু কোষ্ঠকাঠিন্যৰ সমস্যাই মানুহক বিভিন্ন ধৰণে অসুস্থ কৰে৷ পেটৰ এনে সমস্যাত ভোগা লোকসকলে সদায় এটাৰ পাছত আন এটা ৰোগত আক্ৰান্ত হ’বলগা হয়৷ ফলত কোনো খাদ্যই তেওঁলোকে ভালদৰে খাব নোৱাৰা হয়৷ কিন্তু এনে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো নথকা নহয়৷ কিছুমান খাদ্য আছে যিবোৰ খালে বদহজম আৰু কোষ্ঠকাঠিন্য সমস্যাৰ পৰা সহজে পৰিত্ৰাণ পাব পৰা যায়৷ উল্লেখ কৰা হ’ল এনে কেইবিধমান খাদ্য–
(১) হালধিঃ হালধিত কাৰকিউমিন নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদান প্ৰাকৃতিক এণ্টি ইনফ্লেমেটৰি আৰু এণ্টি অক্সিডেণ্টযুক্ত৷ বদহজম আৰু কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিলে হালধি খোৱাৰ অভ্যাাস কৰক৷ ৰন্ধনাৰ লগতে কেঁচা হালধি আৰু হালধিৰ ৰস খালে উপকাৰ পোৱা যায়৷ তদুপৰি গ’ল্ডেন মি{¨ অৰ্থাৎ গাখীৰৰ সৈতে হালধি মিহলাই খাব পাৰে৷ গৰম পানী আৰু মৌৰ সৈতে হালধি মিহলাই খালেও উপকাৰ পাব পৰা যায়৷
(২) জালুকগুটিঃ জালুকগুটি এবিধ সাংঘাটিক উপকাৰী মছলা৷ এই মছলাই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে সুস্বাস্থ্য আনি দিয়ে৷ ডিঙি, হাওঁফাওঁ, অন্ত্ৰ, পেশী, জইণ্টসহ সকলোধৰণৰ প্ৰদাহ কমোৱাত সহায় কৰে জালুকগুটিয়ে৷ এইবিধ মছলা কাহ, চৰ্দি, গাঁঠিৰ বিহ আদিৰ ক্ষেত্ৰতো উপকাৰী৷ যিকোনো খাদ্য বা চাহৰ সৈতে জালুকগুটি গুৰি কৰি খাই চাব পাৰে৷ 
(৩) আদাঃ পেটৰ বিভিন্ন সমস্যা, যেনে পেটৰ বিষ, ক্ৰেম্প, গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ কৰাত আদাই কাম কৰে৷ বদহজমৰ সমস্যা আঁতৰোৱাৰ ক্ষেত্ৰত আদা বেছ কাৰ্যকৰী৷ চাহৰ সৈতে নিতৌ আদা মিহি কৰি কাটি খালে পেটৰ বিভিন্ন সমস্যা নিৰাময় হয়৷ আদা ৰস উলিয়ায়ো খাব পৰা যায়৷ 
(৪) লংঃ লঙে পেট ঠাণ্ডা কৰি ৰাখে৷ লগতে দাঁতৰ বিষ, ডিঙিৰ বিষ আৰু গাঁঠিৰ বিষ নিৰাময় কৰাত লঙে সহায় কৰে৷ পেটৰ সমস্যা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো চাহৰ সৈতে লং মিহলাই খাব পাৰে৷ ছালৰ সমস্যা থাকিলেও লং তেল ব্যৱহাৰ কৰিব পাৰে৷
(৫) মেথিগুটিঃ মেথিগুটিত থকা এণ্টি ইনফ্লেমেটৰি বৈশিষ্ট্যই প্ৰদাহ দূৰ কৰাত সহায় কৰে৷ প্ৰাচীন কালৰে পৰা পেটৰ বিষ, কোষ্ঠকাঠিন্য, পেট ফুলা আৰু অতিৰিক্ত ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মেথিগুটিৰ ব্যৱহাৰ হৈ আহিছে৷ গৰমপানীত মেথিগুটি উতলাই তাৰ ভাপ ল’ব পাৰিলে পেটৰ বিভিন্ন সমস্যা আঁতৰ হয়৷