Logo
image

হামাছৰ ৰকেট আক্ৰমণ ইজৰাইলৰ যুদ্ধ ঘোষণা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ অক্টোবৰঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ দীৰ্ঘায়িত হোৱাৰ সময়তে পেলেষ্টাইন আৰু ইজৰাইলে ৰণদুন্দুভি বজাই মধ্যপ্ৰাচ্যত পুনৰ আন এখন ভয়ংকৰ যুদ্ধৰ আৰম্ভণি ঘটাইছে৷ ইজৰাইল আৰু পেলেষ্টাইনৰ দীৰ্ঘতৰ সংঘাতক পুনৰ উজ্জীৱিত কৰি এইবাৰ যুদ্ধৰ সূচনা ঘটনাইছে পেলেষ্টাইনৰ গাজা ষ্ট্ৰীপৰ অধিকৰ্তা হামাছ বাহিনীয়ে৷ যুদ্ধৰ প্ৰথম ১২ ঘণ্টা অতিক্ৰম নৌহওঁতেই উভয় পক্ষৰ তিনি শতাধিকৰ মৃত্যু হৈছে৷ আমেৰিকা আৰু পশ্চিমীয়া বিশ্বই সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা হামাছে শনিবাৰে পুৱা আচম্বিতে যুদ্ধ আৰম্ভ কৰি ২০ মিনিটৰ ভিতৰত ইজৰাইলৰ ভূখণ্ডলৈ ৫,০০০ৰো অধিক ৰকেট নিক্ষেপ  কৰে আৰু একাধিক স্থানত সীমান্ত অতিক্ৰম কৰি ইজৰাইলৰ ভূমিত প্ৰৱেশ কৰি আক্ৰমণ হানে৷ হামাছৰ প্ৰাৰম্ভিক আক্ৰমণত অপ্ৰস্তুত ইজৰাইলৰ ১০০ৰো অধিক লোক নিহত হৈছে৷ নিহতৰ অধিকাংশই অসামৰিক লোক৷ হামাছৰ স্থলসেনাই ইজৰাইলৰ ভূখণ্ডৰ ভিতৰত প্ৰৱেশ কৰি বহুসংখ্যক অসামৰিক লোক আৰু ইজৰাইলী সেনাক পণবন্দী কৰিছে৷ সশস্ত্ৰ হামাছ বাহিনীয়ে ‘অপাৰেশ্বন আল আকছা ফ্লাড’ নামাকৰণ কৰি এই আকস্মিক আক্ৰমণ আৰম্ভ কৰে৷

পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনী হামাছৰ এই আকস্মিক আৰু অপ্ৰত্যাশিত আক্ৰমণৰ প্ৰাৰম্ভিক আঘাত চম্ভালি পশ্চিমীয়া শক্তিৰে বলীয়ান ইজৰাইলে পেলেষ্টাইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি প্ৰত্যাক্ৰমণ কৰিছে৷ ইজৰাইলে একেসময়তে বিমানেৰে আকাশমাৰ্গেৰে, ভূমধ্য সাগৰেৰে জলপথেৰে আৰু স্থলবাহিনীৰে স্থলভাগেৰে প্ৰত্যাক্ৰমণ আৰম্ভ কৰি এইখন যুদ্ধতো তেওঁলোকেই জয়লাভ কৰিব বুলি ঘোষণা কৰিছে আৰু ১৯৮জন পেলেষ্টাইনীক ইতিমধ্যে হত্যা কৰিছে৷ ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতান্যাহুৱে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছে আৰু পেলেষ্টাইনৰ বিৰুদ্ধে দেশখন যুদ্ধত অৱতীৰ্ণ হোৱা বুলি এটা ভিডিঅ’ বাৰ্তাৰে দেশবাসী তথা বৰ্হিবিশ্বক অৱগত কৰিছে৷ এই যুদ্ধক তেওঁ ‘অপাৰেশ্বন আইৰন শ্ব’ৰ্ড’ বুলি অভিহিত কৰি কৈছে– ‘এয়া সাধাৰণ অভিযান নহয়; আমি যুদ্ধত প্ৰবৃত্ত হৈছোঁ৷ হামাছে আকস্মিকভাৱে আমাক আক্ৰমণ কৰি দেশৰ বহু অসামৰিক লোকৰ প্ৰাণ কাঢ়ি নিছে৷ এয়া ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ৷ আমিও ইয়াৰ প্ৰত্যুত্তৰ যুদ্ধৰেই দিম৷ এই যুদ্ধতো আমিয়েই বিজয়ী হ’ম৷ শত্ৰুৱে এই আক্ৰমণৰ ভয়াৱহ মূল্য ভৰিব লাগিব৷’ ইজৰাইলে হামাছৰ অধিকাৰ আৰু প্ৰভাৱ থকা গাজা ষ্ট্ৰীপকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ অৱশ্যে ইজৰাইলৰ জল-স্থল-আকাশী আক্ৰমণত এইপৰ্যন্ত পেলেষ্টাইনৰ গাজা ষ্ট্ৰীপত কিমান ক্ষতি হৈছে আৰু কিমান নিহত হৈছে তাৰ কোনো নিৰ্দিষ্ট খবৰ ইজৰাইলে মুকলিকৈ প্ৰকাশ কৰা নাই৷ কিন্তু ‘আল জাজিৰা’ৰ বাতৰি অনুসৰি ইজৰাইলৰ প্ৰত্যাক্ৰমণত ১৯৮জন পেলেষ্টাইনী নিহত হৈছে৷ ইজৰাইলৰ বায়ুসেনা বাহিনীয়ে গাজা ষ্ট্ৰীপৰ দুটা উচ্ছ অট্টালিকা বোমা নিক্ষেপ কৰি ধবংস কৰিছে৷ তদুপৰি যুদ্ধ বিমানেৰে গাজাৰ অসামৰিক লোক থকা বিস্তীৰ্ণ অংশত এফালৰ পৰা বোমাবৰ্ষণ কৰিছে৷ ইয়াৰ ফলত কিমান লোক নিহত হৈছে সেয়া এতিয়াই ঠিৰাং কৰা কঠিন৷ 

ইজৰাইল আৰু পেলেষ্টাইনৰ দীৰ্ঘায়িত সংঘাতৰ মাজতে চলিত বছৰৰ আৰম্ভণিৰ পৰা দুয়োখন দেশৰ মাজত এৰাধৰাকৈ সংঘৰ্ষ অব্যাহত আছিল৷ হামাছৰ সৈতে ‘পেলেষ্টাইন ইছলামিক জিহাদ’ নামে আৰু এটা সশস্ত্ৰ গোষ্ঠীয়ে যোগ দিয়াত শক্তি বৃদ্ধি কৰি এইবাৰ ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইন জঁপিয়াই পৰিছে৷ ইজৰাইলৰ সেনাই পেলেষ্টাইনৰ বাসিন্দাৰ অৱশিষ্ট অঞ্চল গাজা ষ্ট্ৰীপৰ অধিকাংশ প্ৰৱেশ পথ বন্ধ কৰি দিয়াত পেলেষ্টাইনীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল৷ ইজৰাইলে কাৰ্যতঃ গাজা ষ্ট্ৰীপক অবৰুদ্ধ কৰি ৰখাত সেই অঞ্চলত বাস কৰা পেলেষ্টাইনৰ নাগৰিকৰ ওলোৱা-সোমোৱা পথ সকলো বন্ধ হৈ পৰিছিল৷ তদুপৰি বিগত ৯ মাহ ধৰি ইজৰাইলৰ সেনাই ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ আক্ৰণেৰে গাজা ষ্ট্ৰীপত অসংখ্য পেলেষ্টাইনীক হত্যা কৰিছে৷ শনিবাৰৰ হামাছৰ আক্ৰমণ পেলেষ্টাইনৰ গাজা ষ্ট্ৰীপৰ বাসিন্দাৰ ওপৰত ইজৰাইলৰ এই সঘন আৰু নেৰানেপেৰা আক্ৰমণৰ প্ৰতি ক্ষোভৰ বৰ্হিপ্ৰকাশ৷

হামাছে ইছলামিক জিহাদৰ সহযোগত মঙলবাৰে ইজৰাইলৰ বিৰুদ্ধে যি আক্ৰমণ কৰিছে, এয়া প্ৰকৃতাৰ্থতে অভূতপূৰ্ব৷ ইয়াৰ পূৰ্বে হামাছে মাজে-মধ্যে ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল৷ কিন্তু মঙলবাৰে পুৱা ৬.৩০ বজাত প্ৰথমটো ৰকেট আক্ৰমণ কৰাৰ পৰা হামাছে ২০ মিনিটত ৫,০০০ ৰকেট নিক্ষেপ কৰে৷ হামাছে আক্ৰমণ আৰম্ভ কৰে ছিমছাট ট’কাহ নামৰ ইজৰাইলৰ ছুক্কট উৎসৱৰ সামৰণি অনুষ্ঠানত৷ পৰৱৰ্তী সময়ত তেল আভিভৰ সমীপত ৰকেট আক্ৰমণ চলাই দলে দলে যোদ্ধাই ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰে৷ পেলেষ্টাইনৰ যোদ্ধাই পেৰাছ্যুটেৰে আকাশমাৰ্গৰ পৰা ইজৰাইলৰ ছিডৰট চহৰত নামি আক্ৰমণ কৰে৷ সম্প্ৰতি ইজৰাইলৰ খাফাৰ আজা, ছিডৰট, ছুফা, নাহাল অজ, মাগেন, বেএইৰি আদি অঞ্চলত উভয়পক্ষৰ সেনাৰ মাজত খণ্ডযুদ্ধ অব্যাহত আছে আৰু একে সময়তে ইজৰাইলৰ সেনাই পেলেষ্টাইনৰ গাজা ষ্ট্ৰীপত প্ৰৱেশ কৰাৰ লগতে বিমান আক্ৰমণ চলাই আছে৷ উল্লেখ্য, ২০০৮ চনত ইজৰাইলে পেলেষ্টাইনত আক্ৰমণ কৰি ১৪০০ জন, ২০১৪  চনত ২১০০ জন পেলেষ্টাইনীক হত্যা কৰিছিল৷ ২০২২ চনত ইজৰাইলে ১৫ টা শিশুৰ লগতে ৪৪ জন পেলেষ্টাইনী নাগৰিকক হত্যা কৰিছিল৷