Logo
image

ভাৰত স্তম্ভিত, ইজৰাইলক সমৰ্থন মোদীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন,৮ অক্টোবৰঃ ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠন হামাছে মঙলবাৰে চলোৱা আক্ৰমণত ভাৰত স্তম্ভিত হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংকটকালত ভাৰত ইজৰাইলৰ কাষত থিয় হোৱা বুলি মন্তব্য কৰিছে৷ তেওঁ কয়– ‘ইজৰাইলৰ বিৰুদ্ধে এই সন্ত্ৰাসবাদী আক্ৰমণত আমি স্তম্ভিত৷ আমাৰ প্ৰাৰ্থনা ইজৰাইলৰ নাগৰিকৰ প্ৰতি আছে৷ এই আক্ৰমণত যি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন  কৰিছোঁ৷ এই মুহূৰ্তত আমি ইজৰাইলৰ কাষত থিয় দিছোঁ৷’ ইপিনে, আমেৰিকাকে ধৰি পশ্চিমীয়া ৰাষ্ট্ৰৰ অধিকাংশই এই সংকটৰ পৰিস্থিতিত ইজৰাইলৰ পক্ষ গ্ৰহণ কৰিছে৷ যুদ্ধ দীৰ্ঘায়িত হ’লে মিত্ৰদেশ ইজৰাইলক আমেৰিকাৰ নেতৃত্বত নাটোৰ দেশে সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি পশ্চিমীয়া ৰাষ্ট্ৰই ইংগিত প্ৰদান কৰিছে৷

ইপিনে, এয়াৰ ইণ্ডিয়াই ইজৰাইলৰ পৰা অহা আৰু ইজৰাইললৈ যোৱা সকলো বিমানৰ যাত্ৰা বন্ধ ঘোষণা কৰিছে৷ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হঠাতে আৰম্ভ হোৱা যুদ্ধৰ পৰিপ্ৰেক্ষিতত সকলো বিমান সেৱা বন্ধ কৰা বুলি এয়াৰ ইণ্ডিয়াই ঘোষণা কৰিছে৷ উল্লেখ্য, আজিও নতুন দিল্লীৰ পৰা তেল আভিভলৈ আৰু তেল আভিভৰ পৰা নতুন দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ দুখন বিমান অহা-যোৱা কৰাৰ সূচী আছিল৷ সেই দুয়োখন বিমান যাত্ৰা বন্ধ কৰাৰ লগতে অনিৰ্দিষ্টকালৰ বাবে এয়াৰ ইণ্ডিয়াই ইজৰাইল অভিমুখী আৰু ইজৰাইলৰ পৰা ভাৰতলৈ অহা সকলো বাণিজ্যিক বিমান সেৱা বন্ধ কৰি দিছে৷

আনহাতে, ইজৰাইলত থকা ভাৰতীয় দূতাবাসে দেশখনত বসবাস কৰি থকা ভাৰতীয় নাগৰিকসকলৰ বাবে যুদ্ধকালীন পৰিস্থিতিত বিশেষ পৰামৰ্শৱলী আগবঢ়াই জাননী জাৰি কৰিছে৷ কোনো জৰুৰী পৰিস্থিতি অবিহনে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত ভাৰতীয় নাগৰিকসকলক ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ ভাৰতীয় দূতাবাসে নিৰ্দেশ দিছে৷