Logo
image

ঘৰুৱা উপায়েৰে দূৰ কৰক উফিৰ সমস্যা

আমাৰ অসম বিশেষঃ পুৰুষ-নাৰী উভয়ৰে চুলিত উফিৰ সমস্যা এটা বিৰক্তিকৰ আৰু জটিল সমস্যা৷ বিশেষকৈ শীতকালত উফিয়ে আৰু বেছিকৈ দিয়ে যন্ত্ৰণা৷ বৃদ্ধি পায় ছালৰ সমস্যাও৷ বহুতেই বিভিন্ন পদ্ধতি অৱলম্বন কৰা দেখা যায় যদিও বাৰম্বাৰ চুলিত উফিৰ সৃষ্টি হয়৷ বজাৰৰ নামী-দামী ব্ৰেণ্ডৰ চেম্পুৰ  দাম প্ৰচুৰ হ’লেও বেছিসংখ্যক লোকে সেইবোৰ ব্যৱহাৰ কৰে৷ কিন্তু আপোনাৰ সন্মুখতে আছে এনে কেতবোৰ প্ৰাকৃতিক উপাদান আছে, যিবোৰ ব্যৱহাৰ কৰিলে আপুনি বহু লাভান্বিত হ’ব৷ আনকি ইয়াৰ পাশ্বৰ্ক্ৰিয়াৰো কোনো ভয় নাথাকে৷  

কি উপায়েৰে চুলিৰ উফি দূৰ কৰিব–

বেকিং চোডাঃ প্ৰথমে ভালকৈ চুলি তিয়াই লওক৷ হাতৰ তলুৱাত বেকিং চোডা লৈ ভালকৈ মূৰৰ ছালত ঘঁহক৷ চেম্পু নহয়, কেৱল পৰিষ্কাৰ পানীৰে চুলি ধুই দিয়ক৷ বেকিং চোডা খুবেই উপকাৰী৷ উফিৰ যন্ত্ৰণা দূৰ কৰে৷ জানি থওক যে ইয়াক ব্যৱহাৰৰ ফলত প্ৰথম কেইদিনমান আপোনাৰ চুলি শুকান হৈ থাকিব৷ কিন্তু লাহে লাহে মূৰৰ ছালৰ পৰা তেল নিঃসৰণ হ’ব৷ যিয়ে চুলিক নৰম কৰিব আৰু উফিমুক্ত কৰিব৷ 

নাৰিকল তেলঃ নাৰিকল তেল আমাৰ সকলোৰে ঘৰতে থাকে৷ সহজলভ্য নাৰিকল তেলে উফি দূৰ কৰাত বহু বেছি কাৰ্যকৰী৷ অৱশ্যে এটা নিয়ম কৰি অৰ্থাৎ চেম্পু ব্যৱহাৰ কৰাৰ আগতে ৩-৫ মিনিট সময় চুলিত নাৰিকল তেল ভালকৈ ঘঁহিব৷ ইয়াৰ এঘণ্টা পাছত চেম্পু আৰু কণ্ডিশ্বনিং ব্যৱহাৰ কৰিলে উপকাৰ পাব৷ 

নেমুৰ ৰসঃ নেমু প্ৰায় সকলোৰে ঘৰতে থাকে৷ নেমুই ছাল সতেজ কৰা, দাগ আঁতৰ কৰা আৰু চুলিৰ উফি নিঃশেষ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে৷  দুই চামুচ নেমুৰ ৰসেৰে মূৰৰ তালুত ভালকৈ ঘঁহক৷ ইয়াৰ পাছত পানীৰে মূৰটো ধুই লওক৷ এইবাৰ এচামুচ নেমুৰ ৰসৰ সৈতে একাপ পানী মিহলাই সেই পানীৰে মূৰটো ধুই পেলাওক৷ এই উপকৰণটো প্ৰতিদিনে ব্যৱহাৰ কৰিব পাৰিলে উফি সহজতে আঁতৰ হ’ব৷ নেমুৰ ৰসত উপলব্ধ এচিডে উফিৰ সমস্যা দূৰ কৰে৷

অলিভ অইলঃ শীতকালত প্ৰায়েই অলিভ অইল ব্যৱহাৰ কৰা যায়৷ অলিভ অইল মূৰত সানি গোটেই ৰাতি ৰাখক৷ পিছদিনা পুৱা লাহে লাহে ঘঁহি লৈ চেম্পুৰে ধুই লওক৷ খুব সোনকালে উফি দূৰ হ’ব৷