Logo
image

হামাছৰ হাতত শিশুসহ শতাধিক পণবন্দী, জাৰ্মান মহিলাক হত্যা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ অক্টোবৰঃ শনিবাৰে প্ৰবল ৰকেট আক্ৰমণৰ পাছত জল-স্থল আৰু পেৰাগ্লাইডিঙৰ জৰিয়তে আকাশমাৰ্গেৰে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰা পেলেষ্টাইনৰ হামাছ যোদ্ধাই অসংখ্য ইজৰাইলীক পণবন্দী কৰিছে৷ ইজৰাইলৰ দক্ষিণ অঞ্চলৰ কমেও ২২ টাকৈ অঞ্চলত হামাছৰ যোদ্ধাই ঘৰে ঘৰে প্ৰৱেশ কৰি ইজৰাইলী লোকক হত্যা কৰিছে আৰু ঘৰদুৱাৰ জ্বলাই দিছে৷ শনিবাৰৰ পৰা ইজৰাইলৰ খাফাৰ আজা, ছিডৰট, ছুফা, নাহাল অজ, মাগেন, বেএইৰি আদি অঞ্চলত উভয়পক্ষৰ সেনাৰ মাজত চলি থকা যুদ্ধ আজিও অব্যাহত আছে আৰু অধিকাংশ অঞ্চলতে হামাছ বাহিনীয়ে ইজৰাইলী সেনাক পৰাভূত কৰিবলৈ সক্ষম হৈছে৷ অসতৰ্ক হৈ থকাৰ বাবেই ইজৰাইলৰ সেনাবাহিনীয়ে হামাছ যোদ্ধাক বেছিভাগ অঞ্চলৰ যুদ্ধতে বলে পৰা নাই৷ তদুপৰি সৰ্বসাধাৰণ যুদ্ধত একেলগে বিশালসংখ্যাত পদাতিক বাহিনীয়ে প্ৰৱেশ কৰাৰ দৰে প্ৰৱেশ নকৰি হামাছ যোদ্ধাই সৰু সৰু গোট বান্ধি বিভিন্ন অঞ্চলত গেৰিলাসদৃশ যুদ্ধ চলাই আছে৷ ফলত ইজৰাইলৰ সেনাই টেংক আৰু অন্যান্য যুদ্ধৰ গাড়ী লৈ আগবাঢ়ি আহিলেও স্থলভাগত বিভিন্ন সুবিধাজনক ঠাইত অৱস্থান লৈ থকা হামাছ যোদ্ধাই তেওঁলোকক ধৰাশায়ী কৰিছে৷ শত্ৰুপক্ষৰ সামৰিক আৰু অসামৰিক লোকক নিৰ্বিচাৰে হত্যা কৰাৰ লগতে শিশু, মহিলাসহ কেইবা শতাধিক ইজৰাইলীক হামাছ যোদ্ধাই পণবন্দী কৰি লৈছে৷ তেনে পণবন্দী হৈ থকা শিশু আৰু মহিলাৰ বহু ভিডিঅ’ হামাছ বাহিনীয়ে প্ৰকাশ কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ পণবন্দীসকলক নিজৰ লগতে ৰখাৰ বাবে হামাছ যোদ্ধাক প্ৰত্যাক্ৰমণ কৰিব পৰা নাই ইজৰাইলৰ সেনাই৷
ইপিনে এগৰাকী জাৰ্মান মহিলাৰ ক্ষত-বিক্ষত নগ্নদেহ লৈ ইজৰাইলৰ ৰাজপথত হামাছ যোদ্ধাই পেৰেড কৰাৰ এটা ভিডিঅ’ প্ৰকাশ পোৱাত ইজৰাইলৰ পক্ষত থকা সকলোৰে মনত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে৷ এখন পিকআপ ভানত জাৰ্মান মহিলাগৰাকীৰ ক্ষত-বিক্ষত নগ্ন দেহ লৈ গৈছিল হামাছ বাহিনীয়ে৷ তেওঁলোকে ভানখনত থকা নগ্ন মহিলাগৰাকীৰ শৰীৰলৈ ঘৃণাৰে থুৱাই দিছিল৷ সেই ভিডিঅ’টোৱে চাঞ্চল্যৰ সৃষ্টি কৰাত হামাছ বাহিনীয়ে দাবী কৰিছে যে তেওঁলোকে লৈ যোৱা মহিলাগৰাকী ইজৰাইল সেনাবাহিনীৰ সশস্ত্ৰ যোদ্ধা৷ তেওঁলোকে যুদ্ধত পৰাজিত কৰি সেই মহিলা সেনাগৰাকীক লৈ গৈছে৷ তেওঁ জাৰ্মান নাগৰিক নহয়৷ অৱশ্যে সেই মহিলাগৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে ছ’চিয়েল মিডিয়াত জনাইছে যে হামাছে নগ্ন অৱস্থাত পেৰেড কৰোৱা মহিলাগৰাকী তেওঁৰ ভগ্নী ছানি লুক৷ নিজৰ নাম আদি লুক বুলি দাবী কৰা মহিলাগৰাকীয়ে  কয় যে তেওঁলোক জাৰ্মান নাগৰিক আৰু তেওঁৰ ভগ্নী এগৰাকী টাট্টু শিল্পী, যি ছিমছাট  ট’কাহ উৎসৱত ভাগ ল’বলৈ ইজৰাইললৈ গৈছিল৷ ইপিনে অপহৰণ কৰি পণবন্দী কৰি ৰখা বহু ইজৰাইলী নাগৰিকক হামাছ বাহিনীয়ে নিৰ্বিচাৰে গুলীয়াই হত্যা কৰিছে৷ শতাধিক পণবন্দীক ইতিমধ্যে হামাছ বাহিনীয়ে গাজা অঞ্চললৈ বন্দী কৰি ৰখাৰ বাবে লৈ গৈছে৷