Logo
image

গাজা দখল কৰি হামাছ উৎখাত অভিযান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০অক্টোবৰঃ দেশৰ ভূখণ্ডৰ ভিতৰত সংঘটিত অপ্ৰত্যাশিত আৰু আকস্মিক আক্ৰমণ চম্ভালি লৈ এইবাৰ ইজৰাইলে পেলেষ্টাইনীসকলৰ বসতিস্থল, হামাছৰ প্ৰভাৱাধীন অঞ্চল গাজা ষ্ট্ৰিপ সম্পূৰ্ণৰূপে দখলৰ বাবে সামৰিক বাহিনীক নিৰ্দেশ দিছে৷ ইতিপূৰ্বে হামাছে শনিবাৰে আক্ৰমণ কৰাৰ পৰা ইজৰাইলে গাজা ষ্টিপলৈ বিদ্যুতৰ সৰবৰাহ বন্ধ কৰি দিছিল৷ সোমবাৰে ইজৰাইলে গাজা ষ্ট্ৰিপলৈ খাদ্য আৰু ইন্ধন যোগান সম্পূৰ্ণৰূপে অবৰোধ কৰি পেলেষ্টাইনীসকলক গাজা ত্যাগ কৰাৰ নিৰ্দেশ দিছে৷ ইপিনে ইজৰাইলৰ ভূখণ্ডৰ ভিতৰত হামাছৰ আক্ৰমণ প্ৰায় ব্যৰ্থতাৰে শেষ হৈছে৷ ইজৰাইল ডিফেন্স ফৰ্চৰ [আইডিএফ] মুখপাত্ৰ ৰিয়েৰ এডমিৰেল ডেনিয়েল হাগাৰিয়ে সংবাদ সংস্থা চিএনএনৰ ওচৰত এই দাবী কৰিছে৷ তেওঁ কয়–‘ইজৰাইলৰ ভূখণ্ডৰ ভিতৰত আজি আইডিএফ আৰু হামাছৰ কোনো সংঘৰ্ষ হোৱা নাই৷ ইজৰাইলৰ সেনাই শত্ৰুৱে আক্ৰমণ কৰা দেশৰ প্ৰত্যেকটো অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ আনিছে৷’ উল্লেখ্য, ৪৮ ঘণ্টাৰো অধিক সময় ইজৰাইলৰ ৬.২ মাইল [১০ কিলোমিটাৰ] ভিতৰলৈ সোমাই প্ৰানপনে যুঁজ দিয়া হামাছৰ যুদ্ধৰ খবৰ আজি নাই৷ হয় হামাছৰ যোদ্ধাই মৰনপণ যুঁজ দি মৃত্যুবৰণ কৰিছে, নহয় পুনৰ নিজৰ ঘাটিলৈ ইজৰাইলী পনবন্দীসহ উভতি গৈছে৷ দেওবাৰলৈকে ৪৮ ঘণ্টাৰো অধিক সময় ধৰি হামাছ যোদ্ধাই ইজৰাইলৰ দক্ষিণ অঞ্চলৰ ছেৰাট, খাফাৰ আজা, ছুফা, নাহাল অজ, মাগেন, বেএইৰিকে ধৰি কমেও ২২ টা অঞ্চলত প্ৰানপন যুঁজ কৰিছিল৷

বিগত তিনিদিনৰ যুদ্ধত উভয়পক্ষৰ ১৩০০ তকৈয়ো অধিক লোকৰ মৃত্যু হৈছে৷ হামাছৰ আক্ৰমণত ইজৰাইলত সেনা-অসামৰিক লোকসহ ৮০০ জন নিহত হৈছে আৰু ২,২৪৩ জন আহত হৈছে৷ আনহাতে ইজৰাইলৰ বিমান আক্ৰমণত গাজা অঞ্চলত নিহত হৈছে ৫১০ জন পেলেষ্টাইনী আৰু আহত হৈছে ২,৭৫০ জন৷ পেলেষ্টাইনৰ আপেক্ষিকভাৱে শান্ত অঞ্চল ৱেষ্ট বেংকত ১৬ জন নিহত আৰু ৮০ জন আহত হৈছে৷ 

হামাছৰ আকস্মিক আক্ৰমণ চম্ভালি লৈ এইবাৰ ইজৰাইল পেলেষ্টাইনৰ ওপৰত জপিয়াই পৰিছে৷ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী য়াওভ গেলেণ্টে দেশৰ সামৰিক বাহিনীক সম্পূৰ্ণ গাজা ষ্ট্ৰিপ দখল কৰিবলৈ নিৰ্দেশ দিছে৷ তেওঁ কয়–‘মই আমাৰ সেনা বাহিনীক সম্পূৰ্ণ গাজা ষ্ট্ৰিপ দখল কৰিবলৈ নিৰ্দেশ দিছো৷ গাজাত বিদ্যুৎ যোগান, খাদ্য যোগান, ইন্ধন যোগান বন্ধ কৰি দিয়া হৈছে৷ আমি মানুহ নামধাৰী কেতবোৰ জন্তুৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছো৷’ প্ৰসংগতঃ উল্লেখযোগ্য, ২০০৭ চনৰ পৰাই ইজৰাইলে সম্পূৰ্ণ গাজা ষ্ট্ৰিপ অবৰোধ কৰি ৰাখিছে৷ এফালে ভূমধ্য সাগৰ আৰু আনদিশে ইজৰাইল তথা ইজিপ্তেৰে বেষ্টিত গাজা ষ্ট্ৰিপৰ মাটিকালি মুঠেই ৩৬৫ বৰ্গ কিলোমিটাৰ৷ এই সামান্য অংশটোতে ২.৩ নিযুত পেলেষ্টাইনীয়ে বাস কৰে৷ এই অঞ্চলটো সশস্ত্ৰ সংগঠন হামাছৰ প্ৰভাৱাধীন৷ ২০০৭ চনত এখন চমু গৃহযুদ্ধত চৰকাৰী ফাটাহ বাহিনীক পৰাজিত কৰি অঞ্চলটো নিজৰ দখললৈ নিছিল হামাছে৷ সম্প্ৰতি দেশৰ সংসদত হামাছৰ সদস্য সংখ্যা ফাটাহতকৈ অধিক৷ তেওঁলোক পেলেষ্টাইনৰ প্ৰকৃত বাসিন্দা হোৱা স্বত্ত্বেও শক্তিশালী ইজৰাইলে গাজা ষ্ট্ৰিপৰ জল-স্থল-আকাশীপথ ২০০৭ চনৰ পৰাই নিজৰ নিয়ন্ত্ৰণত ৰাখিছে৷ গাজা ষ্ট্ৰিপৰ পৰা বাসিন্দাৰ ওলোৱা সোমোৱা, খাদ্য-ৰচদ ইত্যাদিৰ সৰবৰাহো ইজৰাইলৰ নিয়ন্ত্ৰণত৷ তদুপৰি ইজৰাইলে পশ্চিমমীয়া শক্তিৰে বলীয়ান গৈ গাজা ষ্ট্ৰিপত বাস কৰা পেলেষ্টাইনীৰ ওপৰত দশক দশক ধৰি অত্যাচাৰ কৰি আছে৷ এই যুদ্ধৰ আগলৈ চলিত বছৰৰ প্ৰথম ৯ মাহত ইজৰাইলে গাজা অঞ্চলত ৭০ৰো অধিক পেলেষ্টাইনীক হত্যা কৰিছে৷ এইবাৰ যুদ্ধ ঘোষণা কৰি ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতান্যাহুৱে গাজাক পৰিত্যক্ত দ্বীপত পৰিণত কৰিব বুলি হুংকাৰ দিছে আৰু পেলেষ্টাইনীসকলক গাজা ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে৷