Logo
image

মোদীৰ নেতৃত্বত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে ৫ ৰাজ্যত চৰকাৰ গঠন কৰিব বিজেপিয়েঃ জে পি নাড্ডা

ডিজিটেল ডেস্কঃ আগন্তুক পাঁচ ৰাজ্যত হ'বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বিজেপিয়ে৷ মোদীৰ নেতৃত্বত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পাঁচোখন ৰাজ্যতে বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ এই দাবী কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই৷ 

সোমবাৰে নিৰ্বাচন আয়োগে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। মধ্য প্ৰদেশ, ৰাজস্থান, মিজোৰাম, ছত্তীশগড় আৰু তেলেংগনাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে৷ বিজেপিৰ সভাপতি জে পি নাড্ডাই নিৰ্বাচন আয়োগৰ ঘোষণাক আদৰণি জনাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে সকলো ৰাজ্যতে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব আৰু অহা পাঁচ বছৰত জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ প্ৰতিশ্ৰুতিৰে কাম কৰিব৷

নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি ৫ খন ৰাজ্যত ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব নিৰ্বাচন। মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৭ নৱেম্বৰত, ৰাজস্থানত ২৩ নৱেম্বৰত, তেলেংগনা ৩০ নৱেম্বৰত, মধ্যপ্ৰদেশত ১৭ নৱেম্বৰত আৰু ছত্তীশগড়ত দুটা পৰ্যায়ক ৭ আৰু ১৭ নৱেম্বৰত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। আটাইকেইখন ৰাজ্যৰ ভোটগণনা হ'ব ৩ ডিচেম্বৰত।