Logo
image

হামাছ-ইজৰাইলৰ যুদ্ধত এইপৰ্যন্ত ১,৬০০ লোকৰ মৃত্যু

টেল আভিভ, ১১ অক্টোবৰঃ পেলেষ্টাইন আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষ বহু পুৰণি৷ সেই পুৰণি সংঘৰ্ষই এতিয়া পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ কাৰণ যোৱা শনিবাৰে পুৱতি নিশাই গাজা শাসন কৰি থকা পেলেষ্টাইনৰ চৰমপন্থী সংগঠন হামাছে ইজৰাইলৰ ওপৰত কৰে ভয়ংকৰ আক্ৰমণ৷ যিয়ে ইজৰাইলৰ প্ৰায় ৯০০জন লোকৰ প্ৰাণ লয়৷ হামাছে ইজৰাইলৰ ১০০জনৰো অধিক লোকক বন্দী কৰে৷ গতিকে ইজৰাইলেও প্ৰতিশোধস্বৰূপে¸হামাছৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰে৷ যাৰ ফলত এতিয়ালৈকে ইজৰাইল আৰু হামাছৰ যুদ্ধত দুয়োপক্ষৰ ১,৬০০জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু কেইবা হাজাৰ লোক আহত হৈছে৷ গাজাত লক্ষাধিক লোক গৃহহাৰা হৈছে৷ ইজৰাইলৰ বায়ুসেনাৰ আক্ৰমণত নিমিষতে ধবংস হৈছে গাজাৰ বৃহৎ বৃহৎ অট্টালিকা৷ ইজৰাইলে ৭২ ঘণ্টাত গাজাত ১,৭০০টা স্থান ধবংস কৰে৷ ফলত মৃত্যু হয় ৭০৪জন লোকৰ৷ খাদ্য, পানী, ঔষধ, বিদ্যুৎ আদিৰ নাটনি হৈছে গাজাত৷ তেনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে সকীয়াই দিয়ে যে এয়া হৈছে আৰম্ভণিহে৷ ‘আমাৰ প্ৰতিশোধ আৰম্ভ হৈছেহে৷ আৰু ভয়ংকৰ প্ৰত্যুত্তৰ পাবলৈ বাকী আছে হামাছে৷’– এক্সৰ জৰিয়তে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে সকীয়াই দিয়ে৷ ইজৰাইলে চলোৱা আক্ৰমণত গাজাত এতিয়ালৈকে৷ গাজাৰ লগতে ৱেষ্ট বেংককো ইজৰাইলী সেনাই সম্পূৰ্ণ ঘেৰি পেলায়৷ ইয়াত প্ৰায় ২৮ লাখ পেলেষ্টাইনীয়ে বাস কৰে৷ ৱেষ্ট বেংকত প্ৰৱেশ কৰা পথ লোৰ গেইট আৰু ইটা-চিমেণ্টেৰে বন্ধ কৰি দিয়া হৈছে৷ ইয়াতো ১৭জনৰ মৃত্যু হয়৷