Logo
image

গাজাত ঘোৰ অন্ধকাৰ পোহৰাইছে মিছাইলে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ অক্টোবৰঃ বহলে দহ কিলোমিটাৰ৷ দৈৰ্ঘ ৪১ কিলোমিটাৰ৷ পশ্চিম দিশে আবৰি আছে ভূমধ্য সাগৰে৷ দক্ষিণত বৈৰী ইজিপ্ত৷ উত্তৰ আৰু পূৱ দিশে চিৰবৈৰী ইজৰাইল৷ সেই অবৰুদ্ধ সামান্য অংশটোতে বাস কৰে ২৩ লাখ পেলেষ্টাইনী নাগৰিকে৷ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৫,৫০০ জন৷ এই ২৩ লাখ পেলেষ্টাইনীৰ ১৭ লাখেই ৰিফিউজি৷  অৰ্থাৎ নিজ দেশতে শৰণাৰ্থী৷ এই ১৭ লাখ শৰণাৰ্থীৰ জীৱন নিৰ্বাহ নিৰ্ভৰ কৰে ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, ৰাষ্ট্ৰ আৰু ইউৰোপিয়ান ইউনিয়নে যোগান ধৰা সাহায্য সামগ্ৰীৰ ওপৰত৷ এছিয়াৰ একেবাৰে উত্তৰ পশ্চিমৰ সেই অংশটোৰ নাম গাজা ষ্ট্ৰিপ আৰু এতিয়া তাত অন্ধকাৰ৷ ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধই পঞ্চম দিন অতিক্ৰম কৰাৰ সময়ত, এতিয়া সূৰ্য অস্তাচলত ডুব যোৱাৰ ক্ষণত গাজাত ঘোৰ অন্ধকাৰ৷ ইন্ধনৰ অভাৱত বুধবাৰে গাজাৰ একমাত্ৰ তাপবিদ্যুৎ কেন্দ্ৰটোৰ বিদ্যুৎ উৎপাদন বন্ধ হৈ যোৱাৰ লগে লগে ঘোৰ অন্ধকাৰত বুৰ গৈছে সমগ্ৰ গাজা অঞ্চল৷ পেলেষ্টাইনৰ শক্তি মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই উদ্বিগ্নতাৰ খবৰ৷ যোৱা শনিবাৰে গাজা শাসন কৰি থকা হামাছ নামৰ সশস্ত্ৰ সংগঠনটোৱে সীমান্ত পাৰ হৈ ইজৰাইলত বিগত ৫০ বছৰৰ বৃহত্তম আক্ৰমণটো সংঘটিত কৰাৰ দিনাই ইজৰাইলে গাজালৈ সৰবৰাহ হোৱা বিদ্যুৎ সংযোগ কৰ্তন কৰি দিছিল৷ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী য়াওভ গেলাণ্টে কঠোৰ নিৰ্দেশ জাৰি কৰি গাজাক সম্পূৰ্ণ অৱৰোধ কৰিছিল৷ সেইদিনাৰ পৰা গাজালৈ কোনো ইন্ধন, খাদ্য-সামগ্ৰী আৰু ইন্ধন সৰবৰাহ হোৱা নাই৷ পৰিহাসৰ কথা এয়াই, নিজ ভূমিলৈ পেলেষ্টাইনৰ বাবে খাদ্য, ইন্ধন আহে ইজৰাইলৰ ভূমিভাগেৰে৷ কিয়নো পেলেষ্টাইনৰ অন্যতম এই অংশৰ আকাশসীমা, জলপথ আৰু স্থলপথ ইজৰাইলে সদায় বন্ধ কৰি নিজৰ নিয়ন্ত্ৰণত ৰাখে৷ দক্ষিণৰ অংশ নিয়ন্ত্ৰণ কৰে ইজিপ্ত বা মিছৰে৷ সেয়ে বিগত চাৰিদিন পূৰ্বৰ মজুত ইন্ধনেৰে তাপ বিদ্যুৎ কেন্দ্ৰ সচ্ছল থাকিলেও আজি শেষটোপা ইন্ধনৰো সমাপ্তি ঘটাত এতিয়া ৩৬৫ বৰ্গকিলোমিটাৰ অঞ্চলটো ঘোৰ অন্ধকাৰত৷ গাজাৰ আকাশত বুধবাৰে নিশা যি পোহৰৰ চিকমিকণি দেখা গৈছে সেয়া হৈছে ইজৰাইলে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ পোহৰ৷ বিজুলিৰ চমকৰ দৰে গাজাৰ অন্ধকাৰ আকাশত নিশা চমকণি উঠিছে ইজৰাইল বায়ু সেনা বাহিনীয়ে কৰা বোমাবৰ্ষণৰ বিস্ফোৰণত সৃষ্টি হোৱা, সিপাৰৰ পৰা উৰি অহা ক্ষেপণাস্ত্ৰ আৰু মানৱবিহীন গাইডেড ড্ৰোনৰ মুহুৰ্মুহু বিস্ফোৰণৰ অগ্নিস্ফুলিংগ৷ 

অৱশ্যে শেষ হৈয়ো সমাপ্তি ঘটা নাই হামাছ যোদ্ধাৰ আক্ৰমণ৷ বুধবাৰে গধুলি পুনৰ হামাছে অলেখ ৰকেট নিক্ষেপ কৰিছে ইজৰাইলৰ ভূখণ্ডলৈ৷ হামাছৰ ৰকেটে আঘাত হানিছে ইজৰাইলৰ তেল আভিভ মহানগৰীৰ বিমান বন্দৰত৷ হামাছৰ এই ৰকেট আক্ৰমণে সচকিত কৰি তুলিছে ইজৰাইলৰ আই ডি এফ অৰ্থাৎ সেনাবাহিনীক৷ হামাছৰ ৰকেট বৃষ্টিত বিবুধিত পৰি ইজৰাইলে বুধবাৰে সন্ধিয়া পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বেন গুৰিয়ন বিমান বন্দৰৰ উৰণ-অৱতৰণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে৷ কিয়নো ইজৰাইলৰ শক্তিশালী ‘এণ্টি মিছাইল ছিষ্টেম’ ‘আইৰণ ডোম’ক অকামিলা কৰি হামাছৰ ৰকেটে আঘাত হানিছে বেন গুৰিয়ন বিমান বন্দৰত৷ আনহাতে, ইজৰাইলে একে সময়তে দুটা ‘ফ্ৰণ্ট’ত যুঁজ দিবলগীয়া হোৱাত বিচলিত হৈ পৰিছে৷ কিয়নো ইজৰাইলক উত্তৰ দিশৰ পৰা বুধবাৰে পুনৰ ৰকেট আক্ৰমণ কৰিছে লেবাননত খোপনি পুতি থকা শক্তিশালী সশস্ত্ৰ সংগঠন হিজবুল্লাই৷ গাজাৰ সীমাত বিশাল সেনাৰ সমাৱেশ ঘটায়ো পেলেষ্টাইনৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ ইতঃস্ততঃ কৰি আছে ইজৰাইল ডিফেন্স ফৰ্চে৷ কিয়নো একেসময়তে উত্তৰ দিশে লেবানন সীমান্তৰ পৰাও আক্ৰমণৰ আশংকা থকাত ইজৰাইলে স্থলবাহিনীক গাজাৰ সীমাত সাজু কৰি ৰাখিও প্ৰৱেশ কৰিবলৈ দিয়া নাই৷ উল্লেখ্য, হিজবুল্লা লেবাননৰ সশস্ত্ৰ গোটেই নহয়, এটা ৰাজনৈতিক দলো৷ অৱশ্যে প্ৰত্যুত্তৰত ইজৰাইলে লেবাননৰ দক্ষিণ অংশত মৰ্টাৰ আৰু আৰ্টিলেৰীৰে গোলা নিক্ষেপ কৰি প্ৰত্যাক্ৰমণ চলাইছে৷ বুধবাৰে ইজৰাইলে আৰ্টিলেৰী আৰু মৰ্টাৰেৰে ছিৰিয়ালৈকো গোলা-বাৰুদ নিক্ষেপ কৰে৷ ইজৰাইলৰ দাবী, ছিৰিয়ায়ো ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিছে৷ লেবাননক ইজৰাইলৰ বিৰুদ্ধে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত প্ৰবৃত্ত নহ’বলৈ আমেৰিকাই সকিয়াই দিছে৷ কিন্তু হিজবুল্লাৰ আক্ৰমণ অব্যাহত থকা অৱস্থাতে ছিৰিয়াই ইজৰাইললৈ ৰকেট নিক্ষেপ কৰাৰ খবৰে পশ্চিমীয়া ৰাষ্ট্ৰক উদ্বিগ্ন কৰি তুলিছে৷ ইজৰাইলৰ অনুৰোধত ফ্ৰান্সে হিজবুল্লাক আক্ৰমণৰ পৰা নিৰস্ত্ৰ হোৱাৰ আহ্বান জনাইছে৷ 

যুদ্ধৰ পঞ্চম দিন অতিক্ৰম কৰাৰ সময়ত উভয়পক্ষৰ ৩,৫০০ সামৰিক-অসামৰিক লোক নিহত হৈছে৷ নিহতৰ ক্ষেত্ৰত অসামৰিক লোকৰ সংখ্যাই অধিক৷ অৱশ্যে এই পৰ্যন্ত সৰ্বাধিক ক্ষতি হৈছে ইৰজাইলৰ৷ ইজৰাইল হামাছ আৰু হিজবুল্লাৰ দ্বিমুখী আক্ৰমণত বিতত হৈ পৰাৰ সময়তে তৃতীয় শত্ৰু হিচাপে যুদ্ধত ছিৰিয়াৰ আবিৰ্ভাৱ ঘটিছে আৰু সেই সময়তে মিত্ৰ ইজৰাইলক সংকটত সহায় কৰাৰ বাবে বিশাল অস্ত্ৰভাণ্ডাৰ লৈ মাৰ্কিন বিমানে ইজৰাইলত অৱতৰণ কৰিছে৷ ইতিপূৰ্বে ৮ বিলিয়ন মাৰ্কিন ডলাৰ আৰ্থিক সাহায্য প্ৰদান কৰা জো বাইডেনে এইবাৰ তাৎক্ষণিকভাৱে ইজৰাইললৈ অস্ত্ৰভাণ্ডাৰ প্ৰেৰণ কৰিছে৷ অচিৰেই মাৰ্কিন বৈদেশিক মন্ত্ৰী এণ্টনি ব্লিংকেন আহি ইজৰাইলত উপস্থিত হ’ব৷ বুধবাৰে ইজৰাইলত উপস্থিত হৈছে ব্ৰিটিছ বৈদেশিক মন্ত্ৰী জেমছ ক্লেভাৰলি৷ তেওঁ যুদ্ধত আহত সৈনিকক সাক্ষাত কৰাৰ পাছত ৰাষ্ট্ৰপতি বেঞ্জামিন নেতান্যাহুৰ সৈতে গোপন মন্ত্ৰণাত মিলিত হৈছে৷