Logo
image

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ স্বাস্থ্য সংকটজনক

ঢাকা, ১২ অক্টোবৰঃ ‘নজৰবন্দী’ত থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেশ্বনেলিষ্ট পাৰ্টীৰ [বিএনপি] মুৰব্বী খালেদা জিয়াৰ স্বাস্থ্যৰ অৱনতি ঘটিছে৷ ৭৮ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্য অতি জটিল হৈ পৰাৰ পাছতে মঙলবাৰে তেওঁক দেশৰ সবাতোকৈ ডাঙৰ ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়৷ হাস্পতালৰ ফালৰ পৰা এখন মেডিকেল বুলেটিন প্ৰকাশ কৰে৷ চিকিৎসকে প্ৰকাশ কৰা অনুসৰি খালেদা জিয়াৰ অৱস্থা অতি সংকটজনক আৰু তেওঁক বচোৱাটো প্ৰায় অসম্ভৱ৷ অতি সোনকালেই তেওঁক উন্নত চিকিৎসাৰ বাবে বিদেশলৈ প্ৰেৰণ কৰাটো প্ৰয়োজন৷ উল্লেখ্য, খালেদা জিয়াৰ স্বামী প্ৰয়াত জিয়া-উৰ-ৰহমান বাংলাদেশৰ ৰাষ্ট্ৰপতি আছিল৷ তেওঁ সেনা বিষয়াৰ পৰা ৰাজনেতা হৈছিল৷ কিন্তু তেওঁক হত্যা কৰা হৈছিল৷ খালেদা জিয়াই স্বামীৰ নামত নিৰ্মাণ কৰা অনাথালয়ৰ নামত বৃহৎ পৰিমাণৰ ধন হেৰ-ফেৰ কৰিছিল৷ দুৰ্নীতিৰ দুটা গোচৰত ২০২০ চনত আদালতে দোষী সাব্যস্ত কৰি ১৭ বছৰৰ কাৰাদণ্ড বিহিছিল৷ পিছত তেওঁক চৰ্তসাপেক্ষে কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিয়া হৈছিল৷ কিন্তু ঘৰতে তেওঁ নজৰবন্দী হৈ থাকে৷ নজৰবন্দী হৈ থকাৰ সময়তে তেওঁ অসুস্থ হৈ পৰে আৰু এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে৷ তেওঁ যকৃত সম্পৰ্কীয় জটিল ৰোগত ভুগি আছে৷ যাৰ ফলত তেওঁ উশাহ ল’বলৈও কষ্ট পাইছে৷ ৯ আগষ্টৰ পৰাই তেওঁ অসুখত ভুগিছিল যদিও চৰকাৰে চিকিৎসাৰ অনুমতি প্ৰদান কৰা নাছিল৷