Logo
image

বাংলাদেশেও উদ্ভাৱন কৰিলে ক’ভিড ভেক্‌চিন

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ ভাৰতৰ পিছে পিছে আগবাঢ়িছে বাংলাদেশ৷ ভাৰতৰ পাছত এইবাৰ উপ-মহাদেশৰ দ্বিতীয় দেশ হিচাপে ক’ভিড ভেকচিন উদ্ভাৱন কৰিছে বাংলাদেশে৷ বাংলাদেশত এই ভেকচিনবিধৰ নাম ৰখা হৈছে– ‘বংগভ্যাক্স’৷ এই কথা সদৰি কৰিছে দেশখনৰ জনসংযোগ বিভাগৰ মন্ত্ৰী ড॰ হাছান মাহমুদে৷ বৃহস্পতিবাৰে দুপৰীয়া সচিবালয়ৰ তথ্য মন্ত্ৰণালয়ৰ সভাত উপস্থিত থাকি  ক’ভিড ভেকচিন আৱিষ্কাৰৰ কথা  উল্লেখ কৰি তেওঁ কয় যে বাংলাদেশৰ গৱেষক-বিজ্ঞানী কাকন নাগ আৰু নাজনীন চুলতানাৰ মৌলিক গৱেষণাত ‘বংগভ্যাক্স’ ভেকচিন আৱিষ্কাৰ কৰা হৈছে৷ যিটোক বিশ্ব স্বাস্থ্য সংস্থাইও অন্তৰ্ভুক্ত কৰিছে আৰু বাংলাদেশ মেডিকেল কাউন্সিলেও চূড়ান্ত অনুমোদন জনাইছে৷ তেওঁ কয় যে উপ-মহাদেশৰ দ্বিতীয় দেশ হিচাপে বাংলাদেশে ক’ভিড ভেকচিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ পৃথিৱীৰ বহুসংখ্যক দেশে এই ভেকচিনৰ আৱিষ্কাৰ এতিয়ালৈকে কৰিব পৰা নাই৷ ইয়াৰ বাবে আমি গৌৰৱান্বিত৷ বৈঠকত বাংলাদেশ চৰকাৰৰ জ্যেষ্ঠ সচিব হেলালুদ্দিন আহমেদ, তথ্য সচিব খাজা মিঞা, চট্টগ্ৰাম বিশ্ববিদ্যালয় এলমিন এছ’চিয়েশ্বনৰ সভাপতি আব্দুল কৰিম, গ্লোব বায়’টেকৰ শীৰ্ষ বিষয়া তথা ভেকচিন আৱিষ্কাৰ কৰা দলৰ মুখ্য কাকন নাগ, বিজ্ঞানী নাজনীন চুলতানা উপস্থিত আছিল৷ কাকন নাগে জনোৱা মতে, প্ৰায় তিনি সপ্তাহ পূৰ্বে বি এম আৰ চিত এথিকেল ক্লিয়াৰেন্সৰ বাবে যাৱতীয় তথ্য দাখিল কৰা হৈছে৷ ইয়াৰ পূৰ্বে চৰকাৰৰ বিভিন্ন বিভাগে এই ভেকচিন উৎপাদন আৰু ক্লিনিকেল পৰীক্ষাৰ বাবে যাৱতীয় অনুমোদন জনাইছে৷ তেওঁ কয়, এই ভেকচিন আধুনিক পদ্ধতিত প্ৰস্তুত কৰা হৈছে৷ আমাৰ বাবে গৌৰৱৰ বিষয় যে আমি মৌলিক গৱেষণাৰ জৰিয়তে এই ভেকচিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছো৷ ইয়াত কোনো দেশৰে নমুনা নকল কৰা হোৱা নাই৷ খুব সম্ভৱ এই ভেকচিনবিধ চিংগল ড’জ ভেকচিন হিচাপে বিবেচিত হ’ব৷ ই হ’ব পৃথিৱীৰ সবাতোকৈ নিৰাপদ ভেকচিন৷ বিজ্ঞানী নাজনীন চুলতানাই কয়– ভাৰতৰ পৰা এজন জ্যেষ্ঠ সঞ্চালকে আমালৈ ফোন কৰি আমাৰ পৰা ‘বংগভ্যাক্স’ নিয়াৰ বাবে ইতিমধ্যে অৱগত কৰিছে৷