Logo
image

ইজৰাইলৰ আক্ৰমণত বিধবস্ত গাজা ২৪ ঘণ্টাত গৃহহাৰা ১ লাখ লোক

নতুন দিল্লী, ১৩ অক্টোবৰঃ গাজাত নতুনকৈ গৃহহীন হৈছে প্ৰায় ৩,৩৮,০০০ লোক৷ অতি ঘনবসতিৰ ক্ষুদ্ৰ চহৰখনৰ নাগৰিক এতিয়া হয় নিহত, নহ’লে আহত অথবা গৃহহীন হ’বলগীয়া হৈছে৷ ইজৰাইলে কৰা বোমা বৰ্ষনৰ লক্ষ্য হৈ পৰিছে আনকি শৰণাৰ্থী শিবিৰসমূহো৷ শেহতীয়াকৈ জাবালিয়াত থকা এটা শৰণাৰ্থী শিবিৰ বোমাৰে উৰুৱাই দিছে ইজৰাইলে৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত গাজাত মুঠ জনসংখ্যাৰ ৩০ শতাংশ অৰ্থাৎ ১ লাখৰো অধিক শৰণাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে৷ ইপিনে ৰাষ্ট্ৰসংঘই এই তথ্য প্ৰকাশ কৰাৰ কিছু সময়ৰ পাছতে ইজৰাইলে পুনৰ ধাৰাবাহিক বিমান আক্ৰমণ চলায়৷ এই ঘটনাত এঘণ্টাৰ ভিতৰতে   ৫০ জনৰো অধিক পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হয়৷ তদুপৰি বিভিন্ন ঠাইত ঘৰ চূৰমাৰ হোৱাৰ লগতে ধবংসস্তুপৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ বাতৰি পোৱা গৈছে৷ ইয়াৰ মাজতে মাৰ্কিন যুক্ত ৰাষ্ট্ৰক উদ্দেশ্যি কঠোৰ বাণী শুনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাদিমিৰ পুটিনে৷ পুটিনে কয়–আমেৰিকাই কিয় বিমান পৰিবাহী যুদ্ধ জাহাজ প্ৰেৰণ কৰিবলৈ লৈছে সেয়া বুজিব পৰা নাই৷ লেবাননত আমেৰিকাই বোমা বৰ্ষনৰ প্ৰস্তুতি আৰম্ভ কৰিছে নেকি সেই বিষয়েও পুটিনে প্ৰশ্ন উত্থাপন কৰিছে৷ তেওঁ আমেৰিকাৰ বিৰুদ্ধে অভিযোগ কৰি লগতে  উল্লেখ কৰে যে বাইডেনে যুদ্ধ বন্ধ কৰাৰ সলনি উত্তেজনা বৃদ্ধি কৰাৰ চেষ্টা কৰা দেখা গৈছে৷ উল্লেখ্য যে বুধবাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই ইজৰাইলৈ অস্ত্ৰ পৰিবাহী বিমান প্ৰেৰণ কৰে৷ একেদৰে আজি যুদ্ধ অব্যাহত থকা দেশখনত গৈ উপস্থিত হয় আমেৰিকাৰ বৈদেশিক সচিব এণ্টনী ব্লিংকেন৷ জানিব পৰা মতে হামাছৰ হাতত বন্দী হৈ থকা মাৰ্কিন নাগৰিকসকলক মুক্ত কৰাৰ উদ্দেশ্যে ব্লিংকেনৰ এই যাত্ৰা৷ অৱশ্যে পৰ্যবেক্ষক সকলে মাৰ্কিন বৈদেশিক সচিবজনৰ ইজৰাইল ভ্ৰমণৰ আঁৰত আন কোনো ‘বৃহৎ উদ্দেশ্য’ লুকাই থকা বুলিও সন্দেহ কৰিছে৷ ইয়াৰ মাজতে ইজৰাইলে গাজাত পুনৰ পদাতিক বাহিনীৰে আক্ৰমণৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ লেবানন সীমান্ততো আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে৷ শেহতীয়া বাতৰি মতে গাজাত বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ মাজতে ইজৰাইলে পুনৰ বোমা বৰ্ষণ আৰম্ভ কৰিছে৷ ক্ষুদ্ৰ চহৰখনৰ চৌদিশে এতিয়া মাথো মৃত্যু মিছিল৷ হাস্পতালে হাস্পতালে আহত লোকৰ ভিৰ৷ ইয়াৰ মাজতে বিদ্যুৎ সংযোগ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ ফলত ভেণ্টিলেছনত থকা ৰোগী তথা বোমা বৰ্ষণত আহত লোকসকলৰ মৃত্যু প্ৰায় নিশ্চিত হৈ পৰিছে৷ এনে পৰিস্থিতিত গাজাৰ একাধিক হাস্পতালৰ চিকিৎসাকৰ্মী তথা চিকিৎসকসকলৰ মুখত দেখিবলৈ পোৱা গৈছে অসহায় ভাব৷ উল্লেখ্য যে ইজৰাইলে ইন্ধন সৰবৰাহৰ অনুমতি দিয়াত অস্বীকাৰ কৰাৰ পাছতেই বুধবাৰে পেলেষ্টাইনৰ ভূখণ্ডত থকা একমাত্ৰ শক্তি প্ৰকল্পটোৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ ফলত ব্যহত হৈ পৰিছে বিদ্যুৎ সেৱা৷ সৃষ্টি হৈছে হাহাকাৰৰ৷ এফালে, বোমা বৰ্ষনৰ শব্দ আনফালে হাস্পতালে হাস্পতালে ৰোগী আৰু আহতসকলৰ মৰণকাতৰ আৰ্তনাদ৷

ইজৰাইলত আবদ্ধ শোণিতপুৰৰ বোৱাৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ যুদ্ধৰ বিভীষিকাই দাহ কৰা ইজৰাইলত এতিয়া চাইৰেণ বাজিলেই আতংকিত হৈ পৰে সৰ্বসাধাৰণ৷ লগে লগে তেওঁলোকে আশ্ৰয় ল’বলগীয়া হয় বাংকাৰৰ তলত৷ এনেদৰে নিজকে সুৰক্ষিত কৰিবলৈ চৰকাৰীভাৱেই নিৰ্দেশ দিয়া হৈছে সৰ্বসাধাৰণক৷ সম্প্ৰতি এনে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিত ইজৰাইলৰ তেলআভিভত আবদ্ধ হৈ আছে শোণিতপুৰৰ এগৰাকী বোৱাৰী৷ তেজপুৰৰ নিকটৱৰ্তী ঠেলামৰাৰ এইগৰাকী বোৱাৰীৰ নাম ভাৰতী শিৱকোটি৷ উল্লেখ্য, ঠেলামৰাৰ গৰুডুবা অঞ্চলৰ দৰ্পণ পৰাজুলিৰ পত্নী ভাৰতী শিৱকোটি৷ কৰ্মসূত্ৰে প্ৰায় তিনিবছৰে তেওঁ আছে ইজৰাইলত৷ এগৰাকী ধাত্ৰী হিচাপে ইজৰাইলৰ তেলআভিভত থকা এইগৰাকী বোৱাৰীয়ে যুদ্ধৰ সময়ত সঘনাই যোগাযোগ ৰক্ষা কৰি চলিছে ঠেলামৰাৰ ঘৰখনৰ সৈতে৷ দিছে তেওঁৰ কুশল-মংগলৰ বতৰাৰ লগতে তেলআভিভৰ সাম্প্ৰতিক পৰিস্থিতিৰ বতৰা৷ তেওঁ জনোৱা অনুসৰি, সম্প্ৰতি ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ যুদ্ধৰ বাবে ভাৰতী ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷ অৱশ্যে তেওঁ বাস কৰা অঞ্চলটো বৰ্তমানলৈকে সুৰক্ষিত হৈ আছে৷ প্ৰনিধানযোগ্য যে, তেলআভিভত আছে ১৮হাজাৰ ভাৰতীয়৷ অৱশ্যে সকলোৱেই এইপৰ্যন্ত সুৰক্ষিত বুলি জনাইছে ভাৰতীয়ে৷ আনহাতে, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সকলোধৰণৰ বিমান সেৱা বন্ধ হৈ থকাৰ ফলত ভাৰতী নিজ দেশলৈ তথা নিজৰ ঘৰখনলৈ উভতি অহাত সমস্যাৰ সন্মুখীন হৈছে৷ ইতিমধ্যে এইক্ষেত্ৰত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত আছে৷