Logo
image

২৪ ঘণ্টাত গাজাত ৫১জন পেলেষ্টাইনী নিহত

ৱাশ্বিংটন, ১৩ অক্টোবৰঃ হামাছৰ ভয়ংকৰ আক্ৰমণত ইজৰাইলত ৯০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ পাছতে এতিয়া ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ হামাছৰ সশস্ত্ৰ সদস্যই ইজৰাইলৰ কিবুটজকে ধৰি আন আন চহৰত প্ৰৱেশ কৰি নিৰীহ লোকক হত্যা কৰাৰ খবৰে এতিয়া সমগ্ৰ বিশ্বকে জোকাৰি গৈছে৷ কিবুটজকে ৪০টিৰো অধিক শিশুক শিৰশ্ছেদ কৰে হামাছে৷ বিছনাতে বহু শিশুক হত্যা কৰি আঁতৰি যায়৷ শিশুক শিৰশ্ছেদ কৰা ছবিবোৰ যে সঁচা আছিল, সেয়া প্ৰকাশ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি  জ’ বাইডেনে৷ বহু মহিলাক ধৰ্ষণ কৰে৷ হামাছৰ এই আক্ৰমণৰ সময়ত ইজৰাইলত থকা ২২জন আমেৰিকাৰ নাগৰিকো নিহত হয়৷ আমেৰিকাৰ বিদেশ বিভাগে বুধবাৰে এই কথা স্পষ্ট কৰে৷ গতিকে আমেৰিকাত শোকৰ ছাঁ পৰে৷ আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কিৰ্বিয়ে এই কথা প্ৰকাশ কৰে৷ আমেৰিকাৰ বিদেশমন্ত্ৰী এণ্টনী ব্লিনকেনে বৃহস্পতিবাৰে ইজৰাইলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ হামাছৰ এই ভয়ংকৰ হত্যালীলাৰ প্ৰতিশোধ ল’বলৈ ইজৰাইলে ৬ দিনে হামাছৰ ঘাটি গাজাত ভয়ংকৰ আক্ৰমণ অব্যাহত ৰখাৰ ফলত ৭০০ৰো অধিক লোকে প্ৰাণ হেৰুৱায়৷ তেওঁলোকৰ ভিতৰত কেইবাশ শিশু আৰু সাধাৰণ লোকো আছে৷  যোৱা ২৪ ঘণ্টাত গাজাত ইজৰাইলৰ আক্ৰমণত ৫১জন লোকে প্ৰাণ হেৰুৱায় আৰু ২৮১জন আহত হয়৷ হামাছৰ ভুলৰ বাবেই গাজাৰ সাধাৰণ লোকে এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ চকুৰ আগতে ভাগি পৰা বৃহৎ অট্টালিকাবোৰ দেখি গৃহহীন লোকৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে৷ গাজাত এতিয়া পানী, খাদ্য, চিকিৎসা, বিদ্যুতৰ ভয়ংকৰ নাটনি হৈছে৷