Logo
image

হামাছক প্ৰতিৰোধ কৰা বন্দুকধাৰী তৰুণী ইজৰাইলৰ নতুন নায়ক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৫ অক্টোবৰঃ শনিবাৰে পুৱা ৬.৩০ বজাত হঠাতে ছাইৰেন বাজি উঠিছিল আৰু বোমাৰ শব্দই ইজৰাইলৰ কিবুজৰ সৰু ছেটেলমেণ্ট নিৰ আমৰ বাসিন্দাৰ কাণত আঘাত কৰিছিল, তেতিয়া গাঁৱৰ সকলোৱেই ট্ৰেন্সত সোমাই পৰিবলৈ দৌৰ মাৰিছিল৷ কিন্তু গাঁওখনৰ ২৫ বছৰীয়া তৰুণী ইনবাৰ লিবাৰমেনৰ কাণত বিস্ফোৰণৰ শব্দকেইটা পৃথক যেন লাগিছিল৷ সেয়ে ইনবাৰ ট্ৰেন্সত সোমাবলৈ দৌৰ মৰাৰ পৰা থমকি ৰৈছিল আৰু মুহূৰ্তৰ ভিতৰতে অনুভৱ কৰিছিল এয়া সচৰাচৰ বোমাবৰ্ষণ নহয়, ই অনাকাংক্ষিত এক আক্ৰমণ৷ পেলেষ্টাইনৰ সীমান্তৰ ৫০০ মিটাৰ দূৰত্বত অৱস্থিত কিবুজ চহৰত তেতিয়া হামাছৰ ৰকেট বৰষুণৰ দৰে পৰিছিল আৰু সশস্ত্ৰ গাড়ী, তিনিচকাৰ বাইক লৈ ফেন্সিং ভাঙি হামাছৰ যোদ্ধা কিবুজলৈ সোমাই আহিছিল৷ দূৰৰ পৰা অস্বাভাৱিক যোদ্ধা দেখি ইনবাৰে বুজি পাইছিল সেয়া কেতিয়াও আইবিএফৰ সদস্য নহয়৷ ২৫ বছৰীয়া ইজৰাইলী সুন্দৰী ইনবাৰ লিবাৰমেনে ইজৰাইল ডিফেন্স ফৰ্চৰ (আইবিএফ) মতি-গতি ভালদৰেই বুজি পায়, কিয়নো দীৰ্ঘদিন ধৰি তেওঁ সেই সামৰিক বাহিনীৰ বেচৰকাৰী ‘ছিকিউৰিটি ক’অৰ্ডিনেটৰ’ হিচাপেই কৰ্মৰত৷ দায়িত্ব হৈছে, নিজৰ সৰু ছেটেলমেণ্ট অৰ্থাৎ গাঁওখনক সুৰক্ষা দিয়া৷ ইনবাৰে আগপিছ নাচাই ছেটেলমেণ্টৰ ‘কমিউনিটি আৰ্মচ চেণ্টাৰ’লৈ দৌৰ মাৰিলে আৰু তলাটো খুলি ১২ টা অত্যাধুনিক মাৰণাস্ত্ৰ সতীৰ্থ ১২ গৰাকী তৰুণীৰ হাতত তুলি দিলে৷ নিজেও এটা অটোমেটিক ৰাইফল লৈ সুৰক্ষিত স্থানত শুই পৰি অপেক্ষা কৰিলে শত্ৰুৰ আগমণলৈ৷ ইতিমধ্যে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাত ছেটেলমেণ্টৰ গেটখন বন্ধ হৈ গৈছিল৷ খন্তেক পাছতে এখন অস্ত্ৰসজ্জিত গাড়ীৰে সেই গেট ভাঙি প্ৰৱেশ কৰিলে এটা সশস্ত্ৰ হামাছৰ দলে৷ ইনবাৰ লিবাৰমেনে তেওঁলোকক স্বাগতম জনালে ধাতব সীহৰ গুলীৰে৷ একেলগে গৰজি উঠিল ইনবাৰৰ স্কোৱাডৰ আন ১২ গৰাকী তৰুণীৰ ৰাইফল৷ ধুমুহাত গছ পৰাৰ দৰে ইজনৰ পাছত সিজন হামাছ যোদ্ধা, শত্ৰুক নেদেখাকৈয়ে৷ ইনবাৰে অকলেই গুলীয়াই হত্যা কৰিলে পাঁচজনক৷ প্ৰথমটো দল এনেকৈ নিঃশেষ হোৱাত হামাছৰ দ্বিতীয় দলে আৰু সেই ছেটেলমেণ্টত প্ৰৱেশৰ চেষ্টা নকৰিলে৷ এতিয়া দেশৰ নায়িকাত পৰিণত হৈছে সুন্দৰী এনবাৰ, গাঁওবাসীক ৰক্ষা কৰি৷