Logo
image

‘ৰঘুপতি’ৰ পাছত এইবাৰ ‘বনৰজাৰ’ ৰূপত ৰবি শৰ্মা

সদায় ব্যতিক্ৰমী চিন্তা তথা ব্যয়বহুল প্ৰযোজনাৰে দৰ্শকৰ হৃদয়ৰ মণিকোঠাত এক বিশেষ স্থান দখল কৰি আহিছে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল হেঙুল থিয়েটাৰে৷ প্ৰযোজক-পৰিচালক সংকল্পজিৎ হাজৰিকা আৰু পংকজ হাজৰিকাৰ পৰিকল্পনাৰে চলিত নাট্যবৰ্ষত হাইতাল বুলোৱা হেঙুলৰ মঞ্চত দেখা গ’ল তিনি নাট্যকাৰৰ তিনিখনকৈ ভিন্ন ৰসৰ নাট৷ অভিজিত ভট্টাচাৰ্যৰ কলমেৰে পুনৰ ন-ৰূপত ‘চকু’, ৰাজদ্বীপৰ ‘বনৰজা’ আৰু প্ৰণৱ বৰুৱাৰ ‘আঁকৰী তই পগলা মই’৷ উজনি, মধ্য অসমৰ লগতে নামনি অসমতো তিনিওখন নাটকে দৰ্শকে সমভাৱে আকোঁৱালি লোৱা পৰিলক্ষিত হৈছে৷ বিশেষভাৱে চৰ্চা লাভ কৰিছে ৰাজদ্বীপৰ এক অনবদ্য সৃষ্টি তথা সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে বনৰজা কিয়নো নাটখনত দৰ্শকে তেওঁলোকৰ নয়নৰ মণি সুদৰ্শন নায়ক ৰবি শৰ্মাক বিচাৰি পাইছে তিনিটাকৈ পৃথক চৰিত্ৰত৷ সততে অভিনেতাগৰাকী দৰ্শকে দেখি থকা চৰিত্ৰ সমূহতকৈ পৃথকভাৱে উপস্থাপন কৰা হৈছে বনৰজা নাটখনত৷ এক সুন্দৰ নিপোতল কাহিনীৰে ৰচিত হৈছে বনৰজা৷ নাটখনৰ আৱহ সংগীত অৰূপজ্যোতি বৰুৱাৰ৷ নাম ভূমিকাত ৰবি শৰ্মাৰ অনবদ্য অভিনয়ৰ উপৰিও জনপ্ৰিয় শিল্পী মহেশ বৰা, দেৱাশ্ৰী দাস, নৱাগত হিমাংশু গগৈ, দেৱজিত বৰা, গৌতম ৰাজ, ননী দেৱী, হেলেনা আখটাৰ, ধ্ৰnৱজ্যোতি ঢেকিয়াল ফুকন, জয়ন্ত বৰ্মণ, পাৰ্থ বৰা, সূৰ্য বৰা আদিৰ অভিনয়ে সোণত সোৱগা চৰাইছে নাটখনত৷ এতিয়া সকলোৰে মুখে মুখে এটাই কথা সাৱধান, বনৰজা আহি আছে৷