Logo
image

গাজাত সহস্ৰাধিক শিশুৰ মৃত্যু

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ অক্টোবৰঃ ইজৰাইলে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত যোৱা ৯ দিনত ৯০০০টা বোমা নিক্ষেপ কৰিছে৷ যুদ্ধৰ প্ৰথম ছদিনত ইজৰাইলে গাজা অঞ্চলত ৬০০০টা বোমা বিমানৰ জৰিয়তে বিস্ফোৰণ ঘটোৱা বুলি দাবী কৰিছিল৷ আমেৰিকাই এই সম পৰিমাণৰ বোমা আফগানিস্তানত মুঠ এবছৰত বৰ্ষণ কৰিছিল৷ আফগানিস্তানৰ আয়তন গাজা ষ্ট্ৰিপৰ তুলনাত ১৮ গুণ ডাঙৰ৷ গাজা ট্ৰিপৰ মাটিকালি ৩৬৫ বৰ্গকিলোমিটাৰ হোৱাৰ বিপৰীতে আফগানিস্তানৰ মাটিকালি ৬৫২,৮৬০ বৰ্গকিলোমিটাৰ, য’ৰ বৃহৎ অংশ পাহাৰীয়া আৰু গাজা হৈছে এক মুক্ত আকাশৰ তলৰ সমতলভূমি৷ আফগানিস্তানত আমেৰিকাই ২০১০  চনত সৰ্বাধিক ৫৪১১ টা বোমা বৰ্ষণ কৰিছিল৷ আনহাতে ইজৰাইলে প্ৰথম ৬ দিনতে অৰ্থাৎ যোৱা শনিবাৰৰ পৰা বৃহস্পতিবাৰ পৰ্যন্ত গাজা অঞ্চলত বিস্ফোৰণ ঘটাইছে ৬০০০ টা শক্তিশালী বোমা, য’ৰ প্ৰথম তিনিদিনত বোমাৰ সৈতে সংলগ্ন কৰা হৈছিল মাৰাত্মকভাৱে জলন্ত অগ্নিপিণ্ড হোৱাইট ফছফৰাছ৷ হোৱাইট ফছফৰাছৰ বোমাত ৮০০ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাৰ সৃষ্টি হয়, যি মানৱদেহ দুৰৰে, কথা, লোহাও গলাই দিব পাৰে৷ ইয়াৰ পৰিণতিত যোৱা শুকুৰবাৰলৈকে গাজাত ৭২৪ টা শিশু আৰু ৪৫৮ গৰাকী মহিলাৰ মৃত্যু হৈছে৷ আজি দেওবাৰে যুদ্ধই নৱম দিনত ভৰি দিয়ালৈ নিহত শিশুৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিছে৷ এই পৰিসংখ্যা আগবঢ়াইছে পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰণালয়ে৷ বিমানেৰে পেলোৱা বোমাৰ বিস্ফোৰণত আহত হৈছে ৩০০০ ৰো অধিক শিশু আৰু ২৫০০ ৰো অধিক মহিলা৷ ইজৰাইলৰ যুদ্ধ বিমানে অসামৰিক অঞ্চলত বোমা বিস্ফোৰণ কৰাৰ ফলত আৰু বিস্ফোৰণত ধবংস হৈ পৰা আবাসস্থলৰ পৰা ততাতৈয়াকৈ  ওলাই আহিব নোৱাৰাৰ ফলতে গাজাত বৃহৎ সংখ্যাত পেলেষ্টাইনী শিশু আৰু মহিলাৰ মৃত্যু হৈছে৷ ইজৰাইলৰ বোমা বৰ্ষণত বিগত ৯ দিনত গাজাত ৬৪২৮৩টা আবাসস্থল, ৯০খন শিক্ষানুষ্ঠান, ১৯ খন চিকিৎসালয় আৰু ২০খন এম্বুলেন্স ধবংসস্তুপত পৰিণত হৈছে৷ বিস্ফোৰণৰ ফলত কেৱল উত্তৰ গাজাতে ১০,২৩০০০ লোক গৃহহীন হৈছে আৰু ২৭০৩৭৪  জনে ৰাষ্ট্ৰসংঘই স্থাপন কৰা আশ্ৰয় শিৱিৰত আশ্ৰয় লৈছে৷ ৰাষ্ট্ৰসংঘৰ তথ্য মতে পেলেষ্টাইনৰ ১০ লক্ষাধিক বাসিন্দা এসপ্তাহতে গৃহহীন হৈছে৷ 

ইপিনে ইৰানে আকস্মিকভাৱে ইজৰাইল আক্ৰমণ কৰাৰ আশংকাত দেওবাৰে আমেৰিকাই ভূমধ্য সাগৰত থকা তেওঁলোকৰ দ্বিতীয়খন পাৰমাণৱিক অস্ত্ৰৰে শক্তিশালী এয়াৰ ফৰ্চ কেৰিয়াৰ যুদ্ধ জাহাজ ইউএছএছ আইজেনহাৱাৰক গাজাৰ কাষলৈ প্ৰেৰণ কৰিছে৷ ইতিপূৰ্বে আমেৰিকাই যোৱা দেওবাৰে তেওঁলোকৰ সৰ্ববৃহৎ ৰণতৰী, পাৰমাণৱিক অস্ত্ৰ পৰিবাহী ইউএছএছ ফৰ্ডক সম্পূৰ্ণ ষ্ট্ৰাইক গ্ৰুপসহ গাজাৰ কাৰলৈ পঠিয়াইছিল৷ ইউএছএছ ফৰ্ডৰ ষ্ট্ৰাইক গ্ৰুপত এয়াৰ ফৰ্চ কেৰিয়াৰ বিশ্বৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ ফৰ্ডৰ উপৰি আছে ডেষ্ট্ৰয়াৰ, ফ্ৰিগেট, ছাবমেৰিনসহ মুঠ ১২ খন সৰু-বৰ যুদ্ধৰ জাহাজ৷ উল্লেখ্য, দেওবাৰে ইৰানে পুনৰ ইজৰাইলক সকিয়াই যুদ্ধৰ হুংকাৰ দিছে৷ ইৰানৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুলাহিয়ানে দেওবাৰে ইজৰাইলক ক্ষান্ত হ’বলৈ পুনৰ আহ্বান জনাইছে আৰু অন্যথা আন এক সীমান্তত যুদ্ধৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিছে৷ ইজৰাইলৰ আশংকা, ইৰানে ছিৰিয়াৰ পৰা ইজৰাইলক আক্ৰমণ কৰিব পাৰে৷ ফলত ইজৰাইল পূৰ্ব সীমান্ততো আক্ৰমণৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে৷ ইজৰাইলৰ দাবী, ইৰানে ইতিমধ্যে ছিৰিয়ালৈ অস্ত্ৰ আৰু সেনা প্ৰেৰণৰ প্ৰয়াস চলাইছে৷  সেই আশংকাত ইজৰাইলে শনিবাৰে ছিৰিয়াৰ এলেপ্পো বিমানবন্দৰ বোমা বিস্ফোৰনেৰে অকামিলা কৰি দিছে৷ এনে পৰিস্থিতিত আমেৰিকাই দুখনকৈ অতি শক্তিশালী এয়াৰ ফৰ্চ কেৰিয়াৰেৰে ইজৰাইলক ভূমধ্যসাগৰৰ দিশৰ পৰা সুৰক্ষা প্ৰদানৰ চেষ্টা চাইছে৷ মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰী  লয়ড অষ্টিনে কৈছে–‘ ইজৰাইলৰ সুৰক্ষাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি লৌহবন্ধনৰ দৰে৷ সেইবাবেই ৱাশ্বিংটনে গাজাৰ কাষলৈ দুখন পৰমাণু অস্ত্ৰবাহী যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে, যাতে কোনেও ইজৰাইলক আক্ৰমণ কৰিবলৈ সাহ কৰিব নোৱাৰে৷’ নাম উচ্ছাৰণ নকৰিলেও ইৰানৰ ইজৰাইল আক্ৰমণৰ আশংকাতে যে জো বাইডেন চৰকাৰে দুখনকৈ বৃহৎ যুদ্ধ জাহাজেৰে ইজৰাইলক ভূমধ্য সাগৰৰ পৰা পহৰা দিছে, সেয়া লয়ড অষ্টিনৰ বক্তব্যত প্ৰকাশ পাইছে৷

ইপিনে ইমানদিনে এই যুদ্ধ সম্পৰ্কত কোনো মন্তব্য নকৰা চীনে দেওবাৰে কৈছে, ইজৰাইলৰ আত্মৰক্ষাৰ প্ৰচেষ্টাই এতিয়া সীমা অতিক্ৰম কৰিছে৷ এতিয়া ইজৰাইলে পৰিস্থিতি আৰু প্ৰতিক্ৰিয়া বুজি নিজকে ক্ষান্ত কৰা প্ৰয়োজন৷ যুদ্ধৰ নৱম দিনত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ে কৰা এই মন্তব্যই আগ্ৰাসী ইজৰাইলক স্থলভাগেৰে সামগ্ৰিক আক্ৰমণৰ ঠিক পূৰ্বে স্তম্ভিত কৰাৰ লগতে আমেৰিকাকো চিন্তিত কৰি তুলিছে৷