Logo
image

এই কেইটা লক্ষণে দেখা দিলেই জানিব শৰীৰত বাঢ়িছে টক্সিন

আমাৰ অসম বিশেষঃ আধুনিক পৃথিৱীত দিনে দিনে মানুহৰ খাদ্যাভাস¸ সলনি হৈছে৷ একেদৰে মানুহৰ জীৱন-ধাৰণৰ ব্যাকৰণো সলনি হৈছে অস্বাভাৱিকভাৱে৷ খোৱা-লোৱাৰ সময় কোনো নিৰ্দিষ্ট নোহোৱাৰ বাবে মানুহে বিভিন্ন ধৰণৰ ৰোগত ভুগিব লগাত পৰে৷ বিশেষকৈ ফাষ্টফুড আধুনিক জীৱনৰ বাবে একপ্ৰকাৰ সহজলভ্য হৈ পৰিছে৷ খাদ্যৰ বিভিন্ন তাৰতম্যৰ বাবে মেদবহুলতা, ওজন বৃদ্ধি-হ্ৰাস আদিৰ দৰে সমস্যা সৃষ্টি হোৱাৰ লগতে শৰীৰত টক্সিনৰ পৰিমাণ বৃদ্ধি পায়৷ টক্সিন হ’ল একপ্ৰকাৰ শৰীৰত সৃষ্টি হোৱা বিষ৷ আজিকালি বিশুদ্ধ আৰু স্বাস্থ্যসন্মত খাদ্য দুৰ্লভ হৈ পৰিছে৷ খাদ্যত ৰাসায়নিক সাৰ সংমিশ্ৰণ হোৱাৰ ফলত মানুহে ক’ব নোৱাৰাকৈয়ে টক্সিন কঢ়িয়াই  লৈ ফুৰে৷ সুস্থ হৈ থকাৰ বাবে শৰীৰক বিষমুক্ত কৰাৰ প্ৰয়োজন৷ শৰীৰত টক্সিনৰ পৰিমাণ বৃদ্ধি হ’লে কেইটামান উপসৰ্গই দেখা দিয়ে৷ এই উপসৰ্গই দেখা দিয়াৰ পাছতে প্ৰয়োজনীয় ব্যৱস্থা নল’লে শাৰীৰিক অৱস্থা কাহিল হৈ পৰিব পাৰে৷ লক্ষণ কেইটা হ’ল– 

ক্লান্তি অনুভৱঃ বেছিকৈ ভাগৰুৱা যেন অনুভৱ হৈ থাকিলে জানিব আপোনাৰ শৰীৰত টক্সিনৰ পৰিমাণ বৃদ্ধি পাইছে৷ টক্সিনে শৰীৰক অলস কৰি তোলে৷ এই টক্সিন যেতিয়া পৰিপাক নলীৰ যোগেদি সঞ্চিত হয় তেতিয়াই দেহ-মন ভাগৰুৱা হৈ পৰে৷ 

একেৰাহে মূৰৰ বিষঃ শৰীৰত টক্সিনৰ পৰিমাণ বৃদ্ধি পালে একেৰাহে মূৰৰ বিষত ভুগিব পাৰে৷ টক্সিনৰ পৰিমাণ বৃদ্ধি পালে স্নায়ুকোষত প্ৰভাৱ পৰে৷ ইয়াৰ ফলত মূৰৰ বিষত আপুনি ভাৰাক্ৰান্ত হ’ব পাৰে৷

দেহৰ উষ্ণতাঃ টক্সিনৰ পৰিমাণ বৃদ্ধি পালে শৰীৰৰ উষ্ণতা বৃদ্ধি পাব পাৰে৷ 

সঘনাই নাক বন্ধ হোৱাঃ যিহেতু আমাৰ চৌপাশৰ বায়ুমণ্ডলত টক্সিনৰ উপস্থিতি মাত্ৰাধিক৷ যাৰ বাবে উশাহ-নিশাহ লওঁতে কষ্ট হ’ব পাৰে আৰু কেতিয়াবা নাকৰ ফুটা বন্ধ হ’ব পাৰে আৰু বমি বমি ভাৱ হ’ব পাৰে৷ এনে লক্ষণে দেখা দিলেও শৰীৰত টক্সিনৰ পৰিমাণ বৃদ্ধি পাব পাৰে৷

অতিৰিক্ত মেদঃ মেদবহুলতা টক্সিন বৃদ্ধিৰ অন্যতম কাৰণ হ’ব পাৰে৷ অতিৰিক্ত মদ্যপান, ধুমপানৰ অভ্যাসে শৰীৰত টক্সিন বৃদ্ধি কৰে৷ সেয়ে শৰীৰক টক্সিনমুক্ত কৰি ৰখাৰ বাবে এনে অভ্যাস বৰ্জন কৰা উচিত৷ এই কেইটা লক্ষণে দেখা দিলেই শৰীৰত টক্সিনৰ তাৰতম্য ঘটিছে বুলি ধাৰণা কৰিব পাৰি৷ চিকিৎসকৰ পৰামৰ্শ লৈ শৰীৰত টক্সিনমুক্ত কৰি ৰাখিব পাৰি৷