Logo
image

ইজৰাইলৰ পক্ষত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনঃ যুদ্ধৰ মাজতে ইজৰাইলত উপস্থিত হৈ বাইডেনে ক'লে, "গাজাৰ চিকিৎসালয়ত আক্ৰমণত ইজৰাইল জড়িত নহয়"

ডিজিটেল ডেস্কঃ গাজাৰ অল অহলি চিকিৎসালয়ত হোৱা আক্ৰমণত ইজৰাইলৰ হাত নাই৷ আন কোনো সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা সংঘটিত কৰা হৈছে এই আক্ৰমণ৷ যুদ্ধ বিধ্বস্ত ইজৰাইলত বুধবাৰে উপস্থিত হৈ এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ৷

ইজৰাইল-হামাছৰ যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই যুদ্ধত এই পৰ্যন্ত সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছে। মঙলবাৰে নিশা গাজাৰ অল-অহলি চিকিৎসালয়ত ভয়ংকৰ এয়াৰষ্ট্ৰাইক চলোৱা হয়৷ এই আক্ৰমণত কমেও ৫০০ লোকৰ মৃত্যু হোৱা বুলি হামাছৰ স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে। এই আক্ৰমণৰ বাবে  হামাছে ইজৰালক দোষাৰূপ কৰাৰ বিপৰীতে ইজৰাইলে পেলেষ্টাইনৰ ইছলামিক সংগঠন ইছলামিক জিহাদে এই আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰিছে৷ উল্লেখ্য যে এই ভয়ংকৰ আক্ৰমণৰ পিছত বহু লোক এতিয়াও চিকিৎসালয়খনৰ ধ্বংসস্তুপৰ তলতেই আৱদ্ধ হৈ আছে ৷

ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাগ ল'ব লগীয়া জৰ্ডানৰ ৰাজধানী অম্মানত আয়োজন কৰা সন্মিলন বাতিল কৰা হৈছে। এই আক্ৰমণৰ বাবে  হামাছে ইজৰাইলক দোষাৰূপ কৰিছে যদিও ৰাষ্ট্ৰপতি  জো বাইডেনে এই আক্ৰমণত ইজৰাইল কোনো প্ৰকাৰে জড়িত নহয়াশ বুলি ইজৰাইলৰ পক্ষত থিয় দিছে৷