Logo
image

খেতি-বাতি শিকিবলৈ বিদেশলৈ ওলাইছে ৰাজ্যৰ ৩জন মন্ত্ৰী, ২৪ বিধায়ক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ অক্টোবৰঃ কৃষিমন্ত্ৰী অতুল বৰাৰ নেতৃত্বত খেতি-বাতি শিকিবলৈ বিদেশলৈ যাবলৈ ওলাইছে ৰাজ্যৰ দুই ডজনৰো অধিক মন্ত্ৰী-বিধায়ক৷ ভিয়েটনামলৈ যাবলগীয়া এই দলটোত আছে তিনিজন মন্ত্ৰী, ১৪জন বিধায়ক, কৃষি বিভাগৰ ৬জন বিষয়া আৰু ১১জন কৃষক৷ চলিত মাহৰ ২৭ অক্টোবৰত ৪৪জনীয়া এই বৃহৎ দলটো ভিয়েটনাম অভিমুখে ৰাওনা হোৱাৰ কথা৷ ১ নৱেম্বৰত তেওঁলোক ভিয়েটনামৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ সম্ভাৱনা আছে৷ এই প্ৰস্তাৱিত বিদেশ ভ্ৰমণৰ ফাইল বৰ্তমান চূড়ান্ত অনুমোদনৰ বাবে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ টেবুলত আছে৷ ৰাজ্য চৰকাৰৰ এক সূত্ৰৰ মতে ভিয়েটনামলৈ যাবলগীয়া দলটোৱে চাউল উৎপাদনৰ শেহতীয়া প্ৰযুক্তি সন্দৰ্ভত অধ্যয়ন কৰিব৷ অসমত চাউলৰ উৎপাদন কিদৰে বৃদ্ধি কৰিব পাৰি সেই সন্দৰ্ভত ধাৰণা ল’বলৈ কৃষক, মন্ত্ৰী, বিষয়া আৰু বিধায়কৰ এই বিদেশ ভ্ৰমণৰ মূল লক্ষ্য আৰু উদ্দেশ্য৷ আন্তৰ্জাতিক চাউল গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত মন্ত্ৰী-বিধায়কসকলে অধিক উৎপাদন ক্ষম, ৰোগ প্ৰতিৰোধী বিবিধ চাউলৰ উৎপাদন আৰু ভিন ভিন পৰিৱেশত চাউল উৎপাদনৰ প্ৰযুক্তি সন্দৰ্ভত অধ্যয়ন কৰিব৷ চাউল সন্দৰ্ভত অধ্যয়ন কৰিবলৈ তিনিজনকৈ মন্ত্ৰী আৰু ২৪জনকৈ বিধায়ক ভিয়েটনামলৈ ভ্ৰমণত যাবলৈ ওলোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ ৰাজকোষৰ ধন ব্যয় কৰি খেতিয়কৰ পৰিৱৰ্তে মন্ত্ৰী-বিধায়কসকল বিদেশ ভ্ৰমণলৈ ওলোৱা কাৰ্যক ৰহস্যৰ সৃষ্টি কৰিছে৷ মন্ত্ৰী-বিধায়কসকল ৰাজ্যৰ কৃষিখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত কিদৰে অহিৰণা যোগাব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে৷