Logo
image

টাইম্‌ছ স্কোৱেৰত পাপনৰ বিহু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ অক্টোবৰঃ অসম চৰকাৰে ১০০ কোটি টকা ব্যয়েৰে বিহু নৃত্যক গীনিজ ৱল্ডৰ্ ৰেকৰ্ডত স্থান দিয়াৰ সময়তে নিউয়ৰ্কৰ প্ৰসিদ্ধ টাইমছ স্কোৱেৰত অসম সন্তান সংগীত শিল্পী অংগৰাগ পাপন মহন্তই উজ্বলাই তুলিলে অসমীয়া প্ৰাণ বিহুক৷ কেৱল বিশ্ব মনোৰঞ্জনৰ প্ৰাণকেন্দ্ৰ নিউয়ৰ্কৰ টাইমছ স্কোৱেৰতে পাপনৰ বিহু বাজি উঠাই নহয়, অসমীয়াৰ বিহুক এতিয়া সুদূৰ আফ্ৰিকালৈ শিপা মেলি দিলে৷ অসম সন্তান পাপনে এইবাৰ ‘ইবাচি’ শীৰ্ষক এটা বিহু গীতত আফ্ৰিকাৰ সংগীতৰ ফিউজন কৰি ‘এফ্ৰ’ বিহু হিচাপে সংগীতপ্ৰেমীক অনন্য সোৱাদ দিছে৷ পোন প্ৰথমবাৰৰ বাবে নিউয়ৰ্কৰ টাইমছ স্কোৱেৰত পাপন আৰু নাইজেৰিয়ান গায়িকা নিনিওলাই পৰিৱেশন কৰা বিহুৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছতেই বিশ্বজুৰি এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ বিগত ২৫ অক্টোবৰত মুক্তিলাভ কৰা এই  ‘লালৈ’ শীৰ্ষক বিহু আধাৰিত ফিউজন অংগৰাগ পাপন মহন্তৰ সৈতে একেলগে অসমীয়া ভাষাতে গীতটি পৰিবেশন কৰিছে আফ্ৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী নিনিওলাই৷ পেছাগতভাৱে নিনিওলা নামেৰে পৰিচিত নিনিওলা আপাটা এগৰাকী নাইজেৰিয়ান গায়িকা আৰু গীতিকাৰ৷ বৈচিত্ৰ্যময় সংগীতত কণ্ঠ নিগৰোৱাৰ লগতে স্বতন্ত্ৰ ট্ৰেকৰ বাবে পৰিচিত প্ৰখ্যাত সংগীত সুৰকাৰ যুটি ছেলিম আৰু চুলেমানৰ এলবাম ‘ভূমি ২০২৩’ত দক্ষিণ আফ্ৰিকাৰ শিল্পীগৰাকীৰ সৈতে গীতটি পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই৷ অংগৰাগ পাপন মহন্তৰ সৈতে বিহুগীতটিৰ ভিডিঅ’ত আফ্ৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী নিনিওলাৰ লগতে একেলগে বিহু নাচিছে কেইবাগৰাকীও নৃত্যশিল্পীয়ে৷ এই ভিডিঅ’ এতিয়া সমাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ এই সন্দৰ্ভত সমাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি অংগৰাগ পাপন মহন্তই লিখিছে এইদৰে– ‘নমস্কাৰ বিশ্ববাসী৷ মোৰ এটা শৈশৱৰ সপোন সঁচা হ’ব!সদায় অনুভৱ কৰিছিলোঁ যে আফ্ৰিকাই বিহুক লগ পোৱা উচিত! যি এতিয়া বাস্তৱ হ’বলৈ গৈ আছে৷’  ইফালে সামাজিক মাধ্যমত নাইজেৰিয়ান গায়িকা নিনিওলাই শৈশৱৰ এটা সপোন এটা পূৰণ হোৱা বুলি উল্লেখ কৰি ভাৰতীয় ভাষাত গীত পৰিৱেশন কৰা বুলিও মনৰ অনুভূতি ব্যক্ত কৰিছে৷ অসমীয়া কৃষ্টি-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ হেতুকে পাপনৰ নিৰালস্য প্ৰয়াসক এতিয়া আদৰণী জনাইছে সকলোৱে৷ ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এই ভিডিঅ’টো সামাজিক মাধ্যমযোগে পোষ্ট কৰি অংগৰাগ পাপন মহন্তক অভিনন্দন জনোৱাৰ লগতেই উল্লেখ কৰিছে– ‘সুদূৰ আমেৰিকাৰ নিউয়ৰ্কত বিহু বিনন্দীয়া! এক অতুলনীয় আৰু অভূতপূৰ্ব দৃশ্য৷ অসম গৌৰৱ আৰু আমাৰ সকলোৰে মৰমৰ শিল্পী অংগৰাগ পাপন মহন্তই আফ্ৰিকাৰ এগৰাকী জনপ্ৰিয় শিল্পীৰ সৈতে গোৱা এটি বিহু আধাৰিত ফিউজন গীত এইদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হোৱাটো অসমৰ লগতে ভাৰতীয় লোক-সংস্কৃতিৰ বাবে গৌৰৱৰ বিষয়৷ অভিনন্দন পাপন৷’ পাপনৰ এই প্ৰচেষ্টাই প্ৰথম নহয়৷ পূৰ্বেও বহুবাৰ পাপনে বিশ্ব দৰবাৰত বিহুক প্ৰতিষ্ঠা কৰাৰ অৰ্থে বহু প্ৰচেষ্টা হাতত লৈছে৷ পাপনে কেৱল বিহুক ৰাষ্ট্ৰীয় স্বীকৃতি দিয়াই নহয়, আন্তৰ্জাতিক মঞ্চত বিহুক বিখ্যাত কৰাৰ বাবেও অহৰহ চেষ্টা কৰি আহিছে৷ ইয়াৰ পূৰ্বে ক’ক ষ্টুডিঅ’ত পাপনে পৰিবেশন কৰা অসমীয়া টোকাৰী গীতটোৱেও ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে, জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই কেৱল অসমীয়া গীতেই নহয়, হিন্দী, বাংলা, তামিল, মাৰাঠী আদি ভাষাতো ইতিমধ্যে কণ্ঠদান কৰিছে৷