Logo
image

'কা', 'ৰাঘৱ' আৰু যতীন বৰা

ডিজিটেল ডেস্কঃ অসমীয়া ছবি জগতত বাণিজ্যিকভাৱে সফল ছুপাৰহিট ছবি 'ৰত্নাকৰ'ৰ পিছত এইবাৰ জে বি প্ৰডাকচনৰ দ্বিতীয়খন ছবি 'ৰাঘৱ'-এ ২৭ অক্টোবৰ শুকুৰবাৰে চিত্ৰগৃহত মুক্তি লাভ কৰে। ৰত্নাকৰৰ ব্যাপক সফলতাৰ দুবছৰৰ পাছত যতীন বৰাই নতুন প্ৰয়াসৰে নিৰ্মাণ কৰিছে ‘ৰাঘৱ’। ছবিখনৰ কাহিনী অভিজিৎ ভট্টাচাৰ্যৰ। দক্ষিণৰ কলা-কুশলীৰ সহযোগত এইবাৰ যতীন বৰাই ৰোমাঞ্চৰ লগতে একচনৰ সমাহাৰ ঘটাইছে ‘ৰাঘৱ’ত। যাৰ বাবে ছ'চিয়েল মিডিয়াত সকলোৱে ছবিখনক দক্ষিণৰ ছবিৰ সৈতে তুলনা কৰাও দেখিবলৈ পোৱা গৈছে। অসম, মেঘালয়ৰ বিভিন্ন মনোমোহা ঠাইৰ উপৰিও হায়দৰাবাদৰ ৰামজী ফিল্ম ষ্টুডিঅ’, কাশ্মীৰ, লাডাখত ছবিখনৰ চিত্ৰ গ্ৰহণ কৰা হৈছে। মুঠৰ ওপৰত অসমীয়া চলচ্চিত্ৰ জগতৰ এখন ব্যয়বহুল ছবি বুলিব পাৰি ‘ৰাঘৱ’ক।

২০১৯ চনৰ অক্টোবৰ মাহত ছবিগৃহলৈ আহিছিল যতীন বৰাৰ ছবি 'ৰত্নাকাৰ'।  হিল দ'ল ভাঙি দৰ্শকৰ সোঁত বৈছিল ছবিগৃহলৈ। সেইসময়ত প্ৰত্যকৰে মুখে মুখে কেৱল ৰত্নাকৰৰ নাম। মিছন চাইনা, কাঞ্চনজংঘাৰ পিছত সগৌৰৱেৰে ছবিগৃহত চলিছিল যতীন বৰাৰ ‘ৰত্নাকৰ’। এখন বাণিজ্যিকভাৱে সফল ছবি ৰূপে প্ৰতিফলিত হৈছিল 'ৰত্নাকৰ'। পূৰ্বৰ সকলো অসমীয়া ছবিৰ অভিলেখ ভংগ কৰিছিল 'ৰত্নাকাৰ'-এ। সকলোৰে মুখে মুখে উচ্চাৰিত হৈছিল- দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম৷ ৰত্নাকৰৰ প্ৰথম দিনাৰ উপাৰ্জন আছিল ৪২লাখ টকা।

'ৰত্নাকৰ'ৰ দৰে 'ৰাঘৰ'ক দৰ্শকৰ মাজলৈ নিবলৈ দিনে-নিশাই প্ৰচাৰ চলাইছিল যতীন বৰাই৷ স্কুল, কলেজ, সামাজিক অনুষ্ঠানত আদি সকলোতে 'ৰাঘৱ'ৰ ব্যাপক প্ৰচাৰ চলাইছিল যতীন বৰাই৷ চলচ্চিত্ৰখনৰ মুক্তিৰ পূৰ্বে গুৱাহাটীত 'ৰাঘৱ'ক লৈ ৰেলী বাহিৰ কৰিছিল৷ মুঠতে ক'বলৈ গ'লে 'ৰাঘৱ'ৰ প্ৰচাৰত কোনো খুঁত এৰা নাছিল টীম 'ৰাঘৱ'-এ৷ কিন্তু তাৰ পিছতো এটা প্ৰশ্ন বাৰে বাৰে উত্থাপন হৈছে যে ‘ৰত্নাকৰ’ক যিদৰে অসমৰ ৰাইজে আদৰি লৈছিল, ঠিক সেইদৰে ‘ৰাঘৱ’কো আদৰি ল’ব নে? 

'ৰাঘৱ' চোৱা-নোচোৱা বিতৰ্কক লৈ দুটা পক্ষৰ সৃষ্টি হৈছে৷ এটা পক্ষই স্পষ্টভাৱে কৈছে 'ৰাঘৱ' চাব আৰু আনটো পক্ষই কৈছে যে যতীন বৰাৰ ছবি কোনো কাৰণতে নাচায়৷ ইয়াৰ কাৰণটো হৈছে 'কা' আন্দোলন৷ কিয়নো 'কা' আন্দোলন আৰু 'কা' আন্দোলনত যতীন বৰাৰ স্থিতি পাহৰিব পৰা নাই সেইসকল লোকে৷ অসম কঁপোৱা ‘কা’ আন্দোলনৰ সময়ত যতীন বৰাই দুটা ভিন্ন স্থিতি গ্ৰহণ কৰিছিল। প্ৰথম অৱস্থাত যতীন বৰাই ‘কা’ৰ বিৰোধিতা কৰি পৰৱৰ্তী সময়ত বিপৰীত স্থিতিৰে সমৰ্থন কৰিছিল বিতৰ্কিত আইনখন। যতীন বৰাই 'কা' আন্দোলনৰ সময়ত অসমীয়াক দিয়া এই টুকুৰা ঘা আজিও যেন পাহৰিব পৰা নাই সেইসকল লোকে। এইটো কাৰণতে হয়তো যতীন বৰাৰ নতুন ছবি 'ৰাঘৱ' তুলনামূলকভাৱে একাংশৰ কাৰণে গৌণ হৈ পৰিছে। ছ'চিয়েল মিডিয়াত বহু লোকে এই সন্দৰ্ভত নেতিবাচক মন্তব্যৰে একপ্ৰকাৰে যতীন বৰা আৰু 'ৰাঘৱ'ক বয়কট কৰিছে। নায়ক হৈ থকা শিল্পীজন যেন এতিয়া বহুতৰ বাবে খলনায়ক হৈ পৰিছে।

কিন্তু ইয়াৰ বিপৰীতে আন একাংশৰ যুক্তি- শিল্পী আৰু অসমীয় ছবিৰ ক্ষেত্ৰত 'কা' আন্দোলনৰ গুৰুত্ব থাকিব নোৱাৰে৷ ৰাজনৈতিকভাৱে যতীন বৰাৰ স্থিতি যিয়েই নহওক কিয়, অভিনেতা হিচাপে তেওঁক আৰু তেওঁ কৰা অসমীয়া ছবিক আদৰি ল'ব৷ 'কা' আন্দোলন আৰু অসমীয়া ছবিক একাকাৰ কৰিব নিবিচাৰে সেইসকল লোকে৷

শেহতীয়াকৈ আৰু এটা নতুন বিতৰ্কত সোমাই পৰিছিল যতীন বৰা। সেয়া হৈছে শিক্ষানুষ্ঠানত ছবিৰ প্ৰচাৰ৷  অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অভিনেতা যতীন বৰাৰ লগতে টীম ৰাঘৱে ছবিখনৰ ব্যাপক প্ৰচাৰ চলাইছিল। য’ত তেওঁলোকে অসমৰ বিভিন্ন ঠাইৰ স্কুল, কলেজ, বিশ্ববিদ্যালয়ত প্ৰচাৰ চলাইছিল। যাৰ বাবে একাংশই প্ৰশ্ন কৰিছিল- শিক্ষানুষ্ঠানত চিনেমাৰ প্ৰচাৰ চলোৱাটো কিমান যুক্তিসংগত?

অতবোৰ বিতৰ্কৰ মাজতে শুকুৰবাৰৰ পৰা ছবিগৃহত চলিছে 'ৰাঘৱ'৷ দেশৰ প্ৰায় ২০০ টা ছবি গৃহত মুক্তি লাভ কৰিছে 'ৰাঘৱ'৷ ক'ভিডৰ পাছত ৰবি শৰ্মাৰ ‘ৰঘুপতি’য়ে দৰ্শকৰ মন জিনিবলৈ সক্ষম হৈছিল৷ অসমীয়া চিনেমাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ব্যৱসায়ৰ ক্ষেত্ৰত ব্যাপক সফলতা লাভ কৰিছিল 'ৰঘুপতি'-এ। এতিয়া ৰাঘৱে এই ধাৰা অক্ষুন্ন ৰাখিব পাৰিব নে নাই তাক লৈ চলচ্চিত্ৰ প্ৰেমী, ছবি সমালোচকৰ দৃষ্টি নিবদ্ধ হৈ থাকিব৷ আনহাতে টীম ৰাঘৱে জনোৱা মতে, প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰিছে ৩০ লক্ষাধিক টকা৷