Logo
image

‘তেজছ’ চাবলৈ আহক দৰ্শকক কংগনাৰ আকূতি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ অক্টোবৰঃ বলীউডৰ ‘কুইন’ সদায় আক্ৰমণৰ পক্ষপাতী৷ শত্ৰুক তেওঁ চিৰদিন আক্ৰমণেই কৰি আহিছে৷ আনকি এই দছেৰাত, যোৱা মঙলবাৰেও তেওঁ হাতত ধনু লৈ ৰাৱণৰ শৰীৰত জ্বলন্ত তীৰ নিক্ষেপ কৰি নিজৰ আক্ৰমণাত্মক ৰূপ প্ৰদৰ্শন কৰিছিল৷ পিছে বলীউডৰ সেই ‘কুইন’ অৰ্থাৎ কংগনা ৰাণাৱতে অৱশেষত আক্ৰমণ পৰিহাৰ কৰি আত্মসমৰ্পণ কৰিছে৷ আত্মসমৰ্পণ কৰিছে নিজৰ সদ্য মুক্তিপ্ৰাপ্ত ‘তেজছ’ৰ বাবে৷ মুক্তিৰ দিনাই বক্স অফিচত মুখথেকেছা খাই পৰা ‘তেজছ’ চাবলৈ কংগনা ৰাণাৱতে দৰ্শকক হাতজোৰ কৰি আহ্বান জনাইছে৷ কিয়নো মুক্তিৰ দিন ধৰি বিগত তিনিদিনত কংগনাৰ ‘তেজছ’ তেনেই তেজহীন৷ অতদিনে বলীউড আৰু দেশৰ ৰাজনীতিৰ অলিন্দতো দপদপাই ঘোঁৰা চেকুৰাই থকা ‘কুইন’ এতিয়া বীৰাংগণা ‘মণিকৰ্ণিকা’ও নহয়,‘তেজছ’ৰ যুদ্ধবিমানৰ সাহসী পাইলটো নহয়, যেন কাষৰ পৰিয়ালৰ সহজ-সৰল ছোৱালীজনীহে, যি তেজহীন হৈ পৰা ‘তেজছ’ৰ প্ৰাণসঞ্চাৰৰ বাবে হাতযোৰ কৰি দৰ্শকক আকূতি কৰিছে– ‘তেজছ’ চাবলৈ আহক, ক’ভিডত কঁকাল ভাগি যোৱা বলীউডৰ উদ্যোগক বচাওক৷ কংগনা এতিয়া সঁচাই ‘কুইন’ নহয়৷

বিজেপি ঘনিষ্ঠ কংগনাৰ শেষতম ছবি ‘তেজছে’ যোৱা শুকুৰবাৰে মুক্তিৰ দিনা ১.২৫ কোটি সংগ্ৰহ কৰোতেই বক্স অফিচৰ ছবি পৰিষ্কাৰ হৈ পৰিছিল৷ দ্বিতীয় দিনাও সমান সংগ্ৰহত ‘তেজছ’ৰ ভৱিষ্যৎ নিশ্চিত হৈ পৰিল৷ আজি দেওবাৰে চূড়ান্ত হৈ পৰিল–‘তেজছ’ ফ্লপ৷ কংগনাৰ শেহতীয়া ‘থালাইভি’, ‘মণিকৰ্ণিকা’ আৰু ‘পংগা’ৰ দৰেই ‘তেজছো’ বক্স অফিচত মুখথেকেছা খাই পৰিল৷ ‘তেজছ’ৰ ভৱিষ্যৎ নিজ চকুৰে দেখা কংগনাই উপায়হীন হৈ এইবাৰ দৰ্শকক এটা ভিডিঅ’ বাৰ্তাত কংগনাৰ আকূতি– ‘ক’ভিডৰ আগৰ পৰাই প্ৰেক্ষাগৃহত দৰ্শকৰ ভিৰ কমি আহিছিল৷ অতিমাৰীৰ সময়ত তাকো নোহোৱা হৈছিল৷ আনকি বিনামূল্যে টিকট বিক্ৰী কৰি কত প্ৰেক্ষাগৃহ বন্ধ হৈ গ’ল৷ দৰ্শকসকলক অনুৰোধ কৰিছো যাতে তেওঁলোকে প্ৰেক্ষাগৃহলৈ আহি ছবিখন উপভোগ কৰে৷ নহ’লে প্ৰেক্ষাগৃহবোৰ এটাৰ পাছত এটাকৈ বন্ধ হৈ যাব৷ ‘উৰি’, ‘দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’, ‘মেৰীকম’ৰ দৰে ছবি যাৰ ভাল লাগিছে, তেওঁলোকে ‘তেজছো’ ভাল পাব৷ ৯৯ শতাংশ ছবিক দৰ্শকে সুযোগেই নিদিয়ে৷’ 

কংগনাই ‘তেজছ’ এখন ভাল ছবি বুলি দাবী কৰি দৰ্শক প্ৰেক্ষাগৃহলৈ নহাৰ বাবে একপ্ৰকাৰ দৰ্শককে দোষাৰোপ কৰাত ছ’চিয়েল মিডিয়াৰ নেটিজেনে তেওঁক সঠিক উত্তৰ দিছে৷ তেওঁলোকে কৈছে, ছবি ভাল হ’লেই প্ৰেক্ষাগৃহলৈ দৰ্শক আহিব৷ নেটিজেনে নিজৰ বক্তব্যৰ সমৰ্থনত ‘পাঠান’ আৰু ‘জৱান’ৰ ছুপাৰ-ডুপাৰ হিট হোৱাৰ উদাহৰণো দিছে৷ কংগনাক নেটিজেনৰ উপদেশ, প্ৰথমে তেওঁ ভাল ছবি বনাওক, তাৰ পাছত দৰ্শকক ছবি চাবলৈ আহ্বান জনাওক৷ ছবি ভাল হ’লে অৱশ্যে আহ্বান নজনালেও দৰ্শক ছবিঘৰলৈ আহিব বুলি নেটিজেনে মন্তব্য কৰিছে৷ এসময়ত ইখনৰ পাছত হিট ছবি দি থকা কংগনাৰ ‘তেজছ’ কিয় ফ্লপ হ’ল সেয়া একপ্ৰকাৰ গৱেষণাৰ বিষয় বুলিও অনেকেই মন্তব্য কৰিছে৷ কংগনা ৰাণাৱতৰ ছবি ফ্লপ হোৱাৰ সূচনা ঘটিছিল ২০১৯ চনৰ ‘ধকড়’ ছবিৰ পৰা৷ তাৰ পাছত ‘তেজছ’ পৰ্যন্ত উপৰ্যুপৰি কংগনাৰ পাঁচখন ছবি ফ্লপ৷ পৰিস্থিতি এনেকুৱা হৈছে, ইন্দিৰা গান্ধীক বিকৃতভাৱে দেখুৱাই বিজেপিক অহা সাধাৰণ নিৰ্বাচনত সহায় কৰিবলৈ নিজৰ টকাৰে বনোৱা ছবি ‘ইমাৰ্জেন্সি’ৰ মুক্তিৰ দিন কংগনাই বাৰে বাৰে পিছুৱাবলগীয়া হৈছে৷ অহা ২৪ নৱেম্বৰত ‘ইমাৰ্জেন্সি’ৰ মুক্তিৰ দিন ঠিৰাং কৰা হৈছিল যদিও কংগনাই সেই দিন অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাইছে৷ যি উদ্দেশ্যত তেওঁ এই ছবিখন নিৰ্মাণ কৰিছিল, হয়তো শেষত সেই উদ্দেশ্যত সফল নহ’বও পাৰে৷ পৰিস্থিতি কংগনাৰ ইমানেই প্ৰতিকূল যে তেওঁ  ইন্দিৰা গান্ধীক বিকৃতভাৱে চৰিত্ৰায়ণ কৰি বিজেপিক নিৰ্বাচনৰ পূৰ্বে সহায় কৰিবলৈ চেষ্টা চলালে ‘তেজছ’ৰ দৰে সমুলঞ্চে টকা ডুবিব বুলি আশংকাৰ সৃষ্টি হৈছে৷ এই মুহূৰ্তত কংগনাৰ যেনেতেনে বিপদৰ পৰা উদ্ধাৰ পোৱাই লক্ষ্য৷

বলীউডত তেনেই অকলশৰীয়া কংগনা ৰাণাৱত৷ বলীউডৰ প্ৰত্যেকেই কংগনাৰ শত্ৰু৷ তাতকৈ কংগনাৰ ঘনিষ্ঠ লোক আছে বিজেপিত৷ পিছে কংগনাৰ ‘তেজছ’ ‘কাশ্মীৰ ফাইলছ’ৰ দৰে ছবিও নহয়, যে বিজেপিৰ কোনো শীৰ্ষনেতা অথবা প্ৰধানমন্ত্ৰী মোদীয়ে ‘তেজছ’ চাবলৈ দেশবাসীক অনুৰোধ কৰিব৷ কংগনাই যোৱা কেইবামাহো ধৰি ‘তেজছ’ৰ প্ৰচাৰ চলাইছিল৷ পিছে সেই সকলো প্ৰচাৰ পানীত পৰিল৷ বিভিন্ন সমালোচকৰ মতে বিজেপিৰ সৈতে অধিক ঘনিষ্ঠতাই কাল হৈছে কংগনাৰ৷ ছবিতকৈও অধিক তেওঁ বিজেপি চৰকাৰৰ কাম-কাজৰ প্ৰশংসাত মগ্ন থাকে৷ আনকি কেইদিনমান পূৰ্বে তেওঁ ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰি তেওঁৰ সমৰ্থন ইজৰাইলৰ প্ৰতি থকা বুলি মুকলিকৈ কৈ আহিছিল৷ ভাৰতত যিদৰে হিন্দুসকলক এসময়ত গণহত্যা কৰা হৈছিল সেইদৰে ইহুদীকো গণহত্যা কৰা বুলি তেওঁ ৰাষ্ট্ৰদূতৰ আগত মন্তব্যও কৰি আহিছিল৷ সম্প্ৰতি বিভিন্ন কাৰণত বিজেপি চৰকাৰৰ প্ৰতি দেশৰ অধিকাংশ জনগণ বিতুষ্ট৷ সেই বিজেপি চৰকাৰক অহৰ্নিশে সমৰ্থন বেকত কৰি থকা কংগনাৰ কাৰ্যত দেশৰ ছবিৰ দৰ্শক অতিষ্ঠ৷ আনহাতে ছবি সমালোচকৰ মতে কংগনাৰ ‘তেজছ’ না কমেডি, না ছিৰিয়াছ ছবি৷ সমালোচকে এই ছবিক কোন শ্ৰেণীত ধৰিব সেই লৈ বিভ্ৰান্ত৷ একাংশ সমালোচকৰ মতে কংগনাৰ ‘তেজছ’ বলীউডত নিৰ্মিত– গৰীবৰ টপ গান, হলীউডৰ নহয়৷