Logo
image

বিশ্বকাপত পাকিস্তানৰ ধাৰাবাহিক পৰাজয়ঃ মুখ্য নিৰ্বাচনক ইনজামাম-উল হকৰ পদত্যাগ

ডিজিটেল ডেস্কঃচলিত বিশ্বকাপত ইখনৰ পিছত সিখন মেচত পৰাজয়ৰ সন্মুখীন হ'বলগা হৈছে বাবৰ বাহিনী৷ বিশ্বকাপত পাকিস্তানৰ শোচনীয় প্ৰদৰ্শনৰ বাবে পাকিস্তান ক্ৰিকেট ব'ৰ্ডত অস্থিৰতাই দেখা দিছে৷ বিশ্বকাপৰ সমান্তৰালভাৱে পাকিস্তান ক্ৰিকেটত চলিছে দোষাৰূপৰ খেল৷ ইয়াৰ মাজতে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ মুখ্য নিৰ্বাচক ইনজামাম-উল হকে পদত্যাগৰ ঘোষণা কৰিছে৷ ইনজামামৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হৈছে৷ একাংশ খেলুৱৈল লাভান্বিত কৰাৰ স্বাৰ্থত দলত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে মুখ্য নিৰ্বাচকজনৰ বিৰুদ্ধে৷

এই সকলো অভিযোগৰ মাজতে ইনজামামে মুখ্য নিৰ্বাচক পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লয়। ভাৰতত অনুষ্ঠিত হৈ থকা এদিনীয়া বিশ্বকাপ ২০২৩ত পাকিস্তান দলটো অতি দুৰ্বল ছন্দত দেখা গৈছে। বাবৰ আজমৰ অধিনায়কত্বত পাকিস্তান দলটোৱে বিশ্বকাপৰ ৬ খন মেচ ৪ খনতে পৰাজয়ৰ সন্মুখীন হৈছে৷

বিশ্বকাপত পাকিস্তানৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে দলটোৰ সকলো প্ৰাক্তন খেলুৱৈয়ে অধিনায়ক বাবৰ আজমকো তীব্ৰ সমালোচনা কৰা দেখা গৈছে৷ বহু প্ৰাক্তন খেলুৱৈয়ে পাকিস্তানৰ দলটোক ভাৰসাম্যহীন দল বুলি কোৱা দেখা গৈছে। বিশ্বকাপ আৰম্ভণিৰ পূৰ্বে বহুকেইজন পাকিস্তানী ক্ৰিকেট বিশেষজ্ঞ আৰু প্ৰাক্তন খেলুৱৈয়ে বিশ্বকাপৰ বাবে বাবৰৰ পৰিৱৰ্তে  আন খেলুৱৈক অধিনায়কৰ দায়িত্ব দিয়াৰো পৰামৰ্শ দিছিল৷ উল্লেখ্য যে বাবৰ বৰ্তমান তিনিওটা ফৰ্মেটত অধিনায়কৰ দায়িত্বত আছে।