Logo
image

গুলীয়াই নিধন কৰিব ১৬ হাজাৰ ঘোঁৰাঃ কিয় এই সিদ্ধান্ত ল'লে চৰকাৰে?

ডিজিটেল ডেস্কঃ এটা, দুটা নহয়, ১৬ হাজাৰ বনৰীয়া ঘোঁৰা গুলীয়াই নিধন কৰিব৷ হেলিকপ্টাৰেৰে বনৰীয়া ঘোঁৰাৰ ওপৰত হ'ব গুলীবৰ্ষণ৷ পৰিৱেশ ভাৰসাম্য ৰক্ষা তথা বনৰীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে ১৬ হাজাৰ ঘোঁৰাক মৃত্যুৰ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছ চৰকাৰে৷

দক্ষিণ-পূব অষ্ট্ৰেলিয়াৰ ক'ছচিউস্কো ৰাষ্ট্ৰীয় উদ্যানত ব্যাপক হাৰত বৃদ্ধি পাইছে বনৰীয়া ঘোঁৰাৰ সংখ্যা৷ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰায় ১৯ হাজাৰ বনৰীয়া ঘোঁৰা আছে, যাক 'ব্ৰুম্বিচ' বুলি জনা যায়। নিউ ছাউথ ৱেলছ ৰাজ্যত ২০২৭ চনৰ মধ্যভাগলৈ বনৰীয়া ঘোঁৰাৰ সংখ্যা ৩ হাজাৰলৈ লৈ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। যাৰ বাবে ঘোঁৰা নিধনৰ আদেশত চৰকাৰৰ লগতে উদ্যান কৰ্তৃপক্ষই সন্মতি দিছে৷

বনৰীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাস কৰিবলৈ উদ্যানৰ কৰ্তৃপক্ষই ইতিমধ্যে ঘোঁৰা নিধন বা আন ঠাইলৈ স্থানান্তৰ কৰাৰ আশ্ৰয় লৈছে৷ কিন্তু নিউ ছাউথ ৱেলছৰ পৰিৱেশ মন্ত্ৰী পেনি শ্বাৰ্পে কয় যে বনৰীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাস কৰিবলৈ লোৱা এই পদক্ষেপ পৰ্যাপ্ত নহয়। মন্ত্ৰীজনে লগতে কয় যে সমগ্ৰ পৰিৱেশ তন্ত্ৰ বৃহৎ সংখ্যক বনৰীয়া ঘোঁৰাৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হৈছে৷ দ্ৰুতগতিত বৃদ্ধি পোৱা ঘোঁৰাৰ সংখ্যা নিয়ন্ত্ৰণৰ বাবে নিধন কৰিব লাগিব। বিগত ২০ বছৰত বনৰীয়া ঘোঁৰাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত জলপথ চূৰ্ণ-বিচূৰ্ণ কৰাৰ লগতে স্থানীয় জন্তুৰ বাসস্থান ক্ষতিগ্ৰস্ত কৰিছে।

যোৱা বছৰত এনএছডব্লিউ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত বনৰীয়া ঘোঁৰাৰ জনসংখ্যা ১৮,৮১৪ টা আছিল৷ ইয়াৰ দুবছৰৰ পূৰ্বে উদ্যানখনত ঘোঁৰাৰ সংখ্যা আছিল ১৪,৩৮০টা৷ উল্লেখ্য যে ২০১৬ চনলৈকে উদ্যানখনত মাত্ৰ ৬ হাজাৰ বনৰীয়া ঘোঁৰা আছিল৷ উদ্যানখনত বনৰীয়া ঘোঁৰাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে পৰিৱেশ বিশেষজ্ঞসকলে দাবী কৰিছে যে যদি শক্তিশালী ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে পৰৱৰ্তী দশকত ইয়াৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি পাব৷

বনৰীয়া ঘোঁৰাই জলপথ আৰু জোপোহা গছবোৰ নষ্ট কৰে। ই স্থানীয় বন্যপ্ৰাণীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, যাৰ ভিতৰত আছে ভেকুলী, নিগনি আৰু বিৰল আলপাইন অৰ্কিড। এন.এছ.ডব্লিউ. চৰকাৰে বনৰীয়া ঘোঁৰাৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ গ্ৰাউণ্ড শ্বুটিং, ট্ৰেপিং আৰু ৰিহোমিঙৰ ওপৰত নিৰ্ভৰ কৰে যদিও ইয়াক নিয়ন্ত্ৰণৰ বাবে এয়া এতিয়া পৰ্যাপ্ত নহয়। যাৰ বাবে এনএছডব্লিউৰ পৰিৱেশ মন্ত্ৰী পেনি শ্বাৰ্পে আগষ্টত এয়াৰ শ্বুটিঙৰ প্ৰস্তাৱৰ ওপৰত ৰাজহুৱা পৰামৰ্শ আৰম্ভ কৰিছিল আৰু ঘোষণা কৰিছিল যে ইয়াক বনৰীয়া ঘোঁৰাৰ উন্নত ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ কৰা হ'ব।